৩ জিলাত ট’টেল কণ্টেইনমেণ্ট জ’ন
ক’ৰোনা প্রতিৰোধী কঠোৰ বাধা–নিষেধৰ পাছতো বিশ্বনাথ–মৰিগাঁও–গোৱালপাৰাত বৃদ্ধি সংক্রমণ
নিয়মীয়া বাৰ্তা ২৬ জুনঃ ক’ৰোনাৰ সংক্রমণ ক্রমাৎ বৃদ্ধিৰ পৰিপ্রেক্ষিতত তিনি জিলা ক্রমে বিশ্বনাথ, মৰিগাঁও, গোৱালপাৰা জিলাৰ লগতে গোলাঘাট জিলাৰ বোকাখাত মহকুমাক সম্পূর্ণ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে৷ অহা সোমবাৰৰ পৰা ৭ দিনৰ বাবে এই তিনি জিলা আৰু বোকাখাত মহকুমাত কঠোৰভাৱে পালন কৰা হ’ব সম্পূর্ণ কণ্টেইনমেণ্ট জ’নৰ নীতি–নিয়ম৷ ফলত জিলা তিনিখনৰ লগতে মহকুমাটোত কেৱল অত্যাৱশ্যকীয় সেৱাৰ যাতায়াতহে অব্যাহত থাকিব৷
শুকুৰবাৰে এখন সংবাদ মেলত নতুন এছ অ’ পিৰ নীতি–নিয়ম উল্লেখ কৰি এই কথা প্রকাশ কৰে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ অহা ২৮ জুনৰ পৰা চাৰি জিলাত প্রযোজ্য হ’ব লগা নতুন এছ অ’ পিৰ নীতি–নিয়ম কঠোৰভাৱে পালন কৰা হ’ব বুলি স্পষ্ট কৰিলে স্বাস্থ্যমন্ত্রীগৰাকীয়ে৷ ক’ভিড সংক্রমণৰ বিভিন্ন দিশৰ প্রতি লক্ষ্য ৰাখি প্রকাশ কৰা নতুন এছ অ’ পি সন্দর্ভত স্বাস্থ্যমন্ত্রীগৰাকীয়ে জনতা ভৱনত আয়োজিত এখন সংবাদ মেলত কয়– যোৱা সময়ছোৱাত স্বাস্থ্য বিভাগে ক’ৰোনা সংক্রমণ কোন কোন স্থানত অথবা কোন কোন জিলাত কিধৰণে বৃদ্ধি হৈছে অথবা কিমান হ্রাস হৈছে, সেই দিশসমূহ পর্যালোচনা কৰাৰ পাছত কিছু অঞ্চল চিনাক্ত কৰিছে৷ বিশেষভাৱে ১০জনৰ পৰা ৫০জনলৈ সংক্রমণ বৃদ্ধি হোৱা ২৪৭টা অঞ্চল চিনাক্ত কৰাৰ লগতে ৪,৫৮১খন ঠায়ো চিনাক্ত কৰা হৈছে৷ মুখ্যতঃ এই অঞ্চল অথবা ঠাইসমূহত যোৱা সময়ছোৱাত ক্রমাৎ সংক্রমণ বৃদ্ধি পাই আছে৷ হটস্পট ৰূপে চিনাক্ত হোৱা এই ঠাইসমূহৰ ওপৰত স্বাস্থ্য বিভাগ আৰু জিলা প্রশাসনে চোকা নজৰ ৰাখিব৷ এই ঠাইসমূহত অহা সাত দিনত সংক্রমণ বৃদ্ধি হ’লে স্বাস্থ্য বিভাগে সংক্রমণ প্রতিৰোধৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্রহণ কৰিব৷
