নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড মহামাৰী সত্ত্বেও গুজৰাটত ৰথযাত্রাৰ অনুমতি চৰকাৰৰ

নিয়মীয়া বাৰ্তা ৯ জুলাইঃ ক’ভিড–১৯ মহামাৰীৰ সংহাৰ অব্যাহত থকা সত্ত্বেও গুজৰাট চৰকাৰে জগন্নাথ ৰথযাত্রাত অনুমোদন জনাইছে৷ আগন্তুক ১২ জুলাইত আহমেদাবাদত উলিওৱা হ’ব জগন্নাথ ৰথযাত্রা৷ আজি চৰকাৰী এই ৰথযাত্রা উলিওৱাৰ ক্ষেত্রত অনুমতি প্রদান কৰিছে যদিও সান্ধ্য আইন ৰথযাত্রাৰ সময়ত জাৰি হৈ থাকিব বুলি ঘোষণা কৰিছে৷ ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধ কৰিবলৈ ৰথযাত্রাৰ সময়ছোৱাত সান্ধ্য আইন অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে চৰকাৰে৷

উল্লেখনীয় যে ক’ভিড–১৯ৰ বাবে এইবাৰ ৰথযাত্রাত বিভিন্ন নীতি মানি চলা হ’ব৷ চৰকাৰে ইতিমধ্যে এই সন্দর্ভত নির্দেশাৱলী জাৰি কৰিছে৷ নির্দেশাৱলী অনুসৰি, ৰথযাত্রাত অতিৰিক্তভাৱে দুখনহে বাহন ব্যৱহাৰ কৰিব পাৰিব৷ ৰথযাত্রাত অংশগ্রহণকাৰীৰ সংখ্যা হ’ব লাগিব অতি সীমিত৷ অৱশ্যে পৰম্পৰা অনুসৰি আখাৰা, সংগীত শিল্পীৰ দল আৰু হাতী ব্যৱহাৰ কৰা হ’ব এইবাৰৰ ৰথযাত্রাতো৷ ৰাজ্যখনৰ মন্ত্রী প্রদীপসিং জাদেজাই সংবাদ মাধ্যমক জনাইছে এই তথ্য৷

You might also like