নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ডার্থ… লাইক ইন পেণ্ডেমিক’লৈ শ্রেষ্ঠ পৰিচালকৰ বঁটা

নিয়মীয়া বাৰ্তা ২৫ জুনঃ কুলদীপ মেধিৰ দ্বাৰা পৰিচালিত ‘ডার্থ… লাইফ ইন পেণ্ডেমিক’ নামৰ অসমৰ চুটি ছবিখনে কোৰিয়াৰ এপোৰিয়া ইণ্টাৰনেচনেল ভিলেজ ফিল্ম ফেষ্টিভেলত ‘শ্রেষ্ঠ পৰিচালক’ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ তদুপৰি ভাৰতত অনুষ্ঠিত নাৱাডা ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত ‘শ্রেষ্ঠ জুৰী’ৰ বঁটা লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে৷ ‘ডার্থ… লাইফ ইন পেণ্ডেমিক’ৰ কাহিনী হৈছে এগৰাকী বিধৱাই লকডাডনৰ সময়ত ডদ্ভৱ হোৱা আর্থিক দুৰৱস্থাৰ সৈতে কেনেকৈ যুঁজ দি নিজৰ পৰিয়ালটোক সচ্ছলতাৰে চলাব পাৰে তাক লৈ৷

ইয়াত তিনিগৰাকী ভিন্ন বয়সৰ নাৰীৰ মানসিক অৱস্থা আৰু অভাৱৰ ওপৰত এই চুটি ছবিখন নির্মিত হৈছে৷ অসমীয়া ভাষাত নির্মিত এই চুটি ছবিখনৰ দৈর্ঘ্য প্রায় ৯ মিনিট ৫৮ ছেকেণ্ড৷ মুখ্য চৰিত্রত অভিনয় কৰিছে ভ্রান্তি মেধি আৰু আন দুই চৰিত্রত অভিনয় কৰিছে অভিনেত্রী ত্রিবেণী বৰা আৰু শিশুশিল্পী ফাল্গুনী ভৈৰৱীয়ে৷ ইতিমধ্যে কুলদীপ মেধিৰ এই চুটি ছবিখন দেশ–বিদেশৰ বিভিন্ন চলচ্চিত্র মহোৎসৱলৈ নির্বাচিত হৈ প্রদর্শিত হোৱাৰ লগতে পুৰস্কৃতও হৈছে৷ তাৰ ভিতৰত অন্যতম হ’ল আমেৰিকাৰ ‘ব্রিষ্টেল আন্তঃৰাষ্ট্রীয় ফিল্ম ফেষ্টিভেল (‘ব্রিষ্টেল চিনে ফেষ্ট–২০২১)’, তুর্কীৰ ‘গোল্ডেন ব্রিজ ইস্তানবুল শ্বর্ট ফিল্ম ফেষ্টিভেল–২০২১’, ভাৰতৰ ‘বেটিয়াহ আন্তঃৰাষ্ট্রীয় ফিল্ম ফেষ্টিভেল’ আৰু ‘এচপাইৰিং য়ুথ আন্তঃৰাষ্ট্রীয় শ্বর্ট ফিল্ম ফেষ্টিভেল’৷

You might also like