ভূৰাগাঁও কাণ্ড মাদ্রাছাৰ প্রাক্তন শিক্ষকে বলাৎকাৰ–হত্যা কৰিছিল কিশোৰীক
মুখ্যমন্ত্রীৰ পৰিস্থিতি পর্যবেক্ষণৰ ৪৮ ঘণ্টাতে গ্রেপ্তাৰ নৰপিশাচ
নিয়মীয়া বাৰ্তা ২৮ জুনঃ মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষী থানাৰ অন্তর্গত বালিডোংগা গাঁৱত মানৱ সভ্যতাক লজ্জানত কৰা ধর্ষণ–হত্যাকাণ্ডৰ মূল অভিযুক্তক যোৱানিশা আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে যোৱা ২০ জুনত বালিডোংগা গাঁৱৰ এগৰাকী ৯ বছৰীয়া কন্যা শিশুক ধর্ষণ কৰি হত্যা কৰি মৃতদেহ মৰাপাট খেতিৰ মাজত পেলাই থৈছিল৷ এই নাৰকীয় ঘটনাৰ ৫ দিন পাছতো আৰক্ষীয়ে অভিযুক্তক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল৷ ইয়াৰ পাছতে ২৫ জুনত সমগ্র ঘটনাৰ তদন্ত প্রক্রিয়া পর্যবেক্ষণ কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ভূৰাগাঁৱত উপস্থিত হৈছিল৷ মুখ্যমন্ত্রী ড০ শর্মাই ভুক্তভোগী পৰিয়ালক সাক্ষাৎ কৰাৰ লগতে আৰক্ষীৰ সৈতে আলোচনাত মিলিত হৈ এই ঘটনাৰ লগত জড়িত মূল অভিযুক্তক শীঘ্রে গ্রেপ্তাৰ কৰাৰ নির্দেশ দিছিল৷
মুখ্যমন্ত্রীয়ে পৰিস্থিতি বুজ লোৱাৰ পাছতেই এই নাৰকীয় ঘটনাৰ মূল অভিযুক্ত ৬৫ বছৰীয়া চৈয়দ আলীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ একে গাঁৱৰে ৬৫ বছৰীয়া লম্পট চৈয়দ আলীক যোৱানিশা আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ ভূৰাগাঁও থানাত ১১২/২০২১ নম্বৰৰ গোচৰৰ ভাৰতীয় দণ্ডবিধিৰ অধীনৰ ৩৭৬(২)(এফ) ৩০২ ধাৰাৰ লগতে পস্কো আইনৰ অধীনত গ্রেপ্তাৰ কৰে নৰপিশাচ চৈয়দ আলীক৷ এই অমানৱীয় ঘটনাৰ অভিযুক্তক গ্রেপ্তাৰৰ পাছতেই সমগ্র ভূৰাগাঁও অঞ্চলত উত্তেজনা বিৰাজ কৰা পৰিলক্ষিত হয়৷ পুৱাই অভিযুক্ত চৈয়দ আলীৰ ঘৰৰ সন্মুখত কেইবাশ লোক উপস্থিত হৈ অভিযুক্তৰ ফাঁচিৰ দাবীত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে৷ লগে লগে আৰক্ষী আৰু অর্ধসামাৰিক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ সক্ষম হয়৷ স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল–সংগঠনে ফাষ্ট ট্রেক আদালতৰ জৰিয়তে কম দিনৰ ভিতৰত বিচাৰ কৰি চৈয়দ আলীৰ ফাঁচিৰ দাবী তুলিছে৷
ইফালে মুখ্যমন্ত্রী ড০ শর্মাই ভূৰাগাঁৱত উপস্থিত হৈ তদন্ত প্রক্রিয়াৰ বুজ লৈ অভিযুক্তক গ্রেপ্তাৰৰ নির্দেশ দিয়াৰ ৪৮ ঘণ্টাৰ ভিতৰতেই দোষীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱাত স্থানীয় ৰাইজ আৰু দল–সংগঠনে মুখ্যমন্ত্রীক ধন্যবাদ জনাইছে৷ ২০ জুনত নাৰকীয় ঘটনাৰ পাছতেই আৰক্ষীয়ে তদন্ত প্রক্রিয়া অব্যাহত ৰাখি যোৱানিশা মূল অভিযুক্তক গ্রেপ্তাৰ কৰে৷ কালি দিনত অভিযুক্ত চৈয়দ আলীৰ পত্নীয়ে মৃত কণমানিৰ পিতৃ–মাতৃক ৩ লাখ টকা যাচে আৰু গোচৰ উঠাই ল’বলৈ কয়৷ ইয়াৰ উপৰি আৰক্ষীয়ে তদন্ত কৰাত অভিযুক্ত চৈয়দ আলীৰ শৰীৰত শিশুটিৰ নখৰ আঁচোৰৰ চিহ্ণ লাভ কৰে৷ স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে নৰপিশাচ চৈয়দ আলীয়ে ইয়াৰ পূর্বে কেইবাটাও ধর্ষণকাণ্ড সংঘটিত কৰিছিল৷
মাদ্রাছাৰ ছাত্র অৱস্থাৰ পৰা আৰম্ভ কৰি মাদ্রাছাত শিক্ষকতা আৰু মছজিদত ইমাম হিচাপে থকাৰ সময়তো ধর্ষণৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰিছিল৷ তেতিয়াৰ পৰা নৰপিশাচ চৈয়দ আলী সমাজত চৰিত্রহীন বুলি পৰিচিত৷ এই কাণ্ডটো ইমানেই জঘন্য আছিল যে কণমানি শিশুটিক হত্যা কৰাৰ পাছতো ধর্ষণ কৰা বুলি নৰপিশাচ চৈয়দ আলীয়ে স্বীকাৰোক্তিত প্রকাশ কৰিছে৷ অভিযুক্ত চৈয়দ আলীক আজি আৰক্ষীয়ে আদালতত হাজিৰ কৰাই ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মাত লয়৷ এই ঘটনা সন্দর্ভত মৰিগাঁও জিলা আৰক্ষী অধীক্ষক অর্পণা নটৰাজনে অধীক্ষকৰ কার্যালয়ত এখন সংবাদ মেল সম্বোধন কৰে৷ সংবাদ মেলত আৰক্ষী অধীক্ষকগৰাকীয়ে প্রকাশ কৰে যে এই জঘন্য ঘটনাটোৰ অনুসন্ধান আছিল আৰক্ষীৰ বাবে যথেষ্ট প্রত্যাহ্বানমূলক আৰু সেই বাবেই ঘটনা সংঘটিত হোৱা দিনাৰ পৰাই বহুসংখ্যক লোকক সোধা–পোছা কৰা হৈছিল৷ এই ঘটনাটো স্থানীয় ব্যক্তিয়ে সংঘটিত কৰিছিল বাবে প্রথমাৱস্থাত কোনো ক্লু পোৱা নাছিল৷ অভিযুক্তৰ বিৰুদ্ধে কঠোৰ চার্জশ্বীট কৰি যাতে কোনো প্রকাৰে অভিযুক্ত সাৰি যাব নোৱাৰে, সেয়া নিশ্চিত কৰিব বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে প্রকাশ কৰে৷
দেৰগাঁৱত ভয়ংকৰ ঘটনাঃ চাৰিগৰাকী নাবালিকাক
যৌন নির্যাতনৰ গুৰুতৰ অভিযোগ ৭০ বছৰীয়া বৃদ্ধৰ বিৰুদ্ধে
মৰিগাঁও ভূৰাগাঁৱৰ জঘন্য ধর্ষণ কাণ্ডই সমগ্র ৰাজ্য তোলপাৰ লগোৱাৰ সময়তে দেৰগাঁৱতো সংঘটিত হৈছে তেনে এক অবর্ণনীয় ভয়ানক ঘটনা৷ দেৰগাঁৱত চাৰিগৰাকী নাবালিকাক ধর্ষণৰ অভিযোগ উত্থাপন হৈছে এটা ৭০ বছৰীয়া লম্পট বৃদ্ধৰ বিৰুদ্ধে৷ এই অবর্ণনীয় নির্লজ্জ কাণ্ড সংঘটিত হৈছে দেৰগাঁৱৰ উপকণ্ঠ ছ’গুৰি কছাৰী গাঁৱত৷ এই ভয়ংকৰ ঘটনাৰ অভিযুক্ত বৃদ্ধৰ নাম বাপাৰাম ৰাজবংশী৷ একে গাঁৱৰে ৫ৰ পৰা ৯ বছৰ বয়সৰ ভিতৰৰ নাবালিকাকেইগৰাকীৰ এগৰাকীক অকলশৰে আৰু আন তিনিগৰাকী অবুজ নাবালিকাক দোকানলৈ যোৱাৰ সময়ত লম্পট বৃদ্ধ বাপাৰাম ৰাজবংশীয়ে মিঠাই খুওৱাৰ ছলেৰে নিজ গৃহলৈ মাতি যৌন উৎপীডন চলোৱাৰ অভিযোগ আনিছে নাবালিকাকেইগৰাকীৰ অভিভাৱকে৷ বাপাৰামৰ ভয়–ভাবুকি সত্ত্বেও পৰৱর্তী সময়ত এই জঘন্য ঘটনাৰ বিষয়ে এগৰাকী নাবালিকাই তেওঁৰ মাতৃক জনোৱাৰ পাছতহে সমস্ত ঘটনা পোহৰলৈ আহে৷ এই ঘটনা সংক্রান্তত আজি নাবালিকাকেইগৰাকীৰ অভিভাৱকৰ অভিযোগৰ ভিত্তিত দেৰগাঁও আৰক্ষী থানাত গোচৰ নং ২৩৮/২০২১ত ভাৰতীয় দণ্ডবিধিৰ376 [2] [i], R/W section 4 of Pocso Act.ত এটা গোচৰ ৰজু কৰা হৈছে৷ সম্প্রতি দেৰগাঁও আৰক্ষীয়ে তৎকালেই অভিযুক্ত বাপাৰাম ৰাজবংশীক গ্রেপ্তাৰ কৰি জে’ললৈ প্রেৰণ কৰিছে৷ অৱশ্যে সাংবাদিকৰ সন্মুখত এই অভিযোগ অস্বীকাৰ কৰিছে ধৃত বৃদ্ধই৷ উল্লেখ্য যে মাথোঁ দুদিনমান পূর্বে দেৰগাঁৱৰ আন এক স্থানত এগৰাকী বিশেষভাৱে সক্ষম কিশোৰীক এটা ৬০ৰ ঊর্ধ্বৰ বৃদ্ধই ধর্ষণ কৰাৰ ঘটনাক কেন্দ্র কৰি উত্তাল পৰিস্থিতিৰ সূচনা হৈছিল দেৰগাঁৱত৷