বৈবাহিক জীৱন সুখী কৰিবলৈ পুৰুষে আজিয়েই এই দুবিধ ঘৰুৱা সাগ্ৰীৰ লগত বন্ধুত্ব কৰক…
নিয়মীয়া বাৰ্তা ২৫ জুনঃ যৌন সমস্যাৰ বাবে বিবাহিত পুৰুষৰ জীৱন কঠিন হ’ব পাৰে। ইয়াৰ ফলত তেওঁলোকৰ বৈবাহিক জীৱনত যথেষ্ট মানসিক চাপৰ সন্মুখীন হয়। কিন্তু আয়ুৰ্বেদিক, পুৰুষৰ যৌন শক্তি বৃদ্ধি কৰিবলৈ বহুতো সমাধান আছে। যি পুৰুষৰ যৌন জীৱনত পুনৰ আনন্দ দিব আৰু তেওঁলোকে এক সুখী বিবাহিত জীৱন যাপন কৰিবলৈ সক্ষম হ’ব। যৌন সমস্যাবোৰ দূৰ কৰিবলৈ পিঁয়াজ আৰু নহৰু এক উত্তম সাধন।
দেশৰ বিখ্যাত আয়ুৰ্বেদিক বিশেষজ্ঞ ড০ অৰবাৰ মুল্টানীৰ মতে বিবাহিত পুৰুষৰ বাবে পিঁয়াজ আৰু নহৰু বহুত লাভ দায়ক। ঘৰতে ইয়াক প্ৰস্তুত কৰিব পাৰি।
পিঁয়াজ আৰু নহৰু চাটনী ৰ বাবে সামগ্ৰীঃ
১ টা পিঁয়াজ, ২টা বিলাহী, ৫-৬টা নহৰু ফোটা, ২-৩ টা কেঁচা জলকীয়া, ১/২ টা চামুচ কলা নিমখ, সোৱাদ অনুসৰি নিমখ, ১ চামুচ জীৰা, ২টোপালমান নেমুৰ ৰস, ১/ ২ চামুচ চেনী।
কেনেদৰে প্ৰস্তুত কৰিবঃ প্ৰথমে পিঁয়াজ, বিলাহী, নহৰু ফোটা কেইটী অলপ ভাজি ল’ব লাগে। তাৰ পিছত মিক্সীত সকলোখিনি সামগ্ৰী গ্ৰাইণ্ড কৰিব লাগে। ভাত খোৱাৰ সময়ত এই চাটনী খাব লাগে।
ড০ অৰবাৰ মুল্টানীৰ মতে পিঁয়াজ সেৱন কৰিলে পুৰুষৰ কামভাৱৰ বৃদ্ধি হয়। আনহাতে নহৰুৱে পুৰুষৰ যৌন ক্ষমতা বৃদ্ধিৰ সহায়ক হোৱাৰ লগতে পুৰুষৰ নপুংসকতা দূৰ কৰে।