নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ আঞ্চলিকতাবাদী শক্তি শক্তিশালী হোৱাটো নিবিচাৰে এটা মহলে

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ বঙাইগাঁৱৰ বৰপাৰা ৰাজহুৱা খেলপথাৰত দেওবাৰে অগপৰ সতীর্থ সন্মিলন অনুষ্ঠিত হয়৷ পাঁচ সহস্রাধিক লোক উপস্থিত থকা এই সভাত দলৰ তিনি মন্ত্রী উপস্থিত থাকিলেও ‘কা’ সম্পর্কে এটা শব্দও উচ্চাৰণ কৰা দেখা নগ’ল৷ ‘কা’বিৰোধী আন্দোলনক প্রত্যাহ্বান জনাই বঙাইগাঁৱত অগপই সতীর্থ সন্মিলনৰ আয়োজন কৰে৷ এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি জলসম্পদ মন্ত্রী তথা দলৰ কার্যকৰী সভাপতি কেশৱ মহন্তই অসমীয়া ৰাইজৰ স্বার্থ সুৰক্ষাৰ বাবে অগপক শক্তিশালী কৰাৰ বাবে আহ্বান জনায়৷ তেওঁ কয় যে ছবছৰীয়া আন্দোলনৰ ভিত্তিত অগপ দল গঠন হৈছিল৷ ঐক্য, শান্তি, প্রগতিৰ লক্ষ্য আগত ৰাখি অসম গঢ়াৰ সংকল্পৰে দলে জন্মলগ্ণৰে পৰা প্রয়াস চলাই আছে৷

ইফালে প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল মহন্তৰ নাম নোলোৱাকৈ সমালোচনা কৰি তেওঁ কয় যে দলৰ মজিয়াত একাংশই অভিযোগ উত্থাপনৰ সলনি ৰাজপথত অভিযোগ উত্থাপন কৰি আহিছে৷ ইফালে কৃষিমন্ত্রী তথা দলৰ সভাপতি অতুল বৰাই কয় যে ঐতিহাসিক অসম আন্দোলনৰ ফলত জন্মলাভ কৰা অগপ দলে বিভিন্ন ঘাত–প্রতিঘাতৰ সন্মুখীন হৈ আহিছে যদিও পুনৰ দলটোৰ প্রতি অসমবাসীৰ মৰম আৰু আস্থা বৃদ্ধি পাইছে৷ কিন্তু ন্যস্তস্বার্থজড়িত এটা মহলে অসমত আঞ্চলিকতাবাদী শক্তিৰ উত্থান হোৱাটো কেতিয়াও নিবিচাৰে৷ অযথা দলীয় নেতৃত্বক সন্দেহৰ আৱর্তত ৰাখি আহিছে৷ অগপই ধর্মনিৰপেক্ষতাৰ চৰিত্র বর্তাই ৰখা বুলি উল্লেখ কৰি তেওঁ কয় যে অগপই ধর্মনিৰপেক্ষ চৰিত্র অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে৷

গতিকে দলৰ চৰিত্রৰ ওপৰত সন্দেহ কৰিবলগীয়া নাই৷ দলে য’তেই নাথাকক কিয়, ধর্মনিৰপেক্ষ চৰিত্র বর্তাই ৰাখিব৷ ৰাজ্য চৰকাৰে কমতাপুৰ স্বায়ত্ত পৰিষদ গঠনৰ জৰিয়তে কোচ ৰাজবংশীসকলৰ দীর্ঘদিনীয়া দাবী পূৰণ হোৱা বুলি উল্লেখ কৰি ৰাজ্যৰ প্রতিটো জাতি–জনগোষ্ঠীৰ উন্নয়নৰ বাবে দলৰ লগতে চৰকাৰখন বদ্ধপৰিকৰ৷ তেওঁ অসমত থলুৱাৰ বাবে ৯০ শতাংশ বিধানসভাত আৰু ১০০ শতাংশ লোকসভাত আসন সংৰক্ষণৰ লগতে উচ্চ সদন গঠনৰ দাবী জনায়৷ আনহাতে, কংগ্রেছে ক্ষমতাৰ বাবে অসমত নিকৃষ্ট ৰাজনীতি কৰা বুলি সমালোচনা কৰে৷ সভাত ফণীভূষণ চৌধুৰীয়ে সাতটাকৈ কার্যকাল বঙাইগাঁৱৰ পৰা বিধায়ক হিচাপে জয়ী কৰোৱাৰ বাবে ৰাইজৰ ওচৰত কৃতজ্ঞতা ব্যক্ত কৰে আৰু জীয়াই থকালৈ অসমৰ জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদ জীয়াৰ থকাৰ বাবে চেষ্টা চলাই যাব বুলি কয়৷ ইফালে অগপৰ দুই মন্ত্রী অতুল বৰা আৰু কেশৱ মহন্ত সভালৈ অহাৰ সময়ত বঙাইগাঁও আছু কার্যালয়ৰ সন্মুখত ক’লা পতাকা প্রদর্শন কৰে৷ এই সময়তে অগপ দল আৰু মন্ত্রীদ্বয়ৰ বিৰুদ্ধে শ্লোদান দিয়ে আছু নেতৃত্বই৷

You might also like