নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক্সাত আৰক্ষীক আক্ৰমণ সান্ধ্য আইন ভংগকাৰীৰ

নিয়মীয়া বাৰ্তা ২৬ জুনঃ শুকুৰবাৰে বাক্সাৰ আঠিয়াবাৰীত সান্ধ্য আইন ভংগ কৰা একাংশ লোকে আক্ৰমণ কৰে আৰক্ষীক।
নাওহালীত সান্ধ্য আইন অমান্য কৰি দোকান-পোহাৰ খুলি ৰখাৰ বাবে বন্ধ কৰিবলৈ যোৱা আৰক্ষীক আক্ৰমণ কৰে একাংশ উদণ্ড লোকে।
সন্ধিয়া ছয় বজাতো দোকান-পোহাৰ খুলি ৰখাৰ খবৰ পাই আঠিয়াবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুনন্দ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দল সেই স্থানত উপস্থিত হয়।
তাৰ পাছতে একাংশ উত্তেজিত লোকে আৰক্ষীৰ ওপৰত আক্ৰমণ চলায়।
উন্মত্ত লোকসকলে আৰক্ষীৰ বাহনৰো ক্ষতি সাধন কৰে।

You might also like