বিভিএফচিএলৰ চিএমডি মনোনীত ড০ শিৱ প্রসাদ মহান্তি
নিয়মীয়া বাৰ্তা ৩০ জুনঃ কালি ড০ শিৱ প্রসাদ মহান্তিক ব্রহ্মপুত্র ভেলী ফার্টিলাইজাৰ কর্প’ৰেচন লিমিটেডৰ (বিভিএফচিএল) অধ্যক্ষ তথা পৰিচালন সঞ্চালক পদৰ বাবে পাব্লিক এণ্টাৰপ্রাইজ ছিলেকচন ব’ডৰ দ্বাৰা মনোনীত কৰা হৈছে৷ তেওঁ বর্তমান হিন্দুস্তান ইনছেকটিছাইট লিমিটেডৰ চিএমডি পদত অধিষ্ঠিত হৈ আছে৷ মহান্তি ওড়িশাৰ বঢ়মপুৰ বিশ্ববিদ্যালয়ৰ পৰা বিজনেছ মেনেজমেণ্টত স্নাতকোত্তৰ ডিগ্রীধাৰী৷ তেওঁক ড০ ৰাধাকৃষ্ণণ শিক্ষক কল্যাণ আৰু দক্ষিণ আমেৰিকা বিশ্ববিদ্যালয়ৰ গৱেষণা তথা উন্নয়ন কেন্দ্রই সন্মানসূচক ডক্টৰেট ডিগ্রী (ডি লিট) উপাধিৰে সন্মানিত কৰে৷ ড০ মহান্তি আর্থিক অধ্যয়ন সংস্থাৰ দ্বাৰা উদ্যোগ ৰত্ন উপাধি আৰু উৎকৃষ্টতাৰ পুৰস্কাৰেও পুৰস্কৃত৷ তেওঁক ২০১৬ চনত হিন্দী দিৱসত সেইসময়ৰ গৃহ ৰাজ্যমন্ত্রী কিৰণ ৰিজিজুৱে হিন্দী গৌৰৱ পুৰস্কাৰেৰে পুৰস্কৃত কৰিছিল৷ তেওঁ আই আই এম লক্ষ্মণমৰ পৰা এক্সিকিউটিভ ডেভেলপমেণ্ট প্রোগ্রাম আৰু আইআইএম কলকাতাৰ পৰা এডভান্সড মেনেজমেণ্ট প্রোগ্রাম সম্পন্ন কৰে৷
বিশেষকৈ চাব্বিশ বছৰতকৈ অধিক কাল কৃষি নিৱেশ, বিপণন বিভাগত কাম কৰাৰ অভিজ্ঞতা অর্জন কৰিছে৷ তেওঁ ১৯৮৯ চনৰ পৰা ২০১৫ চনলৈ মুম্বাই ৰাষ্ট্রীয় কেমিকেল এণ্ড ফার্টিলাইজার্ছ লিমিটেড, সক্ষমতাৰে কাম কৰে৷ মহান্তিয়ে ১৯৯৯ চনত ‘মার্কেটিং মেন অৱ দ্য ইয়েৰ’ পুৰস্কাৰ আৰু ২০১২ চনত শ্রেষ্ঠ সেৱা কর্মচাৰী পুৰস্কাৰ লাভ কৰে৷ ড০ মহান্তিৰ সভাপতিত্বতে এইচআইএল ব্যুৰ’ক্রেচি টুডে’ৰ পৰা চি এছ আৰ, এক্সিলেঞ্চ এৱার্ড, টাইমছ এচেণ্টৰ পৰা ইন’ভেটেট এইচ আৰ অনুশীলন এৱার্ড, ফেডাৰেশন অৱ ইণ্ডিয়ান চেম্বার্ছ অৱ কমার্চ এণ্ড ইণ্ডাষ্ট্রী ইত্যাদি বিভিন্ন নামকৰা পুৰস্কাৰ অর্জন কৰিছে৷ ড০ মহান্তিৰ দৰে এগৰাকী সফল ব্যক্তি বিভিএফচিএলৰ নতুন পূর্ণকালীন চিএমডি হিচাপে নির্বাচিত হোৱাটো উদ্যোগটোৰ পক্ষে এক শুভ লক্ষণ বুলি সচেতন সচেতন মহলে মন্তব্য কৰিছে৷