বিপিএফৰ আনুষ্ঠানিক মিত্রতা ছেদ মহাজোঁটৰে
নিয়মীয়া বাৰ্তা ২৯ জুনঃ মাত্র চাৰিটা মাহৰ ভিতৰতে কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ প্রতি মোহভংগ ঘটিল হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলৰ৷ মহাজোঁটে চৰকাৰ গঠন কৰিবলৈ সক্ষম নোহোৱাৰ পিছত মহাজোঁটৰ সংগ ত্যাগ কৰিলে বি পি এফ দলে৷ বি পি এফৰ সাধাৰণ সম্পাদক তথা মুখপাত্র প্রবীণ বড়োৱে আজি আনুষ্ঠানিকভাৱে এই কথা প্রকাশ কৰে৷ সংবাদ মাধ্যমৰ আগত বড়োৱে কয় যে মহাজোঁট নির্বাচনকেন্দ্রিক আছিল৷ চৰকাৰ নহ’ল যেতিয়া মহাজোঁটৰ সৈতে এতিয়া বি পি এফৰ সম্পর্ক নাই৷ বড়োৰ মতে, যিটো বুজাবুজিৰে তেওঁলোকে মহাজোঁট গঠন কৰিছিল, সেই মতে মহাজোঁটক আগুৱাই নিব নোৱাৰিলে৷ তাৰ বাবে বিধানসভা নির্বাচনত বি পি এফৰ অধিক ক্ষতি হ’ল৷ এককভাৱে যুঁজা হ’লেই বি পি এফৰ ফলাফল বেছি ভাল হ’লহেঁতেন৷ বি টি চিৰ অধীনস্থ বিধানসভা সমষ্টিকেইটাত বি পি এফ দলে মহাজোঁটৰ অংশীদাৰ দলৰ পৰা সঁহাৰি নাপালে৷
সেইদৰে তিনিটা বিধানসভা সমষ্টিত হ’বলগীয়া উপ–নির্বাচনৰ ক্ষেত্রত বি পি এফ দলে এইবাৰ মহাজোঁটৰ বেনাৰত অৱতীর্ণ নোহোৱাৰ বিষয়ে স্পষ্ট কৰি দি বড়োৱে কয় যে বি পি এফ দলে এইবাৰ এককভাৱে যুঁজ দিব৷ গোসাঁইগাঁও, তামুলপুৰত ইতিমধ্যে দলে সাংগঠনিক কাম–কাজ আৰম্ভ কৰিছে৷
আনহাতে, মহাজোঁটৰে সম্পর্ক ছেদ কৰি পুনৰ বিজেপিৰে বন্ধুত্ব কৰাত আগ্রহ ব্যক্ত কৰি বড়োৱে কয়– ৰাজনৈতিক সমীকৰণৰ বাবে পুনৰ বিজেপিৰে বুজাবুজি হ’ব পাৰে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গণতান্ত্রিক পদ্ধতিত চৰকাৰ গঠন কৰিছে৷ পূর্বতেও বিজেপিৰে বি পি এফৰ বন্ধুত্ব আছিল৷ এতিয়া বিজেপিয়ে চৰকাৰ কৰাৰ পিছত আকৌ বন্ধুত্ব কৰিব পাৰোঁ৷ কেইদিনমান পূর্বে বি পি এফ দলৰ তৰফৰ পৰা মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ বৰঙণি আগবঢ়োৱাৰ সময়ত মুখ্যমন্ত্রী ড০ শর্মাক বি পি এফক বিৰোধী দল হিচাপে গণ্য কৰাৰ পৰিৱর্তে বন্ধুত্বপূর্ণ সম্পর্ক অক্ষুণ্ণ ৰাখি ৰাইজৰ মংগলৰ বাবে কাম কৰাৰ সুযোগ দিয়াৰ আহ্বান জনায়৷
তেওঁলোকেও তাৰ বিনিময়ত চৰকাৰক সহযোগ আগবঢ়াব৷ আনহাতে, কংগ্রেছৰ ৰূপজ্যোতি কুর্মীকে ধৰি একাংশই বিজেপিলৈ যোৱাৰ দৰে বি পি এফৰো কোনোবা গেৰুৱা দলটোলৈ যোৱাৰ সম্ভাৱনা আছে নেকি বুলি সাংবাদিকে সোধা প্রশ্ণত বড়োৱে কয় যে বি পি এফৰো কোনোবা যাব পাৰে৷ তাত কোনেও বাধা দিব নোৱাৰে৷
ইপিনে, বি পি এফৰ মহাজোঁট ত্যাগ সম্পর্কত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই কয়– বি পি এফ অথবা দলটোৰ সভাপতি হাগ্রামা মহিলাৰীয়ে এতিয়ালৈ বি পি এফে মহাজোঁট ত্যাগ কৰা সম্পর্কত অফিচিয়েলী একো জনোৱা নাই৷ সেয়ে তেওঁলোক মহাজোঁটত আছে বুলি ধৰি আছোঁ৷ তদুপৰি আদর্শগত কাৰণতহে বি পি এফ বা আন অংশীদাৰ দলসমূহে মিলি মহাজোঁট গঠন কৰিছিল, ক্ষমতাৰ কাৰণত নহয়৷ তেওঁলোকে যদি এতিয়া মহাজোঁট ত্যাগ কৰে, আদর্শগত কাৰণত নহয়, ক্ষমতাৰ কাৰণেহে মহাজোঁটলৈ অহাটো বুজাব৷ তথাপি আমি আশাবাদী– বি পি এফ মহাজোঁটত থাকিব৷ অৱশ্যে দলটোৰ কোনো কোনো ব্যক্তিয়ে ব্যক্তিগত কাৰণ আদিৰ বাবে দল এৰিব পাৰে৷