নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেট্রিক–হায়াৰ ছেকেণ্ডাৰীৰ ৰিজাল্টৰ ফর্মুলা ঘোষণা

উচ্চ মাধ্যমিক–উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা

নিয়মীয়া বাৰ্তা ২ জুলাইঃ ক’ভিডৰ সংক্রমণ হ্রাস নোপোৱা বাবে বাতিল কৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ বহুপ্রতীক্ষিত ফর্মুলা অৱশেষত বৃহস্পতিবাৰে ৰাজহুৱা কৰা হৈছে৷ ৰাজ্য চৰকাৰে গঠন কৰি দিয়া দুখন সুকীয়া বিশেষজ্ঞ কমিটীৰ প্রতিবেদনৰ ভিত্তিত মুখ্যমন্ত্রীৰ অনুমোদনমর্মে এই ফর্মুলাৰে ঘোষণা কৰা হ’ব মেট্রিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল৷ সেই অনুসৰি ৪+৪+২০ ফর্মুলাৰে ঘোষণা কৰা হ’ব মেট্রিকৰ ফলাফল৷

অসম মাধ্যমিক শিক্ষা সংসদ (ছেবা)ৰ কার্যালয়ৰ প্রেক্ষাগৃহত এখন সংবাদ মেলত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে দুয়োটা পৰীক্ষাৰ ফলাফলৰ ফর্মুলা আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷ শিক্ষামন্ত্রীগৰাকীয়ে প্রকাশ কৰা অনুসৰি এইবাৰ নৱম শ্রেণীৰ বছৰেকীয়া পৰীক্ষাত প্রতিটো বিষয়ত শিক্ষার্থীয়ে লাভ কৰা নম্বৰৰ ৪০ শতাংশ, দশম শ্রেণীৰ প্রি–ব’ড পৰীক্ষাত লাভ কৰা প্রতিটো বিষয়ৰ নম্বৰৰ ৪০ শতাংশ নম্বৰ আৰু শিক্ষার্থীৰ চলিত বছৰৰ আভ্যন্তৰীণ মূল্যায়নৰ ২০ শতাংশ নম্বৰেৰে ঘোষণা কৰা হ’ব মেট্রিক পৰীক্ষাৰ ফলাফল৷ দশম শ্রেণীত অনুষ্ঠিত গোট পৰীক্ষা অথবা আন যিকোনো শ্রেণী পৰীক্ষাৰ লগতে ঘৰুৱা কাম আদিৰ ওপৰত ভিত্তি কৰি ২০ শতাংশ নম্বৰ আভ্যন্তৰীণ মূল্যায়নৰ ভিত্তি হিচাপে গ্রহণ কৰা হ’ব৷

অৱশ্যে যিসমূহ বিদ্যালয়ত দশম শ্রেণীৰ প্রি–ব’ড পৰীক্ষা অনুষ্ঠিত হোৱা নাই, সেই বিদ্যালয়সমূহৰ ক্ষেত্রত মূল্যায়নৰ পদ্ধতি সুকীয়া হ’ব৷ এই বিদ্যালয়সমূহৰ ক্ষেত্রত নৱম শ্রেণীৰ বছৰেকীয়া পৰীক্ষাত প্রতিটো বিষয়ত ছাত্র–ছাত্রীসকলে লাভ কৰা নম্বৰৰ ৭০ শতাংশ গ্রহণ কৰা হ’ব৷ আন ৩০ শতাংশ নম্বৰ শিক্ষার্থীজনৰ আভ্যন্তৰীণ মূল্যায়নৰ ভিত্তিত প্রদান কৰা হ’ব৷ এই আভ্যন্তৰীণ মূল্যায়ন ঘৰুৱা কাম, গোট পৰীক্ষা অথবা আন শ্রেণী পৰীক্ষা আদি বিবেচনা কৰি প্রদান কৰা হ’ব৷ বিদ্যালয়ে অনুষ্ঠিত কৰা যিকোনো পৰীক্ষাত অৱতীর্ণ হ’বলৈ সুযোগ লাভ নকৰা শিক্ষার্থীসকলৰ বাবে বিদ্যালয় মূল্যায়ন কমিটীয়ে সিদ্ধান্ত গ্রহণ কৰিব পাৰিব৷ শিক্ষার্থীজনৰ শেহতীয়া প্রদর্শন, ঘৰুৱা কাম আৰু অন্যান্য কার্যকলাপৰ ভিত্তিত এই মূল্যায়ন কৰিব পাৰিব৷ যিসকল শিক্ষার্থীৰ ক্ষেত্রত বর্তমান দশম শ্রেণীত পঢ়ি থকা বিদ্যালয়ত তেওঁৰ নৱম শ্রেণীৰ নম্বৰ উপলব্ধ নহ’ব, সেই বিদ্যালয়সমূহে শিক্ষার্থীজনৰ পূর্বে অধ্যয়ন কৰা বিদ্যালয়ৰ পৰা নৱম শ্রেণীৰ নম্বৰ সংগ্রহ কৰিব লাগিব৷ যিসকল শিক্ষার্থীৰ নৱম শ্রেণীৰ বছৰেকীয়া পৰীক্ষাৰ নম্বৰ উপলব্ধ নহ’ব, তেওঁলোকৰ ফলাফল ঘোষণা কৰা নহ’ব৷ এনে শিক্ষার্থীসকলে শীঘ্রে অনুষ্ঠিত কৰিবলগীয়া বিশেষ মেট্রিক পৰীক্ষাত অৱতীর্ণ হ’ব লাগিব৷

