নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহিঃৰাজ্যৰ ২৪ যুৱকৰ নিযুক্তিক লৈ ৰঙিয়া সংমণ্ডলত উত্তপ্ত পৰিস্থিতি

উত্তৰ–পূব সীমান্ত ৰে’লৱেত পুনৰ থলুৱাবিৰোধী ষড়যন্ত্র

নিয়মীয়া বাৰ্তা ২৬ জুনঃ ৰঙিয়াত ৰে’ল বিভাগত থলুৱাক বঞ্চিত কৰি বহিঃৰাজ্যৰ ২৪জন যুৱকক নিযুক্তি দিয়াক লৈ তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ ৰে’ল বিভাগে থলুৱাক বঞ্চনা কৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আছু৷ মাণ্ডলিক কার্যালয়টোত যোগদান কৰিবলৈ অহা একাংশ বহিঃৰাজ্যৰ যুৱকক আছুৱে বাধা প্রদান কৰে৷ উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ অন্তর্গত ৰঙিয়া ৰে’ল সংমণ্ডলৰ অধীনত ২৪জনকৈ বহিঃৰাজ্যৰ যুৱকক নিযুক্তি দিয়া হৈছে৷ এই গোপন প্রক্রিয়া জানিব পাৰি সংমণ্ডলটোত আজি আছুৰ একাংশ নেতা–কর্মী উপস্থিত হয়৷ সংমণ্ডলটোত অসমবিৰোধী কার্যকলাপৰ বিৰুদ্ধে ক্ষুব্ধ হয় আছুৰ কর্মীসকল৷

জিলা ছাত্র সন্থাৰ উপদেষ্টা হেমন্ত দাসে কয় যে ৰঙিয়াকে ধৰি সমগ্র ৰাজ্যত মুঠ ১৮০টা পদত বহিঃৰাজ্যৰ যুৱকক নিযুক্তি দিয়া হৈছে৷ ইয়াৰ ভিতৰত ৰঙিয়াত ২৪, লামডিঙত ১১৫, তিনিচুকীয়াত ২৫জনক নিযুক্তি দিয়া হৈছে৷ ক’ৰোনা মহামাৰীৰ বাবে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ শিক্ষিত নিবনুৱা যুৱক–যুৱতীসকলে নিজৰ কাম হেৰুৱাই গভীৰ আর্থিক সংকটত ভুগি থকাৰ সময়তে ৰে’ল বিভাগত অসমবিৰোধী চক্র এটাই থলুৱাক বঞ্চিত কৰা কার্যক গৰিহণা দিয়ে৷

বাৰে বাৰে অসমবিৰোধী চক্র এটাই ৰে’ল বিভাগত এনে কার্য চলাই আহিছে৷ এইক্ষেত্রত অসম চৰকাৰক বিশেষ ব্যৱস্থা ল’বলৈ আহ্বান জনোৱাৰ লগতে অসমৰ সাংসদসকলক দিল্লীত মাত মাতিবলৈ আহ্বান জনায়৷ লগতে অসম তথা উত্তৰ–পূর্বাঞ্চলক লৈ এখন সুকীয়া নিয়োগ মণ্ডল গঠন কৰাৰ ক্ষেত্রত অসম চৰকাৰক কার্যকৰী ব্যৱস্থা ল’বলৈ আহ্বান জনায়৷ উক্ত কার্যসূচীত সাংস্কৃতিক সম্পাদক তৌফিকুৰ ৰহমান, আঞ্চলিক ছাত্র সন্থাৰ সম্পাদক মৃণ্ময় কুমাৰ ডেকা আদিৰ লগতে কেইগৰাকীমান নেতা–কর্মী উপস্থিত থাকে৷

You might also like