নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিন্নৰৰ ছিণ্ডিকেটঃ পাণবজাৰত তৃতীয় লিংগৰ উত্তাল প্রতিবাদ

নিয়মীয়া বাৰ্তা, ১৪ জুলাই: মানৱ অংগ তথা কিডনীৰ অবৈধ বেহাক লৈ ৰাজ্যজুৰি তীব্র চাঞ্চল্য বিৰাজ কৰি থকাৰ মাজতে অসম তথা উত্তৰ–পূবৰ একাংশ দৰিদ্র পৰিয়ালৰ শিশু তথা পুৰুষক দুষ্টচক্রই বলপূর্বকভাৱে লিংগ পৰিৱর্তন কৰি কিন্নৰ সজোৱাৰ আন এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ গুৱাহাটীৰ পৰাই দুষ্টচক্রই কিন্নৰৰ এই ৰেকেট চলাই আহিছে৷ অসমৰ পৰা দিল্লীলৈ নি একাংশ দৰিদ্র পৰিয়ালৰ শিশু তথা পুৰুষক বিভিন্ন প্রলোভনেৰে লিংগ পৰিৱর্তন কৰাই সেইসকল কিন্নৰক গুৱাহাটী মহানগৰীকে ধৰি দেশৰ বিভিন্ন ৰে’লৱে ষ্টেচনত মেলি দিছে৷

মহম্মদ আলী আৰু পিংকীৰ নেতৃত্বত চলা এই কিন্নৰ ৰেকেট চক্রৰে জড়িত ৬জন কিন্নৰক পাণবজাৰ মহিলা থানাৰ আৰক্ষীয়ে আটক কৰাত কিন্নৰসকলে আজি থানা চৌহদত তীব্র প্রতিবাদ সাব্যস্ত কৰে৷ আৰক্ষীয়ে আটক কৰা কিন্নৰকেইজনক মোকলাই দিয়াৰ দাবীত মঙলবাৰে শতাধিক কিন্নৰে পাণবজাৰ মহিলা থানা চৌহদত উপস্থিত হৈ বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ প্রতিবাদকাৰী কিন্নৰসকলে অভিযোগ কৰা মতে হাতীগাঁৱৰ তৃতীয় নিৱাসত জুলি নামৰ এগৰাকী কিন্নৰৰ নেতৃত্বত পাঁচ শতাধিক বাংলাদেশী কিন্নৰ অনা হয়৷ বাংলাদেশৰ পৰা অনা এই কিন্নৰসকলৰে মিলি চলিলৈ জুলীয়ে সকলো কিন্নৰক আহ্বান জনায় যদিও অসমীয়া কিন্নৰসকলে জুলিৰ এই প্রস্তাৱ মানি লোৱা নাছিল৷ এই লৈ যোৱা ৯ জুলাইত হাতীগাঁৱৰ তৃতীয় নিৱাসত দুই ফৈদৰ মাজত হতাহতি পর্যন্ত হয়৷

পৰৱর্তী সময়ত জুলিৰ লগতে একাংশ কিন্নৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ ইপিনে গুৱাহাটীত কিন্নৰৰ ৰেকেট চলি থকা সম্পর্কত বিধান বৰুৱাই এজাহাৰ দাখিল কৰি আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তক এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণৰ বাবে আহ্বান জনায়৷ পৰৱর্তী সময়ত পাণবজাৰ মহিলা থানাৰ আৰক্ষীয়ে ছগৰাকী কিন্নৰক আটক কৰে৷

প্রাপ্ত খবৰ মতে মেনেজাৰ মহম্মদ আৰিফে ধুবুৰী, মানকাচৰ আৰু গোৱালপাৰাকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তৰ দৰিদ্র পৰিয়ালৰ শিশু আৰু পুৰুষক দিল্লীলৈ নি তেওঁলোকৰ লিংগ পৰিৱর্তন কৰাই কিন্নৰৰ বজাৰলৈ মেলি দিয়ে৷ আনকি কিন্নৰসকলৰ ৰেকেট চলাই দুষ্টচক্রই নামে–বেনামে সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগ উঠিছে৷ অৱশ্যে আৰক্ষীৰ তদন্তৰ পাছত সকলো তথ্য পোহৰলৈ আহিব৷

You might also like