লক্ষণীয় যে শিক্ষার্থীসকলৰ আভ্যন্তৰীণ মূল্যায়নৰ ক্ষেত্রত সংশ্লিষ্ট বিদ্যালয়সমূহে যাতে কোনো অসৎ উপায় অৱলম্বন কৰিব নোৱাৰে, তাৰ বাবেও বিশেষ ব্যৱস্থা গ্রহণ কৰা হৈছে প্রতিবেদনখনত৷ সেই অনুসৰি আভ্যন্তৰীণ মূল্যায়নৰ ক্ষেত্রত সংশ্লিষ্ট বিদ্যালয়সমূহৰ শেহতীয়া তিনি বছৰৰ প্রদর্শন ভিন্নতা এই বছৰৰ তুলনাত ১০ শতাংশতকৈ অধিক হ’ব নোৱাৰিব৷ চলিত বর্ষৰ মেট্রিক পৰীক্ষাৰ ক্ষেত্রত শীর্ষ ১০ স্থানৰ লগতে এইবাৰ নাথাকিব ষ্টাৰ, ডিষ্টিংচন নম্বৰ আদি শ্রেণীৰ৷

ইপিনে সংবাদ মেলত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সদৰী কৰা অনুসৰি চৰকাৰে অনুমোদন জনোৱা এই মূল্যায়ন পদ্ধতিত অসন্তুষ্ট শিক্ষার্থীসকলৰ বাবে অনুষ্ঠিত কৰা হ’ব সুকীয়া পৰীক্ষা৷ ক’ভিড পৰিস্থিতি উন্নত হ’লে অহা ১৫ ছেপ্টেম্বৰৰ ভিতৰত এই বিশেষ পৰীক্ষা অনুষ্ঠিত কৰিব বুলি প্রকাশ কৰি শিক্ষামন্ত্রীগৰাকীয়ে কয়– ‘ছাত্র–ছাত্রীসকলৰ আবেদনৰ ভিত্তিত আমি পৰীক্ষা অনুষ্ঠিত কৰিম৷ পৰিস্থিতি উন্নত হ’লে অহা ১৫ ছেপ্টেম্বৰৰ ভিতৰত এই পৰীক্ষা অনুষ্ঠিত কৰা হ’ব৷ অৱশ্যে ক’ভিডৰ সংক্রমণ হ্রাস নাপালে ২০২২ চনত হ’লেও আমি এই বিশেষ মেট্রিক পৰীক্ষা অনুষ্ঠিত কৰিম৷ কেৱল মেট্রিক পৰীক্ষাই নহয়, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ মূল্যায়নৰ ফর্মুলাক লৈ অসন্তুষ্ট হোৱা শিক্ষার্থীসকলৰ বাবেও এনে পৰীক্ষা অনুষ্ঠিত কৰা হ’ব৷’

আনহাতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিশেষভাৱে সক্ষম শিক্ষার্থীৰ বাবে উপযুক্ত ব্যৱস্থা গ্রহণ কৰিব চৰকাৰে৷ বিশেষ সক্ষম শিক্ষার্থীসকলৰ পূর্বৱর্তী প্রদর্শন আৰু গৃহ কর্মৰ ভিত্তিত মূল্যাংকন কৰা হ’ব৷ একেখন সংবাদ মেলতে শিক্ষামন্ত্রী ডাঃ পেগুৱে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ মূল্যায়নৰ ফর্মুলাও প্রকাশ কৰে৷ সেই অনুসৰি উচ্চতৰ মাধ্যমিকৰ চাৰিওটা শাখা ক্রমে কলা, বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমূলক শিক্ষাৰ বাবে এই মূল্যায়ন পদ্ধতি সুকীয়া হ’ব৷ তদুপৰি ব্যৱহাৰিক বিষয় থকা বিষয়সমূহৰ বাবেও নম্বৰ প্রদান পদ্ধতি হ’ব সুকীয়া৷ কলা আৰু বিজ্ঞান শাখাৰ ব্যৱহাৰিক বিষয় থকা শ্রেণীসমূহৰ ক্ষেত্রত শিক্ষার্থীসকলে মেট্রিক পৰীক্ষাত সর্বোচ্চ নম্বৰ লাভ কৰা তিনিটা বিষয়ৰ পৰা ৫০ শতাংশ গ্রহণ কৰা হ’ব৷ ব্যৱহাৰিক পৰীক্ষাৰ পৰা ৩০ নম্বৰ যোগ কৰা হ’ব৷ তদুপৰি ২০১৯–২১ শিক্ষাবর্ষত অনুষ্ঠিত হোৱা শ্রেণী পৰীক্ষা অথবা গোট পৰীক্ষা অথবা বার্ষিক পৰীক্ষা অথবা প্রি–টেষ্ট অথবা ঘৰুৱা কাম অথবা প্রজেক্টৰ পৰা ১০ নম্বৰ যোগ কৰা হ’ব৷ আন ১০ নম্বৰ উক্ত ৯০ নম্বৰৰ ভিতৰত লাভ কৰা নম্বৰৰ শতাংশৰ পৰা যোগ কৰা হ’ব৷

আনহাতে, কলা আৰু বাণিজ্য শাখাৰ ব্যৱহাৰিক বিষয় নথকা শিক্ষার্থীসকলৰ ক্ষেত্রতো মেট্রিক পৰীক্ষাত সর্বোচ্চ নম্বৰ লাভ কৰা তিনিটা বিষয়ৰ পৰা ৫০ শতাংশ নম্বৰ প্রদান কৰা হ’ব৷ তদুপৰি ২০১৯ৰ পৰা ২০২১ শিক্ষাবর্ষত অনুষ্ঠিত শ্রেণী পৰীক্ষা অথবা গোট পৰীক্ষা অথবা বার্ষিক পৰীক্ষা অথবা প্রি–টেষ্ট অথবা ঘৰুৱা কাম অথবা প্রজেক্ট উপস্থিতিৰ ভিত্তিত শিক্ষার্থীসকলক ৪০ নম্বৰ প্রদান কৰা হ’ব৷ উক্ত ৯০ নম্বৰৰ ভিতৰত শিক্ষার্থীয়ে লাভ কৰা মুঠ নম্বৰৰ পৰা ১০ শতাংশ নম্বৰ সর্বমুঠ নম্বৰত যোগ কৰা হ’ব৷ বৃত্তিমুখী শাখাৰ শিক্ষার্থীসকলৰ ক্ষেত্রত ৫০ শতাংশ নম্বৰ মেট্রিক পৰীক্ষা সর্বোচ্চ নম্বৰ লাভ কৰা তিনিটা বিষয়ৰ পৰা গ্রহণ কৰা হ’ব৷ আন ৪০ শতাংশ নম্বৰ তেওঁলোকৰ ব্যৱহাৰিক পৰীক্ষাৰ পৰা যোগ দিয়া হ’ব৷ উক্ত ৯০ নম্বৰৰ ভিতৰত শিক্ষার্থীজনে লাভ কৰা মুঠ নম্বৰৰ ১০ শতাংশ সর্বমুঠ নম্বৰত যোগ কৰি ফলাফল ঘোষণা কৰা হ’ব৷