আনহাতে, সোমবাৰৰ পৰা সাত দিনৰ বাবে বিশ্বনাথ, গোৱালপাৰা, মৰিগাঁও জিলাৰ লগতে গোলাঘাট জিলাৰ বোকাখাত মহকুমাক সম্পূর্ণ কণ্টেইনমেণ্ট জ’নৰ ভিতৰত ৰখা হ’ব৷ ইফালে গুৱাহাটীত সান্ধ্য আইনৰ সময় দুই বজাৰ পৰিৱর্তে চাৰি বজাৰ পৰা আৰম্ভ হ’ব আৰু দোকান–পোহাৰ বিয়লি তিনি বজালৈ খোলা ৰাখিব পাৰিব বুলিও আজি স্বাস্থ্যমন্ত্রীগৰাকীয়্ অৱগত কৰে৷ আন জিলাসমূহত পূর্বৰ দৰেই ১২ বজাৰ লগে লগে বন্ধ হ’ব দোকান–পোহাৰ আৰু এক বজাৰ পাছত সান্ধ্য আইন জাৰি হ’ব৷ আন্তঃজিলা যাতায়াতৰ প্রসংগত স্বাস্থ্যমন্ত্রীগৰাকীয়্ কয়– আন্তঃজিলা যাতায়াত ব্যৱস্থা পূর্বৰ দৰেই বন্ধ থাকিব৷ তদুপৰি এইক্ষেত্রত জিলা প্রশাসন আৰু আৰক্ষীক অধিক কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিয়া হৈছে৷
ৰাজ্যত চলি থকা বর্ধিত টিকাকৰণ অভিযানৰ প্রসংগত মন্ত্রীগৰাকীয়ে সংবাদ মেলত কয়– এক জুলাইৰ পৰা অসমে কেন্দ্রৰ পৰা লাভ কৰিব অধিক পৰিমাণৰ ভেকচিন৷ প্রতিদিনে ডেৰ লাখ ভেকচিন লাভ কৰাৰ সম্ভাৱনা আছে৷ এইক্ষেত্রত চৰকাৰে যিসকল লোকে এটাকৈ ভেকচিন লৈছে, তেওঁলোকে এক জুলাইৰ পৰা নিয়মিতভাৱে কার্যালয়লৈ আহিব পাৰিব৷ অৱশ্যে গর্ভৱতী মহিলা, পাঁচ বছৰ বয়সৰ তলৰ সন্তান থকা মাতৃ আৰু গুৰুতৰভাৱে অসুস্থ হৈ থকা লোকে ঘৰৰ পৰাই কার্যালয়ৰ কাম–কাজ চলাব পাৰিব৷ মন্ত্রীগৰাকীয়ে ইয়াকো জানিবলৈ দিয়ে যে যিসকলে ক’ৰোনাৰ দুই পালি ভেকচিন লৈছে, তেওঁলোকে বিমানবন্দৰত এতিয়াৰে পৰা ক’ভিড টেষ্ট কৰিব নালাগে৷ আনহাতে, ফ্রণ্ট লাইন ৱর্কাৰ যেনে– অংগনৱাড়ী কর্মী, সমাজ কল্যাণ বিভাগ তথা শিশুসকলৰ লগত জড়িত যিসকল কর্মচাৰী আছে, তেওঁলোকক শীঘ্রে ভেকচিন দিবলৈ জিলা উপায়ুক্তলৈ নির্দেশ দিয়া হৈছে আৰু এইক্ষেত্রত উপায়ুক্তসকলে ব্যৱস্থা গ্রহণ কৰিছে৷ আনহাতে, ভেকচিন নল’লে দৰমহা দিয়া নহ’ব বুলিও আজি মন্ত্রীগৰাকীয়ে স্পষ্ট কৰি দিয়ে৷
অসমত ধৰা পৰিছে ডেল্টা ভেৰিয়েণ্টৰ অৱস্থিতি
ডেল্টা ভেৰিয়েণ্টৰ সংক্রমণক লৈ সৃষ্টি হৈ থকা শংকাৰ মাজতে ৰাজ্যত ক’ৰোনাৰ এই ভয়ানক ভাইৰাছৰ অৱস্থিতি ধৰা পৰা বুলি আজি স্পষ্ট কৰিলে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ মন্ত্রীগৰাকীয়ে আজি কয়– ক’ৰোনাত আক্রান্ত হোৱা লোকসকলৰ নমুনা সংগ্রহ কৰি প্রতিমাহে ৩০০টা নমুনা কলকাতালৈ প্রেৰণ কৰা হয়৷ ৰাজ্যত থকা ১০টা আৰ টি পি চি আৰ লেবৰ পৰা মাহে ৩০০টাকৈ নমুনা যোৱা এপ্রিল আৰু মে’ মাহতো প্রেৰণ কৰা হৈছিল৷ এই নমুনাসমূহৰ ভিতৰত ৭৭ শতাংশতেই ডেল্টা ভেৰিয়েণ্টৰ অৱস্থিতি ধৰা পৰিছে৷ দৰাচলতে দেশলৈ অহা ক’ৰোনাৰ দ্বিতীয় ঢ়ৌত ডেল্টা ভেৰিয়েণ্টৰ অৱস্থিতি ধৰা পৰাটো নিশ্চিত হৈছে৷ অসমতো ইয়াৰ সংক্রমণ ঘটিছে যদিও মাত্র এজন লোকৰহে ইয়াৰ দ্বাৰা মৃত্যু হৈছে৷ বাকী আক্রান্ত হোৱা প্রতিজনে সুস্থ হৈ উঠিছে৷ অৱশ্যে স্বাস্থ্য বিভাগে ডেল্টা ভেৰিয়েণ্টৰ বিভিন্ন দিশসমূহ পৰীক্ষা কৰি আছে আৰু সম্ভাব্য সংক্রমণক লৈও পর্যালোচনা চলাই আছে৷
জিলা উপায়ুক্ত–আৰক্ষী অধীক্ষকৰে মুখ্যমন্ত্রীৰ ভিডিঅ’ কনফাৰেঞ্চ
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি ভিডি’ কনফাৰেঞ্চৰ জৰিয়তে ৰাজ্যখনত প্রতিখন জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে ক’ভিড পৰিস্থিতি আৰু টিকাকৰণ সন্দর্ভত বিভিন্ন দিশ পর্যালোচনা কৰে৷ ৰাজ্যখনৰ সাম্প্রতিক পৰিস্থিতিৰ বিতং পর্যালোচনা কৰি মুখ্যমন্ত্রীয়ে সংক্রমণৰ হাৰ বেছি থকা যিসমূহ অঞ্চলক মাইক্র’ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে, সেই অঞ্চলসমূহত কঠোৰভাৱে ক’ভিড বিধি বলৱৎ কৰিবলৈ জিলা উপায়ুক্তক নির্দেশ দিয়ে৷ তদুপৰি টিকাকৰণ কেন্দ্রসমূহত সামাজিক ব্যৱধান সুনিশ্চিত কৰাৰ নির্দেশ দিয়াৰ লগতে মুখ্যমন্ত্রীয়ে ফ্রণ্টলাইন কর্মীসকলক এশ শতাংশ টিকাকৰণৰ আওতাৰ ভিতৰলৈ অনাৰ বাবেও পদক্ষেপ ল’বলৈ জিলা উপায়ুক্তক নির্দেশ দিয়ে৷ এই ভিডি’ কনফাৰেঞ্চতে মুখ্যমন্ত্রীয়ে টিকা গ্রহণৰ পৰা বিৰত থকা অংগনৱাড়ী কর্মীসকলক মাহেকীয়া পাৰিতোষিকৰ ধন মোকলাই নিদিবলৈ আজি নির্দেশ দিয়ে৷ এই বৈঠকতে মুখ্যমন্ত্রীয়ে প্রতিখন জিলাৰ বাবে দায়িত্ব অর্পণ কৰা অভিভাৱক মন্ত্রী আৰু সচিবসকলৰ কাম–কাজ সুচল কৰি তোলাৰ সহায়ক হোৱাকৈ কেম্প অফিচ স্থাপনৰ বাবেও ব্যৱস্থা ল’বলৈ আজি নির্দেশ দিয়ে৷ আজিৰ বৈঠকত স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, মুখ্য সচিব জিষ্ণু বৰুৱা, মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিন্হা, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ প্রধান সচিব অবিনাশ যোশী, স্বাস্থ্য বিভাগৰ সচিব অনুৰাগ গোৱেলকে ধৰি কেইবাজনো শীর্ষ বিষয়া উপস্থিত থাকে৷