নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ পাঁচ বিশিষ্ট শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা

অসমৰ সাংস্কৃতিক জগতলৈ আহিছে এক গৌৰৱময় খবৰ। দেশৰ সৰ্বোচ্চ সাংস্কৃতিক প্ৰতিষ্ঠান সংগীত নাটক একাডেমীৰ ২০২৪ আৰু ২০২৫ বৰ্ষৰ বঁটাৰ বাবে অসমৰ মুঠ পাঁচগৰাকী বিশিষ্ট শিল্পী নিৰ্বাচিত হৈছে।

সংগীত নাটক একাডেমী বঁটা ২০২৪ৰ বাবে সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰত প্ৰেম ওজা বৰবায়ন আৰু কথক নৃত্যৰ ক্ষেত্ৰত বিপুল চন্দ্ৰ দাস নিৰ্বাচিত হৈছে। আনহাতে, সংগীত নাটক একাডেমী বঁটা ২০২৫ৰ বাবে অভিনয় শাখাত চেতনা দাস, সত্ৰীয়া নৃত্য শাখাত মল্লিকা কন্দলী আৰু ভাস্কৰ জ্যোতি ওজা নিৰ্বাচিত হৈছে।

এই সন্মানে অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য, শিল্পচৰ্চা আৰু সৃষ্টিশীল সাধনাৰ এক উজ্জ্বল স্বীকৃতি হিচাপে পৰিগণিত হৈছে। বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ নিষ্ঠাপূৰ্ণ সাধনা আৰু অৱদানে অসমীয়াৰ সংস্কৃতিক জাতীয় পৰ্যায়ত এক বিশেষ মৰ্যাদা প্ৰদান কৰিছে।

শিল্প আৰু সংস্কৃতিৰ জৰিয়তে সমাজ জীৱনক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত এই শিল্পীসকলৰ অৱদান সদায়েই প্ৰশংসনীয়। তেওঁলোকৰ এই সাফল্যে নতুন প্ৰজন্মক শিল্প-সংস্কৃতিৰ প্ৰতি অধিক আগ্ৰহী কৰি তোলাৰ লগতে সৃজনশীল সাধনাৰ পথত আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰিব বুলি সাংস্কৃতিক মহলে আশা প্ৰকাশ কৰিছে।

অসমৰ বাবে এই সন্মান নিঃসন্দেহে গৌৰৱৰ বিষয়, যিয়ে ৰাজ্যখনৰ সাংস্কৃতিক ঐশ্বৰ্যক পুনৰ এবাৰ দেশজুৰি উজ্জ্বল কৰি তুলিলে।

ডিজিটেল ডেস্ক, ১১ জুন

You might also like