নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪৭ কনচেনট্রেটৰসহ অক্সিমিটাৰ মাস্ক–পিপিই কিট প্রদান ৰাজ্য চৰকাৰক

আছাম ফাউণ্ডেচন অৱ নর্থ আমেৰিকাৰ সহায়

নিয়মীয়া বাৰ্তা ৩০ জুনঃ ক’ভিডৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে চলাই অহা যুঁজলৈ সহায়ৰ হাত আগবঢ়াইছে আছাম ফাউণ্ডেচন অৱ নর্থ আমেৰিকাই (এ এফ এন এ)৷ এই সংস্থাটোৱে ৰাজ্য চৰকাৰলৈ আগবঢ়াইছে ৪৭টা অক্সিজেন কনচেনট্রেটৰসহ অক্সিমিটাৰ, পিপিই কিটকে ধৰি বিভিন্ন সামগ্রী৷ এই সংস্থাটোৱে ১৫০০টা পিপিই কিট, ১০০০খন ফেছশ্বিল্ড, ১৮০০ গ্ল’ভছ, ১৫০০ মাস্ক, ৫০টা পালছ অক্সিমিটাৰ ৰাজ্য চৰকাৰলৈ আগবঢ়াইছে৷

ফাউণ্ডেচনৰ সভাপতি ছৰফৰাজ তাহেৰ, উপ–সভাপতি চন্দন মজুমদাৰ আৰু সাধাৰণ সম্পাদক ইনাক্ষি বৰুৱাই এখন পত্রযোগে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক এই সামগ্রীসমূহ আগবঢ়োৱাৰ কথা সদৰী কৰে৷ এইক্ষেত্রত সহযোগিতা কৰাৰ বাবে ৰাষ্ট্রীয় স্বাস্থ্য অভিযান অসম, ৱাশ্বিংটনত থকা ভাৰতীয় দূতাৱাসৰ মন্ত্রী (অর্থনৈতিক) ৰবি কোটাক কৃতজ্ঞতা জ্ঞাপন কৰিছে এ এফ এন এ৷ ইপিনে, এই সামগ্রীসমূহ আগবঢ়োৱাৰ বাবে সংস্থাটোক কৃতজ্ঞতা জ্ঞাপন কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

You might also like