কণমানি শিশুক বলাৎকাৰ কৰি হত্যা কৰা ঘটনাৰ চৰজমিন তদন্তৰ বাবে ভূৰাগাঁৱত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা ২৫ জুনঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে মৰিগাঁও জিলাৰ ভূৰাগাঁৱত যোৱা ২০ জুনত ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ নাবালক ছোৱালীজনীৰ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰে।
মুখ্যমন্ত্ৰী শৰ্মাই ভুক্তভোগীৰ অভিভাৱকসকলক আশ্বাস দিয়ে যে অপৰাধীসকলক সোনকালেই গ্ৰেপ্তাৰ কৰা হ’ব আৰু কঠোৰ শাস্তি দিয়া হ’ব।
ড০ শৰ্মাই মৰিগাঁও আৰক্ষী অধীক্ষকক অপৰাধীসকলক যিমান সম্ভৱ সোনকালে ধৰিবলৈ আৰু দেশৰ আইন অনুসৰি তেওঁলোকক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।
সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে প্ৰতিগৰাকী ব্যক্তিৰ জীৱনেই মূল্যৱান৷
মৰিগাঁও জিলাৰ ভূৰাগাঁৱত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৯ বছৰীয়া কন্যা শিশু এগৰাকীৰ ক্ষেত্ৰত যি ঘটনা সংঘটিত হ’ল সেয়া সঁচাকৈয়ে দুৰ্ভাগ্যজনক৷
আজি মই কন্যাগৰাকীৰ পিতৃ-মাতৃক সাক্ষাৎ কৰোঁ আৰু এই ঘটনাৰ সৈতে জড়িত দুষ্কৃতিকাৰীক কোনোপধ্যে সাৰি যাব দিয়া নহ’ব বুলি আশ্বাস প্ৰদান কৰোঁ৷
আমি এনেধৰণৰ আতিশয্য কেতিয়াও সহ্য নকৰোঁ৷
এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়াৰ মই বুজ লওঁ৷ মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষকক তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰাৰ লগতে দুষ্কৃতিকাৰীক অতি সোনকালে কৰায়ত্ত কৰাৰ নিৰ্দেশ দিওঁ৷
পৰিয়ালটোৱে ক্ষীপ্ৰভাৱে ন্যায় পোৱা উচিত৷ মহিলাৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰা অপৰাধীৰ বিৰুদ্ধে এয়া এক দৃষ্টান্তমূলক শাস্তিৰ উদাহৰণ হওক৷
সাংসদ দিলীপ শইকীয়া, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু লাহৰীঘাটৰ বিধায়ক ড॰ আছিফ মহম্মদ নাগৰ মোৰ সৈতে উপস্থিত থাকে৷