নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড পৰিস্থিতিত কি হ’ব শিক্ষার্থীৰ ‘শিক্ষা ব্যৱস্থাপনা’? বিজ্ঞান সমিতিৰ প্রতিবেদন দাখিল

ক’ভিডসৃষ্ট জটিল পৰিস্থিতিত অনাকাংক্ষিত ভৱিষ্যতৰ আশংকাত দেশৰ লগতে অসমৰো ছাত্র–ছাত্রী আৰু অভিভাৱকসকল শংকিত হৈ পৰিছে৷ সম্প্রতি শৈক্ষিক ব্যৱস্থাপনাৰ ক্ষেত্রত অনলাইন শিক্ষা পদ্ধতিক গুৰুত্ব দিয়া হৈছে যদিও ইয়াক জটিল কৰি তুলিছে গ্রামাঞ্চলত দুর্বল ডিজিটেল আন্তঃগাঁথনিয়ে৷ এনে প্রেক্ষাপটত অন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি ক’ভিডৰ সাৱধানতালৈকে সকলো দিশ বিবেচনা কৰি শিক্ষার্থীসকলৰ নূ্যনতম ক্ষতি হোৱাকৈ আৰু তিনি–চাৰি বছৰৰ বাবে প্রযোজ্য হোৱাকৈ শিক্ষাৰ ক্ষেত্রত এক স্থায়ী পৰিকল্পনা গ্রহণ কৰাটো প্রয়োজনীয় হৈ পৰিছে৷ এই কথা চিন্তা কৰিয়েই এইক্ষেত্রত এক সুস্থিৰ পৰিকল্পনাৰে চৰকাৰক দিক নির্ণয় কৰিবলৈ আগবাঢ়ি আহিছে অসম বিজ্ঞান সমিতি৷ অসম বিজ্ঞান সমিতিৰ স্কুলীয়া বিজ্ঞান শিক্ষা উপ–সমিতিৰ আহ্বায়ক ড০ প্রদ্যুম্ন গোস্বামীৰ উদ্যোগত যোৱা ৬ মে’ত অনুষ্ঠিত এখন বৈঠকত বিষয়টো গুৰুত্ব সহকাৰে আলোচনা কৰা হয়৷

পৰৱর্তী সময়ত ড০ প্রদ্যুম্ন গোস্বামীক সমন্বয়ক হিচাপে লৈ অসম বিজ্ঞান সমিতিয়ে ক’ভিড পৰিস্থিতিৰ বাবে অহা দুই–তিনি বছৰলৈ শিক্ষানুষ্ঠনসমূহ মুকলি কৰিব পৰা নগ’লে কি ব্যৱস্থা ল’ব পৰা যাব পাৰে, সেই সন্দর্ভত ৰাজ্যৰ বহুকেইজন শিক্ষাবিদ তথা শিক্ষা ক্ষেত্রৰ পাৰদর্শী ব্যক্তিৰ লিখিত পৰামর্শ–মতামত লৈ প্রাথমিক–মাধ্যমিক পর্যায়ৰ বাবে ‘ক’ভিড পৰিস্থিতিত শিক্ষা ব্যৱস্থাপনা’ শীর্ষক এখন খচৰা প্রস্তুত কৰি উলিয়াইছে৷ খচৰা প্রস্তুতত প্রধানতঃ ৫টা গুৰুত্বপূর্ণ দিশ ক্রমে ৰাজ্যখনৰ আর্থ–সামাজিক ব্যৱস্থা, গাঁও আৰু নগৰ অঞ্চলৰ পার্থক্য, শৈক্ষিকভাৱে দুর্বল আৰু সবল ছাত্র–ছাত্রী, ডিজিটেল আন্তঃগাঁথনি, কমসংখ্যক (২০–৫০)–বেছিসংখ্যক (৫১–২০০) ছাত্র–ছাত্রী থকা শ্রেণীৰ ওপৰত বিবেচনা কৰা হৈছে৷ তদুপৰি ব্যৱস্থাপনাৰ দিশবোৰ আলোচনা কৰোঁতে নির্দিষ্টভাৱে গুৰুত্ব দিয়া হৈছে শ্রেণী ব্যৱস্থাপনা, জ্ঞান বিতৰণ, পাঠ্যক্রম সংকোচন, মূল্যায়ন আৰু পৰীক্ষা পদ্ধতিৰ ওপৰত৷ উচ্চ শিক্ষা অনুষ্ঠানসমূহে বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰামর্শাৱলী মানি চলাৰ প্রতি লক্ষ্য ৰাখি উচ্চ শিক্ষাৰ বিষয়টো এই খচৰাত সামৰি লোৱা নাই অসম বিজ্ঞান সমিতিয়ে৷

