পুনৰ আৰম্ভ হ’ব এপিএছচি কেলেংকাৰিৰ তদন্ত
নিয়মীয়া বাৰ্তা ২৬ জুনঃ বক্রপথেৰে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীর্ণ হোৱা আৰু বহু বিষয়াৰ গ্রেপ্তাৰৰ পথ প্রশস্ত হৈ পৰিছে৷ তদন্তকাৰী আৰক্ষী বিষয়াই ফৰেনছিক পৰীক্ষাগাৰৰ পৰা উত্তৰবহীৰ বিসংগতি সন্দর্ভত লাভ কৰিছে আৰু বহু বিস্ফোৰক তথ্য৷ তাৰ ভিত্তিতেই তদন্ত প্রক্রিয়া পুনৰ মুকলি কৰিবলৈ বিশেষ ন্যায়াধীশৰ আদালতত আবেদন দাখিল কৰিছে আৰু ন্যায়ালয়ে আজি এই আবেদন মঞ্জুৰ কৰিছে৷ গ্রেপ্তাৰৰ সন্মুখীন হ’বলগীয়া আটাইকেইগৰাকী বিষয়াই ২০১৩ বর্ষৰ অসামৰিক আৰু সংলগ্ণ সেৱাৰ পৰীক্ষাত অৱতীর্ণ হোৱা বিষয়া৷
উল্লেখ্য যে দুর্নীতিৰ চর্দাৰ ৰাকেশ পালৰ আমোলত অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা প্রতিটো পৰীক্ষাত সংঘটিত হৈছে সীমাহীন অনিয়ম৷ ২০১৩ বর্ষৰ অসামৰিক আৰু সংলগ্ণ সেৱাৰ পৰীক্ষাত সংঘটিত কেলেংকাৰিয়ে সর্বকালৰ অভিলেখ ভংগ কৰি যায়৷ কিন্তু ভূতপূর্ব মুখ্যমন্ত্রী তৰুণ গগৈয়ে ৰাকেশ পালৰ সমস্ত কু–কর্ম গাপ দি যায়৷ ২০১৬ চনত ৰাজ্যত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছতে তেতিয়াৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে দুর্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰে৷ সেই সময়ত ডিব্রুগড়ত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচাৰে গ্রেপ্তাৰ কৰে ৰাকেশ পালক৷ তাৰ পাছতে অসম লোকসেৱা আয়োগৰ পর্বতসম দুর্নীতিৰ বহু বিস্ফোৰক তথ্য পোহৰলৈ আহে৷
২০১৩ বর্ষৰ পৰীক্ষাত বক্রপথেৰে উত্তীর্ণ হোৱা ৩৯গৰাকী বিষয়া আৰক্ষীৰ জালত পৰে৷ সেই সময়ত পৰীক্ষার্থীৰ হাতৰ আখৰৰ নমুনা, উত্তৰ বহী, টেবুলেচন শ্বীট আদিও তদন্তকাৰী বিষয়াই জব্দ কৰি দেশৰ ভিন্ন স্থানৰ পৰীক্ষাগাৰলৈ প্রেৰণ কৰে৷ পর্যায়ক্রমে ফৰেনছিক পৰীক্ষাগাৰৰ ৰিপ’টসমূহ তদন্তকাৰী আৰক্ষী বিষয়াই লাভ কৰি আছে আৰু সেইমর্মে বিচাৰ প্রক্রিয়াও আগবাঢ়িছে৷ পৰৱর্তী পর্যায়ত ক’ভিড পৰিস্থিতিৰ বাবে বহু উত্তৰবহীৰ ফৰেনছিক ৰিপ’ট আৰক্ষীয়ে লাভ কৰা নাছিল৷
শেহতীয়াকৈ তদন্তকাৰী আৰক্ষীৰ হাতত পৰিছে ফৰেনছিক পৰীক্ষাৰ এক বিস্তৃত প্রতিবেদন৷ য’ত বর্তমান চাকৰি কৰি থকা বহু বিষয়াৰ উত্তৰবহী আৰু টেবুলেচন শ্বীটৰ অনিয়ম ধৰা পৰিছে৷ ইয়াৰ পাছতে অসম লোকসেৱা আয়োগৰ কেলেংকাৰিৰ তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেচাৰে ২০১৩ বর্ষৰ অসামৰিক আৰু সংলগ্ণ সেৱাৰ পৰীক্ষাৰ উত্তৰবহীসমূহ পুনৰ পৰীক্ষাৰ বাবে বিশেষ ন্যায়াধীশৰ আদালতত আবেদন জনাইছে৷ আদালতে তদন্তকাৰী বিষয়াগৰাকীক এইক্ষেত্রত যাৱতীয় অনুমতিও প্রদান কৰিছে৷ ইয়াৰ লগে লগে ২০১৩ বর্ষৰ আমৰিক আৰু সংলগ্ণ সেৱাৰ পৰীক্ষাত উত্তীর্ণ হৈ বর্তমান চাকৰি কৰি থকা বহু বিষয়া গ্রেপ্তাৰ হোৱাটো নিশ্চিত হৈ পৰিছে৷