নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডেল্টা প্রকৰণৰ বিৰুদ্ধে ৯০ শতাংশ সফল স্পুটনিক–ভি

নিয়মীয়া বাৰ্তা ১২ জুলাইঃ ৰাছিয়াৰ স্পুটনিক–ভি ভেকচিন ক’ভিড–১৯ৰ ডেল্টা প্রকৰণৰ বিৰুদ্ধে ৯০ শতাংশ ফলপ্রসূ৷ এই দাবী কৰিছে দেশখনৰ একাংশ বিজ্ঞানীয়ে৷ উল্লেখনীয় যে ২০২০ চনৰ আগষ্ট মাহত ৰাছিয়াই ক’ভিড–১৯ মহামাৰী প্রতিৰোধৰ প্রথমটো ভেকচিন স্পুটনিক–ভি প্রস্তুত কৰি উলিয়াইছিল৷ দেশখনৰ ন’ভ’চিবির্স্ক বিশ্ববিদ্যালয়ৰ পৰীক্ষাগাৰৰ মুৰব্বীগৰাকীয়ে সংবাদ মাধ্যমক এই কথা জনাইছে৷ ছের্গেই নেটেছ’ভে উল্লেখ কৰা অনুসৰি আমেৰিকা–ব্রিটেইন আদি বিভিন্ন দেশত অন্যান্য ভেকচিনবোৰৰ সমান্তৰালকৈ স্পুটনিক–ভি ভেকচিন ক’ভিড প্রতিৰোধৰ ক্ষেত্রত ফলপ্রসূ হিচাপে চিহ্ণিত হৈছে৷ উল্লেখনীয় যে নেটেছ’ভ ৰাছিয়ান একাডেমী অৱ ছায়েঞ্চৰ সৈতেও জড়িত হৈ আছে৷ আৰম্ভণিতে বিজ্ঞানীসকলে স্পুটনিক–ভিৰ ফলপ্রসূতাক লৈ সন্দেহ প্রকাশ কৰিছিল যদিও শেহতীয়াকৈ এই ভেকচিন বিধ ক’ভিডৰ পৰিৱর্তিত প্রকৰণৰ বিৰুদ্ধে সফল বুলি প্রমাণিত হৈছে৷

You might also like