বর্তমান দেশৰ শাসকীয় ৰাজনীতিত প্রধান আৰু একমাত্র হৈ থকা ভাজপা বা ভাজপা–জোঁটটোৰ স্বাস্থ্য আৰু কুশল–মংগলৰ কাৰণেই এটা মজবুত আৰু সুগঠিত বিৰোধী পক্ষৰ প্রয়োজন হৈছে৷ গণতন্ত্রত কোনো শাসক দল বা জোঁটৰে অবাধ শাসন বা ৰাজত্ব কাম্য নহয়৷ অবাধ শাসনত স্বাধিকাৰপ্রমত্ত হ’বৰ আশংকা পদে পদে থাকে৷ ভাজপা বা ভাজপা–জোঁটক সহায় কৰা হ’ব তেনে এটা মজবুত, সুগঠিত বিৰোধী পক্ষ থাকিলে বা হৈ উঠিলে৷ হ’ব নে? অদূৰ ভৱিষ্যতে হ’বৰ সম্ভাৱনা আছে নে?
প্রসংগক্রমে উল্লেখযোগ্য ঃ দেশত কংগ্রেছ–শাসনৰ সম্ভাৱনা সম্পূর্ণ নির্মূল কৰিবলৈ আৰু কংগ্রেছ দলক একেবাৰে অপ্রাসংগিক কৰিবলৈ আগত বহু বছৰলৈ ভাজপা বা ভাজপা–জোঁটৰ চৰকাৰ লাগে ভাজপা বা ভাজপা–জোঁটেই দেশত একমাত্র শক্তি, যাৰ কংগ্রেছক ভেটা দি ক্ষমতাৰ পৰা নিলগত ৰাখি দিব পৰা ক্ষমতা আছে৷
এসময়ত ভাৰতৰ সকলো অঞ্চলতে থকা বা তেনেকৈ নাথাকিলেও সকলো অঞ্চল অন্ততঃ চুই যোৱা বা থকা এটাই দল আছিল আৰু সেই দলটো হৈছে কংগ্রেছ৷ দেশৰ স্বাধীনতা আন্দোলন কংগ্রেছৰ নেতৃত্বতে হৈছিল, সূক্ষ্মবিচাৰ স্থগিত ৰাখি চমুতে ক’বলৈ গ’লে কংগ্রেছেই দেশৰ স্বাধীনতা আনিছিল৷ কিন্তু সময়ৰ লগত খোজ নিদি জৱাহৰলাল–ইন্দিৰাৰ্ পৰিয়ালতে দলটোৰ নেতৃত্ব গৃহবন্দী কৰি ৰখাত কংগ্রেছৰ শ্রী–স্বাস্থ্য এতিয়া একেবাৰে পৰি–মৰা অৱস্থাত আছে৷ বহু বছৰ ধৰি বেজ–জ্ঞানী লাগিও, লগায়ো কংগ্রেছক থিয় কৰাব পৰা নাই৷ বেজ–জ্ঞানীসকলে, ৰাজনৈতিক যাদুকৰসকলে আৰু অঘটনঘটনপটু সংবাদ–ভাষ্যকাৰসক্ কৈছে যে কংগ্রেছৰ সর্বনিয়ন্তা হৈ নেহৰু–গান্ধীৰ পৰিয়ালটোৱেই থকালৈকৈ দলটোৰ শ্রী–স্বাস্থ্য অধিক বেয়ালৈহে যাবগৈ, হয়তো যোৱা–থোৱা অৱস্থাই হ’বগৈ, কিজানি ২০২৪–ত খুন্দাটো জোৰত পৰিলে দলটো নামফলকতহে ৰ’বগৈ৷
তেনেহ’লে থাকিল কি আৰু কোন? আটাইবোৰেই দেখোন অঞ্চল–প্রধান আঞ্চলিক দল৷ এই আঞ্চলিক দলকেইটাই এটাFront বা মর্চা গঠন কৰি অথবা এটা জোঁটত বান্ধ খাই কেন্দ্রত এটি ‘ৰাষ্ট্রীয়’ চৰকাৰ গঠন কৰিব পাৰিব নে? কেনেবাকৈ গঠন কৰিলেও সেইটো কি চৰকাৰ হ’বগৈ? টিকিবনে?Identity ৰাজনীতিৰ প্রবল টনা–আঁজোৰাত সেই চৰকাৰটো পণ্ড নহ’বনে? কেউপিনে উত্তৰে–দক্ষিণে, পূৱে–পশ্চিমে হেঁচা আৰু টানত সেই চৰকাৰটো ঠাৱৰিব নোৱাৰি ভাগি নপৰিব নে?
