নলবাৰীত মৎস্য পালনৰ কিটিপ লৈ মৰাণলৈ কণ্ঠশিল্পী বিপিন চাউদাং
কাল ক’ৰোনাই আনিলে আর্থিক সংকটঃ জীৱিকাৰ বাবে কৰিছে বিকল্প পথৰ সন্ধান
নিয়মীয়া বাৰ্তা ২৯ জুনঃ ক’ৰোনাই সাংস্কৃতিক জগতখনলৈ নমাই অনা বিপর্যয়ৰ বাবে বহুতো শিল্পীয়ে জীয়াই থকাৰ বিভিন্ন পন্থা অৱলম্বন কৰা দেখা গৈছে৷ তেনে এগৰাকী হ’ল জনপ্রিয় কণ্ঠশিল্পী বিপিন চাউদাং৷ শিল্পীগৰাকীয়ে মঞ্চত গীত গোৱাৰ আশা বাদ দি মৎস্য ব্যৱসায়ত নামি পৰিছে৷ তিনিচুকীয়া জিলাৰ মৰাণত তেওঁ নিজে বৃহৎ পুখুৰী খন্দাই তাত মাছ উৎপাদন কৰি ব্যৱসায় কৰাৰ পদক্ষেপ গ্রহণ কৰিছে৷ এই লৈ শিল্পীগৰাকীয়ে পত্নীক লগত লৈ মৰাণৰ পৰা আহিল নলবাৰী জিলাৰ তথা উত্তৰ–পূর্বাঞ্চলৰ বিশিষ্ট মৎস্য ব্যৱসায়ী দেৱজিৎ বর্মনৰ গাঁও নানকাৰভয়ৰাত থকা বৃহৎ মীন পামখনলৈ৷ বিশিষ্ট মৎস্য ব্যৱসায়ী দেৱজিৎ বর্মনৰ লগত মাছ উৎপাদনৰ বিভিন্ন কাৰিকৰী দিশৰ বিষয়ে আলোচনা কৰি ছয় কুইণ্টলতকৈ অধিক বিভিন্ন প্রজাতিৰ মাছৰ পোনা দুখন ট্ৰাকত লৈ যায়৷
নলবাৰীৰ বিশিষ্ট সাংবাদিক ব্রজেন তালুকদাৰৰ লগত মত বিনিময় কৰি জনপ্রিয় কণ্ঠশিল্পী বিপিন চাউদাঙে কয় যে ক’ভিড মহামাৰীৰ বাবে এতিয়া মঞ্চত গীত গাবলৈ বহুত অসুবিধা হৈছে৷ কেতিয়া ভাল দিন আহে ভাবিব নোৱাৰি৷ গতিকে মৎস্য পালন কৰি তাৰ পৰা এটা ভাল ব্যৱসায় হ’ব বুলি আশা কৰিয়ে মই মৰাণত বৃহৎ পুখুৰী খন্দাইছেছা৷ নামনি অসমৰ পৰা উজনিলৈ মৎস্য ব্যৱসায়ৰ জৰিয়তে ৰাজ্যত অর্থনৈতিক বিকাশৰ চিন্তা–চর্চা কৰিছেছা৷ এই লৈ উত্তৰ–পূর্বাঞ্চলৰ বিশিষ্ট মৎস্য ব্যৱসায়ী দেৱজিৎ বর্মনৰ লগত মৎস্য ব্যৱসায়ৰ বিভিন্ন কৌশল আয়ত্ত কৰিবলৈ সক্ষম হ’লোঁ৷
শিল্পীগৰাকীয়ে পুনৰ কয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত ৰাজ্যখনে উন্নতিৰ শিখৰত উপনীত হ’ব পাৰিব বুলি মই বিশ্বাস কৰোঁ৷ তাৰ বাবে আমি সকলোৱে সহায়–সহযোগ আগবঢ়াব লাগে৷ মই আলফা, আছু আৰু মুখ্যমন্ত্রীক লৈ এতিয়া এটা নতুন গীত ৰচনা কৰি তাক সুৰ দি আছো৷ ‘‘দেশ যায় যায় যায় বুলি/পৰেশ ককাই/সৌ সিদিনাই এৰি গ’ল ঘৰ পৰেশ ককাই/জাতি মাটি ভেটি ৰাখিবলৈ/ছাত্র সন্থাই/দীর্ঘদিনীয়া সংগ্রামখনি নিছে আগুৱাই/তথাপিতো তোৰ জননী দুখৰ ওৰ পৰা নাই/ এইবাৰ আশা কৰিছে দেশৰ জনতাই/ দেশ গঢ়িব হিমন্ত বিশ্বই/ দেশ বচাব হিমন্ত বিশ্ব শর্মাই’ শীর্ষক গীতটো সম্পূর্ণ হ’লেই ৰাইজৰ মাজত প্রচাৰ কৰিম৷ বিশিষ্ট মৎস্য ব্যৱসায়ী দেৱজিৎ বর্মনে শিল্পীগৰাকীক এখন ফুলাম গামোচাৰে অভিনন্দন জনায়৷ কণ্ঠশিল্পীগৰাকীক সংগ দিয়ে সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকাই৷