জুৰীয়াত মহিলাক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা
নিয়মীয়া বাৰ্তা ২৯ জুনঃ জুৰীয়াকে ধৰি নগাঁৱৰ উত্তৰ–পশ্চিম অঞ্চলত শেহতীয়াকৈ অপৰাধজনিত ঘটনা বৃদ্ধি পাইছে৷ কালি শিয়ালী চাপৰি চৰত সংঘটিত হত্যাকাণ্ডৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই সোমবাৰে কলাডুবাত পুনৰ সংঘটিত হ’ল আন এক হত্যাকাণ্ড৷ স্বামী পৰিয়ালে বোৱাৰীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টাৰ চেষ্টা কৰাৰ অভিযোগ উঠিছে৷ ঘটনা সন্দর্ভত স্থানীয় সুঁতিৰপাৰ আৰক্ষী চকীত স্বামী পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে৷ উল্লেখ্য যে দুবছৰ ধুৱলামাৰী চৰৰ ৰৈছুদ্দিনৰ কন্যা মামণি খাতুনৰ জুৰীয়াৰ কলাডুবা গাঁৱৰ ৰফিকুল ইছলামৰ লগত বিয়া হৈছিল৷
অভিযোগ মতে, বিয়াৰ পাছৰে পৰা স্বামী পৰিয়ালে মামণিক বিভিন্ন ধৰণৰ মানসিক আৰু শাৰীৰিক অত্যাচাৰ চলাই আহিছে৷ আজি দিনৰ ১২মান বজাত মামণি খাতুনৰ মৃতদেহ নিজ ঘৰৰ ভিতৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয়৷ পৰিকল্পিতভাৱে মহিলাগৰাকীক হত্যা কৰাৰ অভিযোগ তুলিছে মামণিৰ পৰিয়ালৰ লোকে৷ ঘটনাস্থলীত সুঁতিৰপাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্রেৰণ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে৷