থাকিল কমিউনিষ্টসকল, কেইবাখনো দোকানত জাপ তুলি বিভক্ত হৈ থাকিলেও, কংগ্রেছৰ লগতFront বা ঐক্য গঢ়িবৰ বাবে আলোচনালৈ যাওঁতে তেওঁলোক একে কদমত শাৰী পাতি শোভাযাত্রা কৰি যায় CPI–ৰ পৰাCPI M-L Liberation–লৈকে, সকলো৷ ইন্দিৰা গান্ধী কংগ্রেছৰ জৰুৰীকালীন অৱস্থাৰ সমর্থকCPI–ৰ পৰা অহর্নিশে ‘বিপ্লৱ’ ফোকাৰি থকাM-Lলৈকে সকলো৷ ভাজপা–ৰ বিৰুদ্ধে কার্যসূচী লওঁতেও তেওঁলোকৰ মাজত কিবা নীতি–আদর্শৰ ভিন্নতা দেখা নাযায়৷ কিন্তু তেওঁলোক বহি থাকে ‘পার্টী’ নামৰ অসংখ্য দোকানত জাপ তুলি তুলি৷ এই ‘পার্টী’ কৰি থকা তথাকথিত কমিউনিষ্টসকলৰFront বা জোঁট এটা হ’ব পাৰিলেহেঁতেন৷ তেওঁলোক প্রকৃতপক্ষে কমিউনিষ্ট হয় নে নহয় বা তেওঁলোক মার্ক্সবাদ–লেনিনবাদ্ আৰু মাও জে ডুঙৰ চিন্তাধাৰাত বিশ্বাসী আৰু সেই মতাদর্শমতে তেওঁলোকে ৰাজনীতি কৰিছে নে নাই, সেইবোৰলৈ আলোচ্য প্রসংগত ন’গৈও ক’ব পাৰি যে গোটেই দেশতে তেওঁলোক আছে, সৰহ অঞ্চলতে নাম–নিমিত্ত হৈ নামফলকত হ’লেও আছে৷
পশ্চিমবংগ অংগটো হেৰুৱাই তেওঁলোক বিকলাংগ হ’ল, এক্বোৰে ডাঙৰ ঠেংটো হেৰাল, ভাজপা আৰু মমতা ানার্জীৰ তৃণমূল কংগ্রেছে তেওঁলোকক আৰু তেওঁলোক উঠি থকা কংগ্রেছক সোপাকে,Hook Line and Sinker সমেত ংগোপসাগৰলৈ পুনৰ উঠি আহিব নোৱৰাকৈ নিক্ষেপ কৰি দিলে৷ কেৰালাত ক্রম ভংগ কৰি আকৌ চৰকাৰত বহিব পাৰিছে৷ তেওঁলোকৰ দেখনিয়াৰ হৈ থকা কৃতিত্ব সিমানেই৷
জার্মান, ৰুছ আৰু চীনা ‘চাহাব’সকলে ক্বৰতে াগৰ সলায় নে, ক্বৰতে উঠ্বিহে নে? নাজানো৷ কিন্তু ভাৰতৰ ‘পার্টী’ কৰি থকা তথাকথিত কমিউনিষ্টসকলৰ কথাকাণ্ডবোৰ দেখি শুনি নিশ্চয় তেওঁলোকৰ মহান কমিউনিজমৰ Requiem’ৰ আয়োজন কৰে মাজে মাজে৷ হওক, কোনো কথা নাই, ভাজপা আৰু ভাজপা–জোঁটক, কেন্দ্রৰNDA চৰকাৰক ক্ষমতা–চ্যুত কৰ্বিলৈ চেষ্টা এটা দি চাব পৰা অৱস্থাত ৰাষ্ট্রীয় দল হিচাপে আছে এই ‘পার্টী’ কৰি থকা তথাকথিত কমিউনিষ্ট দলকেইটাই কেউটাই লগ লাগিFront া জোঁটত ান্ধ খাই এটা ৰাষ্ট্রীয় ভাবমূর্তি দেশবাসীৰ আগত দাঙি ধৰিব পাৰে৷ তেওঁলোকৰ তেনেধৰণৰ এটা চেষ্টাত আন্তঃৰাষ্ট্রীয় সহায়–সহযোগিতাৰ ৰূপত পাকিস্তান আৰু চীনক পোৱাটো সুনিশ্চিত৷ সেইসকলক কমিউনিষ্টেই নহয়, কংগ্রেছেও লগত পাব৷
