Post Office Scheme: মাত্র ৫০ হাজাৰ টকা বিনিয়োগ কৰি ৩,৩০০ টকা পেনছন, জানক সৱিশেষ
লাভজনক আঁচনি (Investment)ত বিনিয়োগ কৰাৰ বিষয়ে সকলোৱে সন্দিহান। আপুনি সুৰক্ষা (Security)ৰ সৈতে বিনিয়োগ কৰি ম্যাদৰ শেষত উচ্চ ৰিটাৰ্ণ (High Return) প্ৰাপ্ত কৰিব বিচাৰে নেকি? তেনেহ’লে এই ডাকঘৰ সঞ্চয় আঁচনি (Post Office Scheme) আপোনাৰ বাবে উপযুক্ত।
ডাকঘৰৰ মাহিলী পেঞ্চন আঁচনিখনে প্ৰতি পূৰণত ১০০ বা ১০০০ টকা বিনিয়োগ কৰিব পাৰে। আপুনি সৰ্বাধিক ৪.৫ লাখ টকা বিনিয়োগ কৰিব পাৰে। নিম্নতম ১০০০ টকাৰ পৰা আৰম্ভ হয়।
এই স্কিমত মুঠ ৩ জন বিনিয়োগকাৰী লগ হৈ এটি জয়েন্ট একাউন্ট খুলিব পাৰিব। যদিও সেই ক্ষেত্রত ৩ জন মিলি সর্বোচ্চ ৯ লক্ষ টকা এই স্কিমত বিনিয়োগ কৰিব পাৰিব।
এই স্কিমত মাত্র ৫০ হাজাৰ টকা এককালীন বিনিয়োগ কৰি বছৰি ৩৩০০ টকা পেনছন পাব। পাঁচ বছৰত মুঠ ১৬ হাজাৰ ৫০০ টকা সুদ পাব।
উল্লেখ্য যে, বর্তমানে মাহিলী আয় স্কিমত (Monthly Income Savings) ৬.৬ শতাংশ হাৰে সুদ দিছে পোষ্ট অফিছে। তেন্তে এই স্কিমত চক্রবৃদ্ধি সুতৰ (Coumpund Interest) সলনি সৰল সুদ দেব পোষ্ট অফিছে।
অর্থাৎ, আপুনি যদি ১ লক্ষ টকা বিনিয়োগ কৰে তেন্তে প্রতি মাহে পেনছন পাব ৫৫০ টকা আৰু বছৰি ৬৬০০ টকা। পাঁচ বছৰে সুদ লাভ কৰিব ৩৩০০০ টকা। সর্বোচ্চ এমাউন্ট ৪.৫ লক্ষ টকা বিনিয়োগে মাহে ২,৪৭৫ টকা আৰু বছৰি ২৯ হাজাৰ ৭০০ টকা পেনছন পাব। এইক্ষেত্রত পাঁচ বছৰত সুদ পাব ১ লক্ষ ৪৮ হাজাৰ ৫০০ টকা।