নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চ–উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ নম্বৰ প্রযোজ্য নহ’ব চৰকাৰী নিযুক্তিত

ৰাজ্য চৰকাৰৰ নির্দেশনা

নিয়মীয়া বাৰ্তা ২ জুলাইঃ ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা বাতিল কৰি ফলাফলৰ বাবে নতুন ফর্মুলা বৃহস্পতিবাৰে ঘোষণা কৰিছে শিক্ষা বিভাগে৷ স্বাভাৱিকতে ৰাজ্য চৰকাৰে ফলাফল ঘোষণাৰ ফর্মুলা প্রকাশ কৰাৰ পাছত স্বস্তিৰ নিশ্বাস পেলালেও শিক্ষার্থীসকল আন এক হতাশাজনক পৰিস্থিতিৰ সন্মুখীন হোৱাটো একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷ কিয়নো ৰাজ্য চৰকাৰে চৰকাৰী কিছু পদত মূল্যায়নৰ ফর্মুলাৰে উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীর্ণ হোৱা শিক্ষার্থীয়ে আবেদন কৰিব নোৱাৰিব বুলি নির্দেশ জাৰি কৰিছে৷

বৃহস্পতিবাৰে অসম উচ্চ মাধ্যমিক শিক্ষা সংসদৰ কার্যালয়ৰ এখন সংবাদ মেলত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই প্রসংগত কয়– ‘অসম চৰকাৰৰ শিক্ষা বিভাগে টেট শিক্ষকৰ নিযুক্তিৰ ক্ষেত্রত উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত লাভ কৰা নম্বৰ আৰু টেটত লাভ কৰা নম্বৰ বিবেচনা কৰি আহিছে৷ ইয়াৰ বাবে কোনো সুকীয়া পৰীক্ষা অনুষ্ঠিত কৰা নহয়৷ সেইদৰে ৰাজ্য চৰকাৰৰ আন কিছু বিভাগেও উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত লাভ কৰা নম্বৰ বিবেচনা কৰিয়েই নিযুক্তি প্রক্রিয়া সম্পন্ন কৰে৷ এনে নিযুক্তিৰ ক্ষেত্রত এইবাৰ পৰীক্ষা অনুষ্ঠিত নকৰাকৈ মূল্যায়নৰ বিশেষ পদ্ধতিৰে উত্তীর্ণ হোৱা শিক্ষার্থীসকলে অদূৰ ভৱিষ্যতে আবেদন কৰিব নোৱাৰিব৷ যদিহে উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীর্ণ হোৱা কোনো শিক্ষার্থীয়ে ভৱিষ্যতে টেট শিক্ষক অথবা উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ নম্বৰৰ ভিত্তিত নিযুক্তি দিয়া পদত আবেদন কৰিব বিচাৰে, তেনেহ’লে তেওঁলোকে অসম উচ্চ মাধ্যমিক শিক্ষা সংসদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে পৰৱর্তী সময়ত অনুষ্ঠিত কৰিবলগীয়া বিশেষ পৰীক্ষাত অৱতীর্ণ হ’ব লাগিব৷’

অৱশ্যে উন্নত ফলাফলৰ বাবে পুনৰ অনুষ্ঠিত কৰিবলগীয়া পৰীক্ষাত অৱতীর্ণ হ’বলগীয়া শিক্ষার্থীসকলে কোনোধৰণৰ পৰীক্ষা মাচুল আদায় দিব নালাগে বুলি শিক্ষামন্ত্রীয়ে স্পষ্ট কৰি দিয়ে৷ তদুপৰি বর্তমান শিক্ষা পৰিষদ অথবা শিক্ষা সংসদে প্রদান কৰা একেটা ৰোল নম্বৰতে পুনৰ তেওঁলোকে পৰীক্ষাত অৱতীর্ণ হ’ব পাৰিব৷ শিক্ষার্থীসকলৰ যাতে শিক্ষাবর্ষ লোকচান নহয়, তাৰ প্রতি বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে বুলিও তেওঁ প্রকাশ কৰে৷ অৱশ্যে শিক্ষামন্ত্রীৰ এই ঘোষণাৰ পাছতে কেইবাটাও ছাত্র সংগঠনে প্রকাশ কৰিছে প্রতিক্রিয়া৷ শিক্ষামন্ত্রীৰ এই ঘোষণা অবিবেচক বুলি মন্তব্য কৰিছে ছাত্র সংগঠন এছ এফ আয়ে৷

এক বিবৃতিত এছ এফ আইৰ সম্পাদক নিৰংকুশ নাথে কয় যে আজি ঘোষণা কৰা মূল্যাংকন পদ্ধতিৰ জৰিয়তে লাভ কৰা নম্বৰ সকলো কামতে ব্যৱহাৰৰ যোগ্য হ’ব লাগিব৷ এই পদ্ধতিৰ লগতে পৰৱর্তী পৰীক্ষা অনুষ্ঠিত হ’লে অৱতীর্ণ হ’ব ইচ্ছা কৰা শিক্ষার্থীসকলৰ ক্ষেত্রত দুয়োটা নম্বৰৰ ভিতৰত অধিক নম্বৰপ্রাপ্ত প্রমাণ–পত্র লাভ কৰাৰ সুবিধা থাকিব লাগিব৷ অন্যথা কেৱল নামভর্তিৰ বাবে এনে মূল্যাংকন ঘোষণা কৰিলে সেয়া এক টোঘলকী কাণ্ডলৈ পৰিণত হ’ব বুলিও তেওঁ প্রকাশ কৰিছে৷

আনহাতে, শিক্ষক অথবা তেনেধৰণৰ চৰকাৰী পদৰ বাবে নিযুক্তিৰ ক্ষেত্রত মূল্যায়ন পদ্ধতিৰে লাভ কৰা নম্বৰ প্রযোজ্য নহ’ব বুলি কৰা ঘোষণা হঠকাৰী আখ্যা দিছে অল ইণ্ডিয়া ডি এছ অ’ৰ ৰাজ্যিক কমিটীয়ে৷ এক বিবৃতিত ৰাজ্যিক কমিটীৰ সম্পাদক হেমন্ত পেগুৱে কয় যে এনে সিদ্ধান্তই শিক্ষার্থীসকলক বিমোৰত পেলাব৷ এই প্রসংগত পেগুৱে কয়– ‘এই সিদ্ধান্তৰ ফলত শিক্ষার্থীসকলক আকৌ পৰীক্ষাত বহিবলৈ বাধ্য কৰিব৷ তদুপৰি পৰৱর্তী শ্রেণীত পঢ়া–শুনা কৰাৰ লগতে পুনৰ মেট্রিক অথবা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অৱতীর্ণ হোৱাৰ বাবে অধ্যয়ন কৰাটো যথেষ্ট কঠিন৷ ফলত তেওঁলোকৰ ফলাফল অধিক শোচনীয় হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ যি প্রক্রিয়াৰে মূল্যায়নৰ জৰিয়তে এজন ছাত্রই অভিযান্ত্রিক অথবা চিকিৎসা বিজ্ঞানৰ পাঠ্যক্রমত নামভর্তি কৰিব পাৰে, সেই একেই পদ্ধতিৰে উত্তীর্ণ হোৱা এজন ছাত্রই টেট শিক্ষক অথবা তৃতীয় অথবা চতুর্থবর্গৰ চাকৰিৰ বাবে কিয় বিবেচিত হ’ব নোৱাৰে৷’ সেয়েহে এনে হঠকাৰী সিদ্ধান্ত অবিলম্বে বাতিল কৰিবলৈ তেওঁলোকে দাবী উত্থাপন কৰিছে৷

You might also like