কিন্তু এইসকল কমিউনিষ্টে নেতৃত্ব দিবলৈ ওলালে তেওঁলোকে সহযোগী হিচাপে পাব কাক কাক? তাহানিৰ, অটলবিহাৰী াজপেয়ীৰ দিনৰ ভাজপা নেতা যশোৱন্ত সিন্হা আৰু সুধীন্দ্র কুলকার্ণিয়ে তৃণমূল কংগ্রেছৰ মমতা বানার্জীক নেতৃত্বত হুৱাই প্রধানমন্ত্রী কৰিবলৈ বিচাৰিব, এই কমিউনিষ্টসকলে প্রধানমন্ত্রীৰ ৰূপত মূর্তিমন্ত মানসিক–স্নায়ৱিক বিকাৰৰ টোপোলা এটা গিলিব পাৰিব নে? অস্তিত্ব বিলীয়মান, নাম–নিমিত্ত হ’লেও ধনবল আৰু ৰাজনৈতিক মিথ্যা–প্রচাৰত অতি শক্তিমান, সঁচাক মিছা কৰা, অলপ সঁচাত হুত মিছা মিহলাই প্রচাৰ কৰাত তুলনাহীন পাৰদর্শিতা থকা কংগ্রেছে মমতাক লৈ আন এটি ৰাজনৈতিক শক্তি–কেন্দ্র গঢ় লৈ উঠ্বিলৈ দিব নে? যশোৱন্ত সিন্হাৰ ‘ৰাষ্ট্র মঞ্চ ’ আৰু শাৰদ পাৱাৰৰ লগত একো একোটা দলৰ নামত গোট খোৱা নানা তৰহৰ ‘জাবৰ–জোঁথৰ’বোৰ কিমান দিন তেওঁলোকৰ ভগা সপোনৰ খোলাবোৰ সাবটি ভাজপাক ক্ষমতাচ্যুৎ কৰা অভিযানটোত থাক্বি, কংগ্রেছৰ লগলৈ যোৱাৰ লোভ কিমান দিনলৈ সম্বৰণ কৰি থাক্বি পাৰিব? এইটোও এটা গুৰুত্বপূর্ণ প্রশ্ণ৷ খৰিকিয়াই কণামাকৰি সৰাবলৈ ২০২৪–ৰ নির্বাচনলৈকে মাজত এছোৱা দীঘলীয়া সময় পাব কংগ্রেছে৷
অঞ্চল একোটাতে উঠিৰজা হিৰজা হৈ আস্ফালন–ফোৰোহনি, গৰজনি–গোৰোহনি মাৰি থকাসকলক লৈ ভাজপা–চৰকাৰ খতম কৰা অভিযান সফল কৰিব পৰাৰ সম্ভাৱনা ক্ষীণ৷ পশ্চিমবংগৰ নির্বাচনত মমতা বানার্জীৰ তৃণমূলে আগতকৈ মাত্র ২খন আসনহে বেছি পাইছিল, তাৰ বিপৰীতে ভাজপা–ই ৭৪খন আসন বেছি পাইছিল৷ অথচ মমতাই, তৃণমূলে আৰু ভাজপা–বিৰোধী সংবাদ–মাধ্যমে মমতা–ৰ তৃণমূলে ক্বিা অসাধ্যসাধন কৰিলে, পৰৱর্তী প্রধানমন্ত্রী হ’বলৈ উপযুক্ততা আহৰণ কৰিলে লি ধনঞ্জয় ঢ়োল জাই আছে আৰু যশোৱন্ত, শাৰদ আৰু সুধীন্দ্রৰ লেখীয়া দীর্ঘকাল দেশৰ ৰাজনীতি দেখা মানুহেও তাৰ লগত সংগত কৰিবলৈ ওলাইছে৷ ডেনিয়েল ৰাজা, সীতাৰাম ইয়েচুৰী, আব্দুল্লাসকলৰ কথা নকওঁ, শোটা–বাঢ়নী যি পাই তাকে হাতত তুলি লৈ ভাজপা–ৰ বিৰুদ্ধে ফর্মুটিয়াব লগা অৱস্থা তেওঁলোকৰ এতিয়া৷
এতিয়া বিৰোধী শিবিৰত ৰাষ্ট্রীয় ৰাষ্ট্রীয় যেন লগা হৈ আছে দুটা দল া পক্ষয়েই, কংগ্রেছ দল আৰু কমিউনিষ্ট দলকেইটাৰ পক্ষ৷ কমিউনিষ্টসকলৰ এটা বিকাৰ আছে, তেওঁলোকে কংগ্রেছক দেখিলেই খেদা মাৰি গৈ নেজত ওলমি দিয়ে আৰু শেহান্তৰত নেজগুবৰীয়া হৈ সৰি পৰে কংগ্রেছৰ কোলালৈ জাঁপ মাৰি উঠা আৰু কংগ্রেছৰ কোলাৰ পৰা জাঁপ মাৰি নমা, কেতিয়াবা কংগ্রেছে থেকেচা মাৰি নমায়ো দিয়ে –এই খেলখন তেওঁলোকে দূৰ অতীতৰ পৰা খেলি আহিছে আৰু খেলি দেখুৱাই আহিছে৷ কথিত আছে ছোভিয়েট ইউনিয়ন থকাকালত সেই দেশৰ কোনো কোনো দুৰাত্মা তাত্ত্বিকে জৱাহৰলাল নেহৰুক ‘ভাৰতীয় বিপ্লৱৰ পিতৃ’ আৰু ইন্দিৰা গান্ধীক ‘ভাৰতীয় বিপ্লৱ’ৰ জীয়াৰী লি অভিহিত কৰিছিল হেনো, নেহৰুৰ নাতিয়েকক আৰু ইন্দিৰাৰ েবাৱাৰীয়েকক যথাক্রমে ‘ভাৰতীয় বিপ্লৱৰ নাতি আৰু বোৱাৰী’ লি ক’বলৈ সেই তাত্ত্বিকসকল আৰু সেইবিধৰ কমিউনিজম জীয়াই থকা নাছিল৷ জীয়াই নাথাকিলেও ধনঞ্জয় ায়ু ছাটি থাকি গ’ল এটি বিকাৰ হৈ আৰু এতিয়াও হুতৰ ক্ষেত্রত উক দিয়ে সময়ে সময়ে৷
ঠিক নাই ঐতিহাসিক লি অভিহিত হৈ যাব পাৰে প্রকল্পিত ভাজপা–বিৰোধী, মোদী–বিৰোধী, এনডিএ–বিৰোধী অভিযানটো আৰু এই কমিউনিষ্টসকল আৰু কংগ্রেছ এটা ঐতিহাসিক বন্ধনত জোঁট্বদ্ধ হৈ যাব পাৰে৷
কংগ্রেছ আৰু এইসকল কমিউনিষ্টৰ জোঁট এটা হ’লে, এটা শক্তিশালী বিৰোধী পক্ষৰ নামত কি হ’বগৈ সেইটো জিবলৈ বর্তমান অসমলৈ চালেই হ’ল৷ প্রথম কথা, এই জোঁটে কেন্দ্রৰ মোদী চৰকাৰক ক্ষমতাচ্যুৎ কৰিব নোৱাৰে, মমতা ানার্জীৰ তৃণমূলৰ নেতৃত্বত আঞ্চলিক দলবোৰৰ (লেখাৰ ওপৰফালে মই সেইবোৰ দলক ‘জাবৰ–জোঁথৰ ‘বুলি অভিহিত কৰি আহিছোঁ)
এটা অতি দুৰাকাংক্ষী জোঁট হ’ব আৰু সেই জোঁটে কংগ্রেছ আৰু কমিউনিষ্টক বাট এৰি নিদিয়ে৷
প্রয়োজনত ভাজপা–জোঁটক সঠিক জেগাত আৰু পথত ৰাখিবলৈ, স্বাধিকাৰপ্রমত্ত হোৱাত বাধা দিবলৈ, অতিচাৰী হোৱাৰ পৰা বিৰত ৰাখিবলৈ, নিজকে চম্ভালি থাক্বিলৈ বাধ্য কৰিবলৈ এটা মজবুত, সুস্বাস্থ্যৰ, সুগঠিত বিৰোধী দল কংগ্রেছ া কমিউনিষ্ট হ’ব পাৰিব নে? অথবা এই দুটা দলৰ ‘ছৱালৰ থান’ত পৰিণত নকৰা জোঁট এটা হ’ব পাৰিব নে? মই টিৱি চালে দেখা কংগ্রেছ আৰু কমিউনিষ্টৰ ছৱাল হেন নেতাসকলৰ মুখবোৰ, কথাবোৰ মনত পৰাত সেইদৰে কৈছোঁ৷
অসমত ভাজপা–জোঁটৰ চৰকাৰ থাক্বি৷ কেন্দ্রতোNDA চৰকাৰ থাক্বি৷ সমস্যা হ’ল গণতন্ত্রত কোনো দল বা জোঁটেই অবাধ ‘ৰাজত্ব’ এটা চলাবলৈ পাব নালাগে, চৰকাৰক নিয়ন্ত্রণত ৰাখিবলৈ, লাগাম লগাই ৰাখিবলৈ বিৰোধী দল এটা া বিৰোধী দলৰ পক্ষ এটা লাগে– চৰকাৰৰ স্বার্থতে৷ চৰকাৰৰ বিৰুদ্ধে থকা কোনো দল বা জোঁটে সেই ভূমিকা নল’লে া ল’ব নোৱাৰিলে ভাজপা–জোঁটৰ পক্ষৰ পৰাই এভাগে সেই ভূমিকা ল’ব লাগিব৷ খুব সম্ভৱ, সংঘই –ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘই সেই ভূমিকা ল’ব লাগিব৷