আনহাতে, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উন্নত ফলাফলৰ বাবে অথবা কম্পার্টমেণ্টেল পৰীক্ষাত অৱতীর্ণ হোৱা শিক্ষার্থীসকলৰ বাবেও সুকীয়া সুকীয়া ব্যৱস্থা গ্রহণ কৰা হৈছে৷ উন্নত ফলাফলৰ বাবে (সর্বোচ্চ চাৰিটা বিষয়ৰ) পুনৰ পৰীক্ষাত অৱতীর্ণ হ’ব বিচৰাসকলৰ ক্ষেত্রত শেহতীয়া উচ্চতৰ মাধ্যমিকত লাভ কৰা নম্বৰৰ ভিত্তিত বৃদ্ধি কৰা হ’ব৷ সেই অনুসৰি শেহতীয়া পৰীক্ষাত তৃতীয় বিভাগত উত্তীর্ণ শিক্ষার্থীৰ ক্ষেত্রত ১০ শতাংশ, দ্বিতীয় বিভাগত উত্তীর্ণ শিক্ষার্থীৰ ক্ষেত্রত ৭ শতাংশ আৰু প্রথম বিভাগত উত্তীর্ণ শিক্ষার্থীৰ ক্ষেত্রত ৫ শতাংশ নম্বৰ বৃদ্ধি কৰি দিয়া হ’ব৷ একেদৰে আটাইকেইটা বিষয়ত পুনৰ অৱতীর্ণ হোৱা শিক্ষার্থীসকলৰ ক্ষেত্রত বিগত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তৃতীয় বিভাগত উত্তীর্ণ শিক্ষার্থীৰ ১০ শতাংশ, দ্বিতীয় বিভাগত উত্তীর্ণ শিক্ষার্থীৰ ৭ শতাংশ আৰু প্রথম বিভাগত উত্তীর্ণ শিক্ষার্থীৰ ৫ শতাংশ বৃদ্ধি কৰি দিয়া হ’ব৷ এটা বিষয়ত কম্পার্টমেণ্টেল পৰীক্ষা দিয়া শিক্ষার্থীসকলৰ ক্ষেত্রতো বিশেষ পদ্ধতি গ্রহণ কৰা হৈছে৷ বিগত পৰীক্ষাত ১৫০ৰ পৰা ২২৪ নম্বৰ লাভ কৰা শিক্ষার্থীক ১০ শতাংশ, ২২৫ৰ পৰা ২৯৯ নম্বৰ লাভ কৰা শিক্ষার্থীক ৭ শতাংশ আৰু ৩০০ অথবা তাতোকৈ নম্বৰ লাভ কৰা শিক্ষার্থীক ৫ শতাংশ নম্বৰ এইবাৰ বৃদ্ধি কৰি দিয়া হ’ব৷

