মাছৰ তেল স্বাস্থ্যৰ বাবে ক্ষতিকাৰক নেকি? পঢ়ক বিশেষজ্ঞৰ পৰামৰ্শ…
বহু লোকৰে ধাৰণা যে ডাঙৰ মাছৰ তেলে স্বাস্থ্য হানি কৰে! আনকি ভয়ৰ বাবে প্ৰিয় খাদ্য হ’লেও বহুলোকে যিমান পাৰে সিমান দূৰত থাকিবলৈ চেষ্টা কৰে। কিন্তু মাছৰ তেল সঁচাকৈয়ে শৰীৰৰ বাবে ক্ষতিকাৰক নে? কি কয় বিশেষজ্ঞই…
বিশেষজ্ঞসকলে কৈছে যে ইয়াৰ তেল মাছাৰ দৰে পুষ্টিকৰ। Protein, omega 3 fatty acid, যথেষ্ট ভিটামিন (এ, ডি), আয়ডিন আৰু লগতে এণ্টিঅক্সিডেণ্ট থাকে মাছৰ তেলত। যি এক অতি গুৰুত্বপূৰ্ণ পুষ্টি। লগতে অন্যান্য চৰ্বিয়েও ৭০ শতাংশ আৱৰি ৰাখে। মাছৰ তেলে হৃদযন্ত্ৰৰ বাবে সঠিক পুষ্টি প্ৰদান কৰে। নিয়মীয়াকৈ মাছ খোৱা সকলৰ মাজত হৃদযন্ত্ৰৰ সমস্যা অতি কম।
অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ এক অধ্যয়ন অনুসৰি, শিশুৰ বুদ্ধিমত্তা, স্মৃতি শক্তি আৰু দৃষ্টিশক্তি উন্নত কৰাত ডি.এইচ.এ.-য়ে এক উৎকৃষ্ট ভূমিকা পালন কৰিব পাৰে। ছয়ৰ পৰা দহ বছৰ বয়সৰ শিশুৱে পৰ্যাপ্ত অমেগা-3 আৰু ডি.এইচ.এ. প্ৰাপ্ত কৰিলে পৰৱৰ্তী জীৱনত বিকশিত, স্মৃতিশক্তি, দৃষ্টি শক্তি আৰু প্ৰতিভা হ’ব পাৰে।
ইয়াৰোপৰি মাছৰ তেলত এক এনে ৰাসায়নিক উপাদান থাকে, যি কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। সৰু কাঁইটীয়া মাছক কেলচিয়ামৰ এক গুৰুত্বপূৰ্ণ উৎস বুলিও কোৱা হয়। এনে সৰু মাছত অমেগা-3 চৰ্বিৰ উপৰিও, মাছত গুৰুত্বপূৰ্ণ খনিজ, চেলেনিয়াম, মেঙ্গানিজ আৰু ফছফৰাছ থাকে। যি দাঁত, পেশী আৰু হাড় গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।