মৰিগাঁৱত বিদ্যুৎ চোৰৰ বিৰুদ্ধে অভিযান চৰাইবাহী বিদ্যুৎ উপ সংমণ্ডলৰ
নিয়মীয়া বাৰ্তা, ২৪ জুন: ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিমল বৰাৰ নিৰ্দেশৰ পিছতে তৎপৰ হৈ পৰিছে শক্তি বিভাগ৷ আজি মৰিগাঁও জিলাৰ চৰাইবাহী বিদ্যুত উপ সংমণ্ডলৰ অন্ত’গত কেবাটাও অঞ্চলত বিদ্যুত মাচুল অনাদায়ী কৰি দীৰ্ঘদিনৰ পৰা বিদ্যুত অবৈধ আৰু চোৰাং ভাৱে বিদ্যুত ব্যৱহাৰ কৰি অহা একাংশৰ ঘৰত আজি অভিযান চলাই বিদ্যুত বিভাগৰ বিষয়া কৰ্মচাৰীয়ে ৷
মৰিগাঁও জিলাৰ চৰাইবাহী বিদ্যুত উপ সংমণ্ডলৰ SDO অভিজিৎ চহৰীয়া আৰু FME ইফটিকাৰ হুছেইৰ নেতৃত্বত মিকিৰভেটা আৰক্ষীৰ সহযোগত বিদ্যুত চোৰৰ বিৰুদ্ধে চলোৱা অভিযানত সংমণ্ডলটোৰ অধীনত মিকিৰভেটা, চৰাইবাহী, কাছধৰা আদি গাঁৱৰ বহু গ্ৰাহকৰ ঘৰৰ পৰা চোৰাং বিদ্যুত ব্যৱহাৰ কৰি টি ভি, ৰিফ্ৰীজৰেটৰ, পানী মটৰ আদি চলাই থকা হাতেলোতৰ ধৰে আৰু বিভাগীয় নীতি অনুসৰি জব্দ কৰে এই বোৰ সামগ্ৰী জব্দ কৰে ৷
লগতে বহু গ্ৰাহকৰ অনাদায়ী হৈ থকা বিদ্যুত মাচুল নগত আদায় কৰে এই অভিযানতে ৷ SDO অভিজিৎ চহৰীয়াই গ্ৰাহক সকল বিদ্যুতৰ বাইপাছ চোৰ, দীৰ্ঘদিনীয়া মাচুল অনাদায়ী গ্ৰাহক সকলে যাতে চোৰাং কৈ বিদ্যুত ব্যৱহাৰ কৰি নাথাকে তাৰ বাবে সতৰ্কবাণী দিয়ে অন্যথা আইনী প্ৰক্ৰিয়াৰে ব্যৱস্থা লোৱা হব বুলি মন্তব্য কৰি বিদ্যুত চোৰাংকৈ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত স্থানীয় ৰাইজে বিভাগৰ সহযোগ কৰিবলৈ আহ্বান জনাই৷