নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৰালাত দেহ ব্যৱসায়ী চক্র উৎখাত উদ্ধাৰ ৯ অসমীয়া মহিলা

নিয়মীয়া বাৰ্তা, ১৮ জুলাই: মানৱ সৰবৰাহৰ এক ভয়ংকৰ ৰেকেট সুদূৰ কেৰালাৰ থিৰুৱনন্তপুৰমত ধৰা পেলাবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে৷ বিভিন্ন উৎসৰ ভিত্তিত অসম আৰক্ষীৰ এটা দলে ৰাজ্যখনত উপস্থিত হৈ দেহ ব্যৱসায়ত জড়িত কৰা ৯গৰাকীকৈ মহিলাক উদ্ধাৰ কৰাৰ লগতে এই মানৱ সৰবৰাহত জড়িত হোজাই আৰু নগাঁৱৰ দুজন লোক ক্রমে মফিজুল হক আৰু ৰকবুল হুছেইনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷

অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান (আইন–শৃংখলা) জি পি সিঙে টুইটযোগে প্রকাশ কৰা অনুসৰি উদ্ধাৰ হোৱা মহিলাকেইগৰাকী নগাঁও, হোজাই, শোণিতপুৰ, মৰিগাঁও আৰু কামৰূপ জিলাৰ৷ কামৰ প্রলোভনেৰে কেৰালাৰ থিৰুৱনন্তপুৰমলৈ লৈ যোৱা মহিলাকেইগৰাকীক বলপূর্বকভাৱে দেহ ব্যৱসায়ত জড়িত কৰিছিল মফিজুল হক আৰু ৰকবুল হুছেইনে৷

উল্লেখ্য যে লংকা আৰক্ষী থানাত মহিলাকেইগৰাকীৰ পৰিয়ালৰ পৰা পোৱা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে যোৱা ১১ জুলাইত নিজাববীয়া এক গোচৰ ৰুজু কৰি তদন্ত চলোