নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীৰ কুকলুং ৰেঞ্জৰ ৰাঙিঝৰা অঞ্চলত মুক্ত বিচৰণ কৰা আঘাতপ্ৰাপ্ত বন্যহস্তীটোক চিকিৎসাৰ ব্যৱস্থা নকৰিলে বন বিভাগে

নিয়মীয়া বাৰ্তা ৫ জুলাইঃ বন বিভাগৰ দ্বায়িত্ব জ্ঞানহীন কাণ্ড। বিজনীৰ কুকলুং ৰেঞ্জৰ ৰাঙিঝৰা অঞ্চলত মুক্ত বিচৰণ কৰা আঘাতপ্ৰাপ্ত বন্যহস্তীটোক চিকিৎসাৰ ব্যৱস্থা নকৰিলে বন বিভাগে। চিকিৎসাৰ সলনি জে,চি,বি লগাই ৰাষ্ট্ৰীয় উদ্যান খনৰ ভিতৰলৈ খেদি পঠিওৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। বন বিভাগৰ এই অবেবিচক কাণ্ডৰ বাবে হাতীটোক লৈ চিন্তিত হৈ পৰিছে গঞা।

উক্ত অঞ্চলত মানাস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীয়ে কেবাজনো লোকৰ প্ৰাণ কাঢ়ি নিলে, বহুতৰে জীৱন পংগু কৰিলে, অঞ্চলটোত বিভিন্ন প্ৰকাৰে ক্ষতিসাধন কৰিলে যদিও আঘাতপ্ৰাপ্ত হাতীটোক খোৱা খাদ্য যোগান ধৰি কিছু সুস্থ কৰাৰ চেষ্টা কৰিলে স্থানীয় ৰাইজে। আনফালে এইক্ষেত্ৰত বন বিভাগক হাতীটোৰ চিকিৎসা কৰাৰ বাবে বহুত আবেদন জনোৱা হ’ল যদিও বন বিভাগে গুৰুত্ব প্ৰদান নকৰি জে,চি,বি লগাই মানাস ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত খেদিহে দিলে বুলি ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে।

You might also like