অসম্পূৰ্ণ হৈ আছে ঠেঙাল কছাৰী পৰিষদৰ দ্বাৰা নিৰ্মিত দলং : সমস্যাত বৰহোলাৰ কৃষক ৰাইজ
নিয়মীয়া বাৰ্তা, ২৭ জুন : কৃষি পথাৰত এতিয়া কৃষকৰ অন্তহীন ব্যস্ততাৰ সময়। কিন্তু এনে সময়ত তিতাবৰৰ কৃষক ৰাইজক সমস্যাত পেলাইছে এখন অৰ্ধনিৰ্মিত দলঙে। তিতাবৰ ইকৰাণি গাঁও পঞ্চায়তৰ অন্তৰ্গত কপাহতলী গাঁৱত থকা এখন অৰ্ধনিৰ্মিত দলঙে বাৰুকৈয়ে দুৰ্ভোগ ভোগাইছে কৃষক ৰাইজক। জানিব পৰা মতে, ইকৰাণিৰ কপাহতলী গাঁৱৰ বোকাজান নদীৰ ওপৰত আছে এই দলংখন। পূৰ্বে কেইবাখনো গাঁৱৰ কৃষক ৰাইজে এখন জৰাজীৰ্ণ দলঙেৰে বছৰি নদীখনৰ ইপাৰ সিপাৰ হৈ কৃষি কৰ্ম কৰি আহিছিল। ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদে যোৱা ফেব্ৰুৱাৰী মাহতে ২১ লাখ টকাৰে দলংখন নিৰ্মাণ কৰি দিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে কামৰো শুভাৰম্ভ কৰিছিল। কিন্তু নিৰ্বাচনৰ পিছত কামৰ অতি লেহেমীয়া গতিৰ বাবে আজিও দলংখন সম্পূৰ্ণ হৈ নুঠিল। ইয়াৰ পৰিপ্ৰেক্ষিতত খেতিৰ ভৰপক সময়ত কৃষিকৰ্মলৈ অহা-যোৱা কৰা লোকসকলক অসম্পূৰ্ণ দলংখনে বাৰুকৈয়ে সমস্যাত পেলাইছে। বোকাজান নদীখনৰ দ পানীৰেই এতিয়া কৃষক ৰাইজ ইপাৰ সিপাৰ হোৱাৰ লগতে ট্ৰেক্টৰ, গৰু আদিবোৰ পাৰ কৰিব লগীয়া হৈছে। ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদ আৰু দলং নিৰ্মাণকাৰী ঠিকাদাৰ গৰাকীৰ এনে গুৰুত্বহীনতাত বৰ্তমান অঞ্চলটোৰ কৃষক ৰাইজ ক্ষুব্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে। কৃষক ৰাইজৰ অতি প্ৰয়োজনীয় এই দলংখনৰ নিৰ্মাণ কাৰ্য শীঘ্ৰে সম্পূৰ্ণ কৰি তুলিবলৈ ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদক আহ্বান জনাইছে অঞ্চলবাসীয়ে।