সোমবাৰে অসম বিজ্ঞান সমিতিৰ হৈ সভাপতি অধ্যাপক ড০ মোহন চন্দ্র কলিতা, প্রধান সচিব ড০ জগদীন্দ্র ৰায় চৌধুৰী, আহ্বায়ক ড০ প্রদ্যুম্ন গোস্বামী আৰু প্রাক্তন প্রধান সচিব ড০ জয়দীপ বৰুৱাই খচৰাখন ডাঃ ৰণোজ পেগুক দাখিল কৰে৷ খচৰাখনত শ্রেণী ব্যৱস্থাপনাৰ পৰা আৰম্ভ কৰি ক’ভিড কালত অন্যান্য পৰীক্ষাসমূহৰ লগতে উচ্চ–উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ছাত্র–ছাত্রীৰ ক্ষতি নোহোৱাকৈ কিদৰে অনুষ্ঠিত কৰিব পৰা যাব, তাৰ ওপৰতো এলানি পৰামর্শ আগবঢ়োৱা হৈছে বুলি আহ্বায়ক ড০ প্রদ্যুম্ন গোস্বামীয়ে জানিবলৈ দিছে৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে খচৰাখন প্রস্তুতৰ সময়ত পৰামর্শ লোৱা শিক্ষাবিদ–শিক্ষাৰ ক্ষেত্রত পাৰদর্শী ব্যক্তিসকল হ’ল– বিশিষ্ট বিজ্ঞানী ড০ দীনেশ চন্দ্র গোস্বামী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপ কুমাৰ তালুকদাৰ, ড০ যোগেন চন্দ্র কলিতা, ড০ মোহন চন্দ্র কলিতা, অসম বিজ্ঞান প্রযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ প্রাক্তন সঞ্চালক তথা অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ অধ্যাপক ড০ অৰূপ কুমাৰ মিশ্র, ডিব্রুগড় বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য অধ্যাপক ড০ অলক কুমাৰ বুঢ়াগোহাঁই, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রাক্তন অধ্যাপক ড০ বীৰেন্দ্র কুমাৰ শর্মা, অসম জাতীয় বিদ্যালয়ৰ ডাঃ নাৰায়ণ শর্মা, বিশিষ্ট শিক্ষাবিদ বসন্ত ডেকা, ডিব্রুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্রক অধ্যাপক ড০ প্রশান্ত কুমাৰ কাকতি, অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীৰ প্রধান সম্পাদক ৰাতুল চন্দ্র গোস্বামী, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্রাক্তন অধ্যক্ষ ড০ দয়ানন্দ বুঢ়াগোহাঁই, এছ চি আৰ টিৰ অধ্যক্ষ ড০ নিৰদা দেৱী, ডিব্রুগড়ৰ হাপজান চাৰিআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্রী অলিমণি দত্ত, পাণবজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্রী চিন্ময়ী গোস্বামী, অসম কলেজ অধ্যক্ষ পৰিষদৰ সভাপতি ড০ শৰৎ বৰকটকী, বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ চিন্তামণি শর্মা, এছ বি দেওৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ধর্মেন্দ্র নাথ, প্রাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মনোজ কুমাৰ মহন্ত, বি বৰুৱা মহাবিদ্যালয়ৰ প্রাক্তন উপাধ্যক্ষ ড০ জগদীন্দ্র ৰায় চৌধুৰী, দুলীয়াজান মহাবিদ্যালয়ৰ জয়ন্ত দত্ত, প্রাগজ্যোতিষ মহাবিদ্যালয়ৰ ড০ প্রিয়ম বৰঠাকুৰ, ড০ জ্যোতির্ময় সেনগুপ্ত, সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক ড০ হিৰণ্য কুমাৰ চৌধুৰী আৰু ড০ তপন ঠাকুৰীয়া, অসম বিজ্ঞান প্রযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ বিজ্ঞানী ড০ জয়দীপ বৰুৱা, নগাঁও মহাবিদ্যালয়ৰ ড০ পল্লৱী গোস্বামী, দৰং মহাবিদ্যালয়ৰ ড০ পলাশমণি শইকীয়া, পাণ্ডু মহাবিদ্যালয়ৰ ড০ সঞ্চয় বৰা আৰু চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয়ৰ ড০ প্রদ্যুম্ন গোস্বামী আদি৷

You might also like