কলাত ১০৯ স্থানত নগাঁৱৰ এডিপি কলেজ
নিয়মীয়া বাৰ্তা ২৮ জুনঃ বার্তালোচনী ‘ইণ্ডিয়া টুডে’ই ভাৰতৰ বিজ্ঞান মহাবিদ্যালয়সমূহৰ্ মাজত ২০২১ বর্ষৰ বাবে চলোৱা এক সমীক্ষাত উজলি উঠিল নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢ়েকিয়াল ফুকন মহাবিদ্যালয়৷ দেশৰ প্রায় ২,০০০খন মহাবিদ্যালয়ৰ মাজত চলোৱা সমীক্ষাৰ ফলাফলত ১৫১নং স্থান লাভ কৰি বিজ্ঞান শিক্ষাৰ ক্ষেত্রত সফলতাৰ পৰিচয় দাঙি ধৰা মহাবিদ্যালয়খনক লৈ গৌৰৱান্বিত নগাঁৱৰ ৰাইজ৷ ১৯৫৯ চনত নগাঁও চহৰত স্থাপিত আনন্দৰাম ঢ়েকিয়াল ফুকন মহাবিদ্যালয়ে বিগত সময়ছোৱাত জিলাখনৰ বৌদ্ধিক বিকাশৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহি আজি সর্বভাৰতীয় পর্যায়ত এক সন্মানজনক স্থান লাভ কৰাৰ আঁৰত আছে মহাবিদ্যালয়খনৰ অধ্যাপক–ধ্যাপিকাৰ ত্যাগ আৰু উন্নত আন্তঃগাঁথনি৷
উল্লেখ্য যে ২০১৯ বর্ষত মহাবিদ্যালয়খনে বিজ্ঞান শিক্ষাৰ ক্ষেত্রত প্রদর্শন কৰা দক্ষতাৰ বাবে কেন্দ্রীয় চৰকাৰক বিজ্ঞান আৰু প্রযুক্তিবিদ্যা মন্ত্রালয়ে ষ্টাৰ কলেজৰ স্বীকৃতি প্রদান কৰিছিল৷ মহাবিদ্যালয়খনত কার্যক্ষম হৈ থকা পাঁচটাকৈ বিজ্ঞানাগাৰ আৰু বায়’টেক হাব বিজ্ঞান শাখাটোৰ শিক্ষাৰ মেৰুদণ্ড স্বৰূপ৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ সুৰজিৎ কুমাৰ ভাগৱতীয়ে জানিবলৈ দিয়াৰ মতে, ইণ্ডিয়া টুডে’ই ২০১৯ বর্ষত চলোৱা সমীক্ষাত মহাবিদ্যালয়খনৰ কলা শাখাই সর্বভাৰতীয় পর্যায়ত ১০৯ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল৷ সাম্প্রতিক সময়ত ক’ভিড মহামাৰীত আক্রান্ত হোৱাত মহিলা আৰু শিশুৰ কাৰণে এটা ক’ভিড কেয়াৰ কেন্দ্র স্থাপন কৰি সমগ্র ৰাজ্যৰ ভিতৰত একমাত্র মহাবিদ্যালয় হিচাপে পৰিচয় দাঙি ধৰা মহাবিদ্যালয়খনত এনে সফলতাৰ ক্ষেত্রত ৰাইজৰ আশীর্বাদ আছে বুলি অধ্যক্ষগৰাকীয়ে মন্তব্য কৰে৷