নিয়মীয়া বাৰ্তা ২৮ জুনঃ পেৰিছত চলি থকা বিশ্বকাপ ষ্টেজ–৩ত ভাৰতে আজি চমকপ্রদ প্রদর্শন দাঙি ধৰিছে৷ দেশৰ আগশাৰীৰ মহিলা আর্চাৰ দীপিকা কুমাৰী প্রতিযোগিতাখনত তিনিটাকৈ স্বর্ণ জয়েৰে উজলি উঠিছে৷ ব্যক্তিগত ইভেণ্টৰ লগতে তেওঁ মিক্সড টীম ইভেণ্ট আৰু মহিলাৰ ৰিকার্ভ টীম ইভেণ্টত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ বিশ্বকাপৰ ব্যক্তিগত ইভেণ্টত চতুর্থবাৰৰ বাবে স্বর্ণ জয় কৰা দীপিকাই মহিলাৰ ৰিকার্ভ দলগত শাখাত অংকিতা ভকত আৰু কোমালিকা বড়িৰ সৈতে শ্রেষ্ঠত্ব অর্জন কৰে৷
ফাইনেলত ভাৰতীয় দলটোৱে এটাও ছেট নেহেৰুওৱাকৈ ৫–১ৰ ব্যৱধানত জয় সাব্যস্ত কৰিবলৈ সক্ষম হয়৷ চলিত বর্ষত দলটোৰ এয়া ক্রমাগত দ্বিতীয়টো বিশ্বকাপৰ স্বর্ণ পদক৷ ইফালে, মিক্সড টীম ইভেণ্টত দীপিকা কুমাৰীয়ে স্বামী অতনু দাসৰ সৈতে যুটি বান্ধি দেশলৈ স্বর্ণ পদক কঢ়িয়াই আনে৷ ফাইনেলত ভাৰতীয় দম্পতীটোৱে নেদাৰলেণ্ডক ৫–৩ৰ ব্যৱধানত পৰাস্ত কৰে৷ উল্লেখ্য যে অহা ৩০ জুনত দীপিকা আৰু অতনুৱে প্রথম বিবাহ বার্ষিকী উদ্যাপন কৰিব৷ ইফালে, প্রতিযোগিতাখনৰ পুৰুষৰ কম্পাউণ্ড ব্যক্তিগত ইভেণ্টত ভাৰতৰ উদীয়মান আর্চাৰ অভিষেক বার্মাই সোণৰ পদক অর্জন কৰিবলৈ সক্ষম হৈছে৷