নিয়মীয়া বাৰ্তা, ১৮ জুলাই: প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ শাসনকালত দেশে লাভ কৰিছে প্রথম স্বতন্ত্র ৰাষ্ট্রীয় নিৰাপত্তা নীতি৷ ইয়াৰ পূর্বে বিদেশী নীতিৰ অনুপ্রাণিত তথা প্রচ্ছায়াৰে আছিল দেশৰ নিৰাপত্তা নীতি৷ এই মন্তব্য কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ৷ নতুন দিল্লীৰ বিজ্ঞান ভৱনত বি এছ এফৰ অভিষেক কার্যসূচীত ‘ৰুস্তুমজী স্মাৰক’ বত্তৃণতানুষ্ঠানত অংশ লৈ কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে নৰেন্দ্র মোদীৰ কার্যকালতেই দেশে স্বতন্ত্র ৰাষ্ট্রীয় নীতি লাভ কৰা বুলি উল্লেখ কৰে৷
গৃহমন্ত্রীগৰাকীয়ে এই কথা স্পষ্ট কৰি কয় যে প্রধানমন্ত্রী মোদীৰ পূর্বে দেশত নিৰাপত্তা নীতি আছিল যদিও সেয়া ধাৰণাই কৰিব নোৱাৰি৷ কিন্তু মোদী শাসনত অধিষ্ঠিত হোৱাৰ পাছতেই স্বতন্ত্র ৰাষ্ট্রীয় নীতি লাভ কৰিলে৷
আনপিনে, চুবুৰীয়া ৰাষ্ট্রসমূহৰ সৈতে শান্তিপূর্ণ সম্পর্ক বর্তাই ৰখাটো দেশে বিচাৰে যদিও কোনোবাই যদি সীমান্তত আঘাত হানিব বিচাৰে, দেশৰ সার্বভৌমত্ব প্রত্যাহ্বান জনায়, তেতিয়াহ’লে দেশৰ নিৰাপত্তা নীতিৰে উচিত প্রত্যুত্তৰ দিয়া হ’ব বুলিও কয় গৃহমন্ত্রীগৰাকীয়ে৷
মন কৰিবলগীয়া যে ভাৰতৰ সৈতে চুবুৰীয়া দেশৰ সীমান্তত থকা উন্মুক্ত অঞ্চলসমূহ ফেন্সিঙেৰে ২০২২ চনৰ ভিতৰত সাঙুৰি লোৱা হ’ব বুলি ঘোষণা কৰে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে৷ বর্তমান সময়ত দেশৰ সীমান্তত তিনি শতাংশ উন্মুক্ত হৈ থকা বুলি উল্লেখ কৰি গৃহমন্ত্রীগৰাকীয়ে কয় যে সীমান্তত এই বৃহৎ উন্মুক্ত অঞ্চলেৰে সন্ত্রাসবাদীৰ অনুপ্রৱেশ, সীমান্ত অপৰাধ বিশেষকৈ অস্ত্র–শস্ত্র, নিচাযুক্ত দ্রব্য আদিৰ সৰবৰাহ চলি আহিছে৷ এনে ক্ষেত্রত মোদী চৰকাৰে সীমান্তৰ উন্মুক্ত অঞ্চল ফেন্সিঙেৰে সাঙুৰি লোৱাটো নিশ্চিত কৰাত গুৰুত্ব দিছে৷
গৃহমন্ত্রীগৰাকীয়ে পুনৰ কয়– ‘কোনেৱে সীমান্তত উন্মুক্ত অঞ্চল নিবিচাৰে৷ কিয়নো যদি ২০০ কিলোমিটাৰ সীমান্তৰ মাজত ১.৫ কিলোমিটাৰ উন্মুক্ত অঞ্চল ৰখা হয়, তেতিয়াহ’লে সমগ্র ফেন্সিঙেই ব্যৱহাৰ নকৰাৰ দৰে হয়৷ চৰকাৰে এই সন্দর্ভত সঠিক নীতিৰে এই উন্মুক্ত অঞ্চলসমূহ ফেন্সিঙেৰে সাঙুৰি ল’ব৷
আনহাতে, সম্প্রতি সীমান্তৰ সিপাৰৰ পৰা ড্র’নৰ আক্রমণৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰে থলুৱাভাৱে ড্র’নবিৰোধী প্রযুক্তি বিকশিত কৰিব বুলি উল্লেখ কৰি গৃহমন্ত্রীগৰাকীয়ে কয় যে এনে প্রযুক্তিৰ জৰিয়তে সীমান্তৰ সিপাৰৰ ড্র’নৰ প্রত্যাহ্বান জনাব পৰা যাব৷ এই অভিষেক কার্যসূচীত গৃহমন্ত্রীগৰাকীয়ে কর্তব্যৰত অৱস্থাত প্রাণ হেৰুওৱা বি এছ এফৰ জোৱানক সাহসিকতাৰ পদকো আনুষ্ঠানিকভাৱে অর্পণ কৰে৷