এই একেই প্রযোজ্য হ’ব যিকোনো এটা বিশেষ বিষয়ত অৱতীর্ণ হোৱা শিক্ষার্থীসকলৰ ক্ষেত্রতো৷ বিগত বর্ষত অনুত্তীর্ণ শিক্ষার্থীসকলৰ ক্ষেত্রত মেট্রিক পৰীক্ষাত সর্বোচ্চ নম্বৰ লাভ কৰা তিনিটা বিষয়ৰ পৰা ৫০ শতাংশ নম্বৰ গণনা কৰা হ’ব৷ তেওঁলোকৰ একাদশ শ্রেণীৰ পৰীক্ষাৰ পৰা গ্রহণ কৰা হ’ব ৪০ শতাংশ নম্বৰ৷ আন ১০ নম্বৰ উক্ত মুঠ ৯০ নম্বৰৰ ভিতৰত শিক্ষার্থীজনে লাভ কৰা সর্বমুঠ নম্বৰৰ ১০ শতাংশৰ পৰা গ্রহণ কৰা হ’ব৷ এই মূল্যায়ন পদ্ধতিত অসন্তুষ্ট হোৱা শিক্ষার্থীয়েও অসম মাধ্যমিক শিক্ষা পৰিষদে অনুষ্ঠিত কৰিবলগীয়া বিশেষ পৰীক্ষাত অৱতীর্ণ হ’ব পাৰিব৷ মেট্রিকৰ দৰে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাতো নাথাকিব শীর্ষ স্থান৷ তদুপৰি পূর্বৰ দৰে নাথাকিব ষ্টাৰ হ’ল্ডাৰ অথবা লেটাৰ নম্বৰৰ স্বীকৃতি৷ ঘোষণা কৰা নহ’ব কোনো এটা বিষয়ত সর্বোচ্চ নম্বৰ লাভ কৰা প্রার্থীৰ নাম৷ এই মূল্যায়ন পদ্ধতিত ৰৈ যোৱা আসোঁৱাহ দূৰ কৰাৰ বাবে শিক্ষার্থীয়ে অভিযোগ সংশ্লিষ্ট কর্তৃপক্ষক দাখিল কৰিব পাৰিব৷

ইপিনে সংবাদ মেলখনত শিক্ষামন্ত্রীয়ে কয় যে কিছুসংখ্যক বিদ্যালয়ৰ সৈতে শিক্ষার্থীসকলৰ আভ্যন্তৰীণ মূল্যায়নৰ কোনো তথ্য নাই৷ যিসমূহ বিদ্যালয়ে গোট পৰীক্ষা, ঘৰুৱা কাম অথবা আন যিকোনো নির্দেশনা আভ্যন্তৰীণ মূল্যায়নৰ বাবে পালন কৰা নাই, সেই বিদ্যালয়সমূহৰ বিৰুদ্ধে পৰৱর্তী সময়ত ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি তেওঁ সকীয়াই দিয়ে৷ এই প্রসংগত শিক্ষামন্ত্রীগৰাকীয়ে কয়– ‘আমাৰ বিদ্যালয়সমূহত আভ্যন্তৰীণ মূল্যায়নৰ ব্যৱস্থা আছে৷ ৯০ শতাংশ বিদ্যালয়ে প্রি–ব’ড পৰীক্ষা অনুষ্ঠিত কৰিছে৷ এই তথ্যসমূহ উপলব্ধ প্রি–ব’ৰ্ড পৰীক্ষা অনুষ্ঠিত নকৰা বিদ্যালয়সমূহৰ বাবে বিকল্প ব্যৱস্থা গ্রহণ কৰা হৈছে৷’

উল্লেখ্য যে বিভিন্ন ছাত্র সংগঠন, শিক্ষক সংগঠন আদিৰ সৈতে হোৱা কেইবালানিও বৈঠকৰ অন্তত স্বাস্থ্য বিভাগৰ পৰামর্শৰ ভিত্তিত ৰাজ্য চৰকাৰে মেট্রিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা বাতিল কৰিছিল৷ এই পৰীক্ষাসমূহ বাতিল কৰাৰ পাছতে দুয়োটা পৰীক্ষাৰ মূল্যায়নৰ ফর্মুলাৰ বাবে দুখন বিশেষজ্ঞ সমিতি গঠন কৰা হৈছিল৷ যোৱা ১৯ জুনত শিক্ষা বিভাগে এক নির্দেশনাৰ জৰিয়তে অধ্যাপক ড০ আলোক বুঢ়াগোহাঁই আৰু অধ্যাপক ড০ দীপক কুমাৰ শর্মাৰ অধ্যক্ষতাত দুখন সুকীয়া বিশেষজ্ঞ কমিটী গঠন কৰা হৈছিল৷ ড০ আলোক বুঢ়াগোহাঁইৰ অধ্যক্ষতাত গঠিত ৯জনীয়া কমটীখনে মেট্রিক পৰীক্ষাৰ ফলাফলৰ ফর্মুলা আৰু ড০ দীপক কুমাৰ শর্মাৰ অধ্যক্ষতাত গঠিত কমিটীয়ে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ ফর্মুলাৰ প্রতিবেদন প্রস্তুত কৰিছে৷ অসম মাধ্যমিক শিক্ষা সংসদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ উচ্চপদস্থ বিষয়াৰ সৈতে কমিটীৰ কেইবালানিও বৈঠকৰ অন্তত চূড়ান্ত কৰা প্রতিবেদন তেওঁলোকে এসপ্তাহৰ ভিতৰত চৰকাৰক দাখিল কৰিছিল৷ আজিৰ সংবাদ মেলত অধ্যাপক ড০ আলোক বুঢ়াগোহাঁই আৰু অধ্যাপক ড০ দীপক কুমাৰ শর্মা উপস্থিত থাকে৷
পৰীক্ষাত বহিব বুলি লোৱা সিদ্ধান্তৰ বিৰোধিতা ছাত্র মুক্তি সংগ্রাম সমিতিৰ
২০২১ চনৰ মেট্রিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ পৰীক্ষার্থীয়ে ২০২২ চনত পুনৰ পৰীক্ষাত বহিব লাগিব বুলি গ্রহণ কৰা সিদ্ধান্তক গৰিহণা দিছে ছাত্র মুক্তি সংগ্রাম সমিতিয়ে৷ আজি এক প্রেছ বিবৃতিযোগে ছাত্র মুক্তি সংগ্রাম সমিতিৰ সভাপতি বিতু সোণোৱাল, কার্যকৰী সভাপতি মানস কোঁৱৰ, যুতীয়া সাধাৰণ সম্পাদক দেৱব্রত শইকীয়া আৰু বিদ্যুৎ শইকীয়াই চৰকাৰৰ এনে ছাত্রবিৰোধী হঠকাৰী সিদ্ধান্তৰ তীব্র বিৰোধিতা কৰি উল্লেখ কৰে যে নির্বাচনৰ বাবে পৰীক্ষা পিছুৱাই দিয়া চৰকাৰখনে কেৱল ছাত্র–ছাত্রীসকলক মানসিকভাৱে হাৰাশাস্তি কৰিছে৷ এগৰাকী শিক্ষার্থীয়ে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীর্ণ হোৱাৰ পাছত তেওঁলোকে বিভিন্ন পাঠ্যক্রমত নামভর্তি কৰিব৷ তেনে পৰিপ্রেক্ষিতত এগৰাকী শিক্ষার্থীয়ে অধ্যয়ন কৰি থকা বিষয়টো এৰি কিদৰে দশম আৰু দ্বাদশ শ্রেণীৰ পূর্বৰ পাঠ্যক্রম অধ্যয়ন কৰি পৰীক্ষাত অৱতীর্ণ হ’ব, সেয়া অতিকৈ চিন্তনীয়৷ ইয়াৰ পৰাই এটা কথা স্পষ্ট হৈ পৰিছে যে ছাত্র–ছাত্রীসকলক মানসিকভাৱে হাৰাশাস্তি কৰাৰ বাদে চৰকাৰৰ সমস্যা সমাধান কৰাৰ কোনো সদিচ্ছা নাই৷ তদুপৰি এই সময়ছোৱাত চৰকাৰৰ দ্বাৰা ঘোষিত চাকৰিসমূহত ২০২১ বর্ষৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ পৰীক্ষার্থীসকলে আবেদন কৰাৰ পৰা বিৰত ৰখাৰ ষড়যন্ত্র কৰা হৈছে৷ চৰকাৰক ছাত্রবিৰোধী সিদ্ধান্তৰ পৰা বিৰত থাকিবলৈ সকীয়াই দি সংগঠনটোৰ নেতৃত্বই সমগ্র মূল্যাংকন বিষয়টো পুনৰ বিবেচনা কৰি কেনেকৈ ছাত্র–ছাত্রীসকলক এবাৰতে উত্তীর্ণ কৰাৰ ব্যৱস্থা কৰি ছাত্র–ছাত্রীসকলৰ ভৱিষ্যৎ জীৱন সুনিশ্চিত কৰিব পাৰি, তাৰ প্রতি ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়৷

You might also like