নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পলায়নৰ চেষ্টা কৰোঁতে গুলীবিদ্ধ ড্রাগ্ছ ব্যৱসায়ী

নিয়মীয়া বাৰ্তা, ৭ জুলাইঃ  ৰাজ্যত ড্রাগ্ছবিৰোধী অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে৷ বিগত সময়ছোৱাত ৰাজ্যত বিভিন্ন ড্রাগ্ছৰ ঘাটি উৎখাত কৰাৰ উপৰি বিভিন্নজনক আটক কৰিবলৈ সক্ষম হৈছে৷ কামৰূপ জিলা আৰক্ষী আৰু পলাশবাৰী আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই আজি পুৱতিনিশা গুৱাহাটী মহানগৰীৰ কাহিলিপাৰাৰ পৰা এগৰাকী মহিলাসহ দুজন লোকক আটক কৰা ঘটনাই প্রতিক্রিয়া সৃষ্টি কৰিছে৷ এই সন্দর্ভত মঙলবাৰে আবেলি কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্র ৰয়ে পলাশবাৰী থানাত এখন সংবাদ অনুষ্ঠিত কৰি কয় যে মণিপুৰৰ এটি দলে ড্রাগ্ছ ব্যৱসায় চলাই থকা বুলি এক বিশেষ সূত্রে তথ্য লাভ কৰিছিল৷ এই সন্দর্ভত কামৰূপ জিলা আৰক্ষীয়ে গুৱাহাটী মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পার্থসাৰথি মহন্তৰ লগত ঘটনা সন্দর্ভত আলোচনাত মিলিত হৈ মঙলবাৰে পুৱতিনিশা মহানগৰীৰ কাহিলিপাৰাত অভিযান চলাই ১২ গ্রাম হেৰ’ইন, এগৰাকী মহিলাসহ লাল ফোলাল মাটে আৰু ষ্টেফিয়েন চেমিনিবেল হাউকি নামৰ দুজন লোকক আটক কৰি পলাশবাৰী থানালৈ আনে৷

আটকাধীন দুই লোকক অধিক তথ্যৰ বাবে আৰক্ষীয়ে সোধা–পোছা কৰাত লাল ফোলাল মাটেই নামৰ লোকজনে ৰাণী অঞ্চলত ড্রাগ্ছৰ বেহা চলাই থকা বুলি স্বীকাৰ কৰে৷ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে লাল ফোলালক লগত লৈ ৰাণী অঞ্চলত অভিযান চলায়৷ অভিযান চলাই থকা সময়ত লাল ফোলালে আৰক্ষীৰ পৰা পলাই যাবলৈ চেষ্টা কৰে৷ লগে লগে আৰক্ষীয়ে গুলীচালনা কৰাত লাল ফোলালৰ ভৰিত গুলী লাগি গুৰুতৰভাৱে আহত হয়৷ আহত লোকজনক ৰাণীস্থিত চিকিৎসালয়ত ভর্তি কৰায় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰাৰ লগতে ঘটনা সন্দর্ভত তদন্ত অব্যাহত থকা বুলি সংবাদ মেলত উল্লেখ কৰে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্র ৰয়ে৷

You might also like