চাহ শ্রমিক নিয়োজিত হ’ব এমজি এনৰেগাৰত
নিয়মীয়া বাৰ্তা ১৫ জুলাইঃ চাহ বাগিচাৰ শ্রমিকসকলক নিশ্চত নিয়োগ আঁচনিৰ জৰিয়তে কাম দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিলে ৰাজ্যিক কেবিনেটে৷ আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত গ্রহণ কৰা সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা শীতকালীন সময়ছোৱাত চাহ বাগিচাৰ শ্রমিকক এমজিএনৰেগা আঁচনিৰ জৰিয়তে বাগিচাৰ ভিতৰত পুখুৰী খন্দা, ৰাস্তা নির্মাণ, নলা খন্দা আদি কামত নিয়োগ কৰা হ’ব৷ ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তসমূহ সদৰী কৰি মন্ত্রী কেশৱ মহন্ত আৰু পীয়ূষ হাজৰিকাই আজি জানিবলৈ দিয়ে যে আজি কেবিনেটে গাঁওসমূহত এমজিএনৰেগা আঁচনিৰ অধীনত পুখুৰী খন্দা আঁচনি অগ্রাধিকাৰ ভিত্তিত গ্রহণ কৰে৷ তদুপৰি গ্রামাঞ্চলত সাঁচি গছ, চন্দন গছ, চোম গছৰ পুলি ঘৰে ঘৰে ৰোপণ কৰি গ্রাম্য অর্থনীতি শক্তিশালী কৰাৰ বাবে এক সিদ্ধান্ত গ্রহণ কৰে কেবিনেটে৷ এইক্ষেত্রত সংশ্লিষ্ট জিলাৰ অভিভাৱক মন্ত্রী আৰু খণ্ড উন্নয়ন বিষয়াই স্থানীয় পৰিৱেশ চাই এই গছৰ পুলিসমূহ কিদৰে ৰোপণ কৰা হ’ব, সেই সন্দর্ভত আঁচনি গ্রহণ কৰিব৷
বুধবাৰৰ কেবিনেটে পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিৰে গ্রামাঞ্চলত বিদ্যালয়, অংগনৱাড়ী কেন্দ্র, পার্ক আদি নির্মাণৰ সিদ্ধান্ত লয়৷ কেবিনেটে আছাম ইনষ্টিটিউট অৱ ৰিছার্চ ফৰ ট্রাইবেল এণ্ড ছিডিউল কাষ্টক নতুন ৰূপ দি ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ বিভাগৰ জৰিয়তে জনজাতীয় গৱেষণা আৰু চর্চা কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰে৷ কেবিনেট বৈঠকৰ অধিক তথ্য সদৰী কৰি মন্ত্রী কেশৱ মহন্তই প্রকাশ কৰা মতে, আজিৰ বৈঠকত গুৱাহাটী উন্নয়ন বিভাগ (জি ডি ডি) আৰু নগৰ উন্নয়ন বিভাগ (ইউ ডি ডি)ক একলগ কৰি হাউছিং এণ্ড আর্বান এফেয়ার্ছ হিচাপে নতুন এটা বিভাগ খোলাৰ সিদ্ধান্ত লয়৷ মুখ্যতঃ কেন্দ্রীয় চৰকাৰৰ লগত সংগতি ৰাখি এই বিভাগটো স্থাপন কৰা হ’ব, যাৰ জৰিয়তে কেন্দ্রীয় চৰকাৰৰ পুঁজি আবণ্টনত যথেষ্ট সুবিধা হ’ব৷ একেদৰে আজিৰ বৈঠকে সাধাৰণ প্রশাসন বিভাগ (জি এ ডি) আৰু সচিবালয় প্রশাসন (এছ এ ডি) বিভাগক একলগ কৰি সাধাৰণ প্রশাসন বিভাগ হিচাপে নতুন ৰূপ দিয়াৰ সিদ্ধান্ত লয়৷
বুধবাৰৰ কেবিনেট বৈঠকে বাতৰিকাকত আৰু বৈদ্যুতিন মাধ্যমৰ বিজ্ঞাপনসমূহৰ বাবদ পাব লগা ধনৰাশি পোনে পোনে জনসংযোগ বিভাগৰ জৰিয়তে চিলিং দিয়াৰ সিদ্ধান্ত লয়৷ পূর্বে বিজ্ঞাপনৰ ধন বিত্ত বিভাগৰ অনুমোদনৰ জৰিয়তে মুকলি কৰি দিয়া হৈছিল৷ যাৰ বাবে সংবাদ প্রতিষ্ঠানসমূহে বিজ্ঞাপনৰ ধন লাভত কিছু পলম হৈছিল৷ কেবিনেট বৈঠকে গোলাঘাট চার্কোল আৰু সৰুপথাৰ চার্কোলক খৰাংপীড়িত অঞ্চল হিচাপে ঘোষণা কৰে৷ এই অঞ্চলকেইটাৰ পৰিস্থিতিৰ বুজ লোৱাৰ বাবে অচিৰেই গোলাঘাট আৰু সৰুপথাৰলৈ যাব ৰাজহমন্ত্রী যোগেন মহন আৰু জলসিঞ্চন মন্ত্রী অশোক সিংঘল৷ বিত্তমন্ত্রী অজন্তা নেওগৰ উপস্থিতিত এই দুগৰাকী মন্ত্রীয়ে খৰাংপীড়িত কৃষকক কিদৰে সাহায্য প্রদান কৰিব পাৰি, সেই দিশসমূহ পর্যালোচনা কৰিব৷
এই বৈঠকতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বাসভৱনটো সংৰক্ষণ কৰাৰ সিদ্ধান্ত লয়৷ ১০০ বছৰ পুৰণি এই ভৱনটোক হেৰিটেজ ভৱন হিচাপে চিহ্ণিত কৰি ইয়াক মেৰামতিৰ জৰিয়তে সংৰক্ষিত কৰা হ’ব৷ কেবিনেট বৈঠকত আজি এমাহৰ বাবে গুৱাহাটী পৌৰ নিগম এলেকাত বিলাতী সুৰাৰ হোম ডেলিভাৰী কৰাৰ সিদ্ধান্ত লয়৷ এইক্ষেত্রত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই প্রকাশ কৰা মতে, ক’ভিডৰ এই সময়ছোৱাত দোকান বন্ধ কৰাৰ আগে আগে সুৰাৰ বিপণীসমূহত যথেষ্ট ভিৰ হোৱা হেতু বিষয়টোৰ প্রতি লক্ষ্য ৰাখি অনলাইনৰ জৰিয়তে সুৰা যোগানৰ সিদ্ধান্ত লয়৷ এইক্ষেত্রত উচ্চতম ন্যায়ালয় আৰু মাদ্রাজ উচ্চ ন্যায়ালয়ৰ ক’ভিডৰ ক্ষেত্রত যি নির্দেশ সেই দিশসমূহ পৰীক্ষা কৰি এমাহৰ কাৰণে সুৰা অনলাইনৰ যোগেদি লাভ কৰাৰ সুবিধা কৰা হৈছে৷ এই ব্যৱস্থা সম্পূর্ণ পৰীক্ষামূলক হ’ব৷