দশম–একাদশ–দ্বাদশ শ্রেণীৰ পৰীক্ষাৰ মূল্যায়নৰ ভিত্তিত হ’ব আৰ্হি
শিক্ষামন্ত্রীক প্রতিবেদন দাখিল উচ্চ ক্ষমতাসম্পন্ন কমিটীৰ
নিয়মীয়া বাৰ্তা ২৬ জুনঃ নির্ধাৰিত সময়ৰ ভিতৰত শুকুৰবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ মূল্যায়নৰ আর্হিৰ প্রতিবেদন শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুক দাখিল কৰে উচ্চ ক্ষমতাসম্পন্ন কমিটীয়ে৷ অধ্যাপক ড০ দীপক কুমাৰ শর্মাৰ অধ্যক্ষতাত গঠন কৰা ৯জনীয়া উচ্চস্তৰীয় কমিটীখনে জনতা ভৱনত শিক্ষামন্ত্রীক প্রতিবেদনখন দাখিল কৰে৷ ইফালে প্রতিবেদনখন দাখিলৰ পূর্বে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কার্যালয়ত কমিটীৰ অন্তিমখন বৈঠক অনুষ্ঠিত হয়৷ য’ত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ মূল্যায়নৰ আর্হি চূড়ান্ত কৰে কমিটীখনে৷ বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত কমিটীখনৰ অধ্যক্ষ ড০ দীপক কুমাৰ শর্মাই প্রকাশ কৰা
অনুসৰি দশম, একাদশ আৰু দ্বাদশ শ্রেণীৰ অনুষ্ঠিত বিভিন্ন পৰীক্ষাৰ নম্বৰৰ ভিত্তিত মূল্যায়ন হ’ব চূড়ান্ত পৰীক্ষাৰ ফলাফলত৷ অৱশ্যে কোনটো পৰীক্ষাৰ পৰা কিমান শতাংশ নম্বৰ যোগ দিয়া হ’ব, সেয়া সদৰী কৰাৰ পৰা বিৰত থাকে কমিটীখনৰ অধ্যক্ষগৰাকী৷ অৱশ্যে শিক্ষার্থীৰ উপযোগী হোৱাকৈ আর্হি প্রস্তুত কৰা হৈছে বুলি উল্লেখ কৰি ড০ শর্মাই কয়– ‘বিভিন্ন শিক্ষাবিদৰ পৰামর্শ আমি গ্রহণ কৰিছোঁ৷ উচ্চতৰ মাধ্যমিকৰ চাৰিটা শাখা আছে৷ কলা, বাণিজ্য, বিজ্ঞান আৰু বৃত্তিমুখী শাখাৰ বাবে সুকীয়া পৰামর্শ প্রদান কৰা হৈছে৷ বিগত বর্ষত অনুত্তীর্ণ শিক্ষার্থীসকলৰ বাবে সুকীয়া পৰামর্শ প্রদান কৰা হৈছে৷ দেশৰ ক’তো এইবাৰ পৰীক্ষা অনুষ্ঠিত হোৱা নাই৷
ৰাজ্যসমূহে যি পদ্ধতি অৱলম্বন কৰিছে, আমিও একেই পদ্ধতি গ্রহণ কৰিম৷’
আনহাতে, চি বি এছ ইৰ মডেল অনুসৰণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে চি বি এছ ইৰ আর্হি অনুসৰণ কৰিলেও ৰাজ্যৰ শিক্ষার্থীসকলৰ প্রতি লক্ষ্য ৰাখি মূল্যায়নৰ আর্হি প্রস্তুত কৰা হৈছে৷ কমিটীখনে নির্ধাৰণ কৰা মূল্যায়ন পদ্ধতিত অসন্তুষ্ট শিক্ষার্থীসকলৰ বাবে সুকীয়া পৰামর্শ আছে বুলি উল্লেখ কৰি তেওঁ কয়– ‘কিছুমান বিদ্যালয়–মহাবিদ্যাল্ প্রেক্টিকেলৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সক্ষম নহ’ল৷ এইক্ষেত্রত প্রেক্টিকেলৰ আভ্যন্তৰীণ দিশটো বিবেচনা কৰা হ’ব৷ মূল্যায়ন পদ্ধতিত শিক্ষক–শিক্ষয়িত্রীস প্রত্যক্ষ ভূমিকা আছে৷ শিক্ষার্থীসকলৰ বিভিন্ন কার্যকলাপৰ দিশটোও বিবেচনা কৰা হৈছে৷’ লক্ষণীয় যে শিক্ষামন্ত্রীয়ে উচ্চ–উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মূল্যায়নৰ বাবে গঠন কৰা সুকীয়া কমিটীয়ে ইতিমধ্যে প্রতিবেদন দাখিল কৰিছে৷ শিক্ষামন্ত্রীগৰাকীয়ে এই প্রতিবেদন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক প্রদান কৰিব৷ মুখ্যমন্ত্রীগৰাকীৰ অনুমোদনৰ পাছত অহা দুই–এদিনৰ ভিতৰত প্রতিবেদন ৰাজহুৱা কৰাৰ সম্ভাৱনা আছে৷