নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্চৰত্ন–অজগৰক অভয়াৰণ্য ৰূপে হিচাপে ঘোষণা কৰিবলৈ নেচার্ছ বেকনৰ ৰাজ্য চৰকাৰলৈ প্রস্তাৱ

নিয়মীয়া বাৰ্তা, ১৪ জুলাই: গোৱালপাৰা জিলাৰ দুখন বনাঞ্চল পঞ্চৰত্ন আৰু অজগৰক অভয়াৰণ্যৰ স্বীকৃতি দিয়াৰ দাবী উত্থাপন কৰিছে নেচার্ছ বেকনে৷ নেচার্ছ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তই যোৱা ৩০ জুনত বনমন্ত্রী পৰিমল শুক্লবৈদ্যক সাক্ষাৎ কৰি পঞ্চৰত্ন আৰু অজগৰ বনাঞ্চলক অভয়াৰণ্যৰ স্বীকৃতি দিবলৈ আনুষ্ঠানিকভাৱে প্রস্তাৱ–পত্র অর্পণ কৰে৷

তেওঁ লগতে মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাকো বিষয়টো বিস্তাৰিতভাৱে অৱগত কৰে৷ এক বিবৃতিত সৌম্যদ্বীপ দত্তই কয় যে গোৱালপাৰা জিলাৰ দুখন অত্যন্ত সমৃদ্ধশালী অৰণ্যৰ নাম পঞ্চৰত্ন অৰণ্য আৰু অজগৰ অৰণ্য৷ উত্তৰ–পূব ভাৰতৰ পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী নেচার্ছ বেকনে যোৱা দহ বছৰৰো অধিক কাল ধৰি এই দুই অৰণ্যৰ বন্যপ্রাণী অধ্যয়নৰ কামত ব্রতী হৈ আছে৷ এই দুখন অৰণ্য বনৰীয়া হাতীবোৰৰ প্রধান আশ্রয়স্থল৷ বনৰীয়া হাতীৰ বাহিৰেও নাহফুটুকী বাঘ, লাজুকী বান্দৰ, খুটীয়া পহু, সুগৰী পহু, শৰ পহু, মাটি ভালুক, বিণ্টুৰং, কেঁটেলা পহু, বনৰৌ, কেঁকোৰা খোৱা নেউল আদি অসংখ্য স্তন্যপায়ী বন্যপ্রাণী এই দুই অৰণ্যত বসবাস কৰে৷ বনৰীয়া চৰাইৰ ক্ষেত্রতো এই দুই অৰণ্য অত্যন্ত সমৃদ্ধ৷ নেচার্ছ বেকনৰ অনুসন্ধানকাৰী দলে পঞ্চৰত্নৰ অৰণ্যত ১৬৮ প্রজাতিৰ বনৰীয়া চৰাই আৰু অজগৰ অৰণ্যত ১৯৬ প্রজাতিৰ বনৰীয়া চৰাই নথিভুক্ত কৰিছে আৰু এই কামটো বর্তমানেও চলি আছে৷

পঞ্চৰত্ন অৰণ্য আৰু অজগৰ অৰণ্যত নেচার্ছ বেকনৰ অনুসন্ধানকাৰী দলে মুঠ ৩৬ প্রজাতিৰ স্তন্যপায়ী বন্যপ্রাণীৰ সন্ধান পাইছে৷ গোৱালপাৰা জিলাৰ এই দুখন অৰণ্যই বর্তমানেও স্ব–মহিমাত বহুত আপুৰুগীয়া বন্যপ্রাণীক ধাৰণ কৰি আছে৷ অতি সোনকালে এই দুখন অৰণ্যক অভয়াৰণ্য ৰূপে সংৰক্ষিত কৰাটো অত্যন্ত প্রয়োজন৷ পঞ্চৰত্নৰ অৰণ্যক ‘পঞ্চৰত্ন অভয়াৰণ্য’ আৰু অজগৰ অৰণ্যক ‘অজগৰ অভয়াৰণ্য’ ৰূপে সংৰক্ষিত কৰিব লাগিব৷

উল্লেখ্য যে প্রস্তাৱিত পঞ্চৰত্ন অভয়াৰণ্যৰ মাটিকালি প্রায় ৯৭৬.০৮ হেক্টৰ বনভূমিক আগুৰি আছে আৰু প্রস্তাৱিত অজগৰ অভয়াৰণ্য ৪২৪০.০৮ হেক্টৰ বনভূমি দখল কৰি আছে৷

You might also like