নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম আৰক্ষীৰ সংস্কাৰ

দুমাহ সম্পূর্ণ কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে৷ ক’ভিড–১৯ৰ দ্বিতীয় লহৰৰ বিভীষিকা চলি থকাৰ সময়তে ১০ মে’ত ৰাজ্যৰ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হৈছিল ড০ শর্মা৷ ২০১৬ৰ বিধানসভা নির্বাচনত অভূতপূর্ব জনসমর্থনেৰে প্রথমবাৰৰ বাবে দিছপুৰৰ ক্ষমতা লাভ কৰিছিল বিজেপি নেতৃত্বাধীন চৰকাৰে৷ ২০২১ৰ বিধানসভা নির্বাচনতো ব্যাপক জনাদেশৰ আধাৰত দ্বিতীয়বাৰৰ বাবে ক্ষমতাত অধিষ্ঠিত হৈছে বিজেপি নেতৃত্বাধীন মিত্রজোঁটে৷ একেৰাহে দ্বিতীয়বাৰৰ বাবে দিছপুৰৰ ক্ষমতাত অধিষ্ঠিত এইখনেই হ’ল প্রথম অকংগ্রেছী চৰকাৰ৷ মিত্রজোঁটৰ চৰকাৰখনৰ ড০ শর্মাই গুৰিব’ঠা ধৰিয়ে বিগত দুমাহত কেইবাটাও গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ অধীনতে আছে ৰাজ্যৰ গৃহ বিভাগৰ গুৰুদায়িত্ব৷ বিগত দুমাহত অসম আৰক্ষীক গতিশীল কৰাৰ লক্ষ্যৰে ড০ শর্মাই গ্রহণ কৰা কঠোৰ সিদ্ধান্তই সর্বসাধাৰণ ৰাইজৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷ ৰাজ্যৰ আৰক্ষীৰ কাম–কাজ পৰিচালনা কৰাৰ বাবে নির্ধাৰিত নীতি–নিয়ম আছে৷ কিন্তু সেয়া যথোচিতভাৱে পালন নকৰাৰ বাবে চৰকাৰী প্রশাসন ব্যৱস্থাৰ অধীনত সর্বসাধাৰণ ৰাইজে আশা কৰাধৰণে উপকৃত হোৱা নাই৷ শাসকীয় পক্ষৰ বৰমূৰীয়া তথা মুখ্যমন্ত্রীগৰাকীৰ সদিচ্ছা থাকিলে ৰাজ্যৰ প্রশাসন ব্যৱস্থাই যে নতুন গতি লাভ কৰে সেয়া দুমাহতে অসমবাসীয়ে স্বচক্ষে প্রত্যক্ষ কৰিছে৷ ড০ শর্মাই মুখ্যমন্ত্রীৰ আসনত বহাৰ পাছতেই অসম আৰক্ষীয়ে ৰাজ্যজুৰি ড্রাগ্ছ তথা নিষিদ্ধ নিচাজাতীয় সামগ্রীৰ বিৰুদ্ধেই নহয়, গৰুৰ চোৰাং বেহা, শিশু আৰু মহিলাৰ ওপৰত নির্যাতন ৰোধ কৰিবলৈ বিশেষ অভিযান চলিছে৷ এই সময়ছোৱাত বুজন পৰিমাণৰ ড্রাগছ তথা নিষিদ্ধ নিচাযুক্ত সামগ্রী জব্দ কৰাৰ উপৰি শতাধিক লোকক গ্রেপ্তাৰ কৰিছে৷ ৰাজ্যখনৰ চৌদিশে আৰম্ভ হোৱা বৰবিহৰ বিৰুদ্ধে চলোৱা অভিযানত নিতৌ সাফল্য লাভ কৰিছে আৰক্ষীয়ে৷ আৰক্ষীৰ এনে আকস্মিক অভিযানত লাভ কৰা সফলতাই বহুতৰ মনত এই প্রশ্ণও উদয় হৈছে যে বছৰ বছৰ ধৰি মাৰাত্মক ড্রাগ্ছৰ সাম্রাজ্যখন কিদৰে আৰক্ষীৰ অজ্ঞাতে চলি আছে৷ নেতাৰ বলিষ্ঠ ভূমিকাই কিদৰে ৰাইজৰ কল্যাণ সাধন কৰিব পাৰে, সেয়া ড০ শর্মাৰ দুমহীয়া কার্যকালতে এখন স্পষ্ট ছবি দেখা গৈছে৷ ড্রাগ্ছৰ সাম্রাজ্যখন চলোৱা এনে অভিযানক সর্বসাধাৰণ ৰাইজেও আদৰণি জনাইছে আৰু বহু ক্ষতিগ্রস্ত পৰিয়ালে স্বস্তিৰ নিশ্বাস এৰিছে৷ ৯০ৰ দশকৰ পৰা তিনি দশক ধৰি ৰাজ্যখনত উগ্রপন্থী সংগঠনসমূহক নিয়ন্ত্রণৰ বাবেই অসম আৰক্ষীয়ে অধিক শক্তি প্রয়োগ কৰিবলগীয়া হৈছে৷ বিগত এটা দশকত ৰাজ্যখনৰ সশস্ত্র সংগঠনসমূহৰ অধিকাংশই আলোচনাৰ বাবে আগবাঢ়ি অহাৰ ফলত হিংসাত্মক ঘটনা বহু পৰিমাণে হ্রাস পাইছে৷ কিন্তু উগ্রপন্থীৰ হিংসা হ্রাস পালেও ৰাজ্যখনত হত্যা–ধর্ষণকে ধৰি মহিলাৰ ওপৰত চলা নির্যাতন হ্রাস হোৱা নাই৷ এনেবোৰ ঘটনাৰ সঠিক তদন্ত অথবা অভিযুক্তই দৃষ্টান্তমূলক শাস্তি লাভ কৰা নাছিল৷
গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী ড০ শর্মাই ৫ জুলাইত ৰাজ্যৰ থানাসমূহৰ ভাৰপ্রাপ্ত বিষয়াসকলৰ স’তে এক সন্মিলনত মিলিত হৈছে৷ অসম আৰক্ষীৰ ইতিহাসত নতুন নজিৰ সৃষ্টি কৰি মুখ্যমন্ত্রী ড০ শর্মাই হত্যা, ধর্ষণ, ড্রাগ্ছ সৰবৰাহকে ধৰি গুৰুতৰ অপৰাধসমূহৰ গোচৰসমূহ ছমাহৰ ভিতৰতে অভিযোগনামা আদালতত দাখিল কৰিবলৈ নির্দেশ দিছে৷ আৰক্ষী থানাসমূহ উন্নত কৰা, আৰক্ষীৰ লোকসকলক ছুটীকে ধৰি অন্যান্য সা–সুবিধা প্রদানৰ ক্ষেত্রতো এক সংস্কাৰমুখী পদক্ষেপ গ্রহণ কৰা দেখা গৈছে৷ ৰাজ্যখনৰ প্রায় ৩ কোটি ৪০ লাখ লোকক নিৰাপত্তা প্রদানৰ লগতে অপৰাধ নিয়ন্ত্রণ কৰাটো অসম আৰক্ষীৰ প্রধান দায়িত্ব৷ এই দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ হ’লে অসম আৰক্ষীৰ প্রয়োজন এক শক্তিশালী বাহিনীৰ৷ বিগত সময়ছোৱাত জনসংখ্যা বৃদ্ধি অনুসৰি আৰক্ষী থানা আৰু চকীৰ সংখ্যা বৃদ্ধি হোৱা নাই৷ একেদৰে অধিকাংশ থানাত নাই প্রয়োজনীয়সংখ্যক বিষয়া৷ সীমিতসংখ্যক বিষয়াৰে চলি থকা অসম আৰক্ষীৰ এক বৃহৎ শক্তি ভিআইপি–ভিভিআইপিৰ নিৰাপত্তাত নিয়োজিত হৈ থাকে৷ একাংশ আৰক্ষীৰ শীর্ষ বিষয়াৰ বিপৰীতেও নিয়োজিত আছে বুজনসংখ্যক আৰক্ষীৰ লোক৷ ফলত আৰক্ষী থানাসমূহত আশা কৰাধৰণে বিষয়া–কনিষ্টবলৰ অভাৱ হৈছে৷ আৰক্ষী বিভাগ যিমানেই দুর্বল হ’ব, সিমানেই বিপন্ন হ’ব জনসাধাৰণৰ নিৰাপত্তা৷ উৎসাহিত হয় অপৰাধীসকল৷ সমাজ ব্যৱস্থাৰ পৰা অপৰাধী চক্রক সমুলঞ্চে নির্মূল কৰিবলৈ হ’লে অসম আৰক্ষীক অধিক শক্তিশালী কৰিবই লাগিব৷ ইয়াৰ বাবে প্রথমে ৰাজ্যখনৰ থানাসমূহক সংস্কাৰ সাধন কৰি অপৰাধী চক্রৰ বিৰুদ্ধে যুঁজ দিব পৰা যোগ্য বিষয়াক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে৷ ইয়াৰ লগে লগে সময়োচিত আৰু বিজ্ঞানসন্মত তদন্তৰ জৰিয়তে যাতে আদালতৰ মজিয়াত অপৰাধীসকলে দৃষ্টান্তমূলক শাস্তি বিহিবলৈ হ’লে ৰাজ্যৰ ফৰেনছিক বিজ্ঞানাগাৰৰ সংখ্যাও বৃদ্ধি কৰিব লাগিব৷ আৰক্ষীয়ে অপৰাধীসকলক গ্রেপ্তাৰ কৰাৰ নামত যিমান শক্তি প্রয়োগ কৰে সেই অনুপাতে তদন্ত তথা বিচাৰ প্রক্রিয়াত কৰাহেঁতেন দোষী ব্যক্তিসকলে মুকলি আকাশৰ তলত ঘূৰি–ফুৰাৰ সুযোগ–সুবিধা নাপালেহেঁতেন৷ শেহতীয়াকৈ গুৰুতৰ অপৰাধত অভিযুক্তসকলৰ বিৰুদ্ধে আৰক্ষীয়ে গ্রহণ কৰা তৎপৰতা অনাগত দিনবোৰত অব্যাহত থাকিলে ৰাজ্যখন অপৰাধমুক্ত নহ’লেও অপৰাধ নিয়ন্ত্রণাধীন হ’ব বুলি আশা কৰিব পাৰি৷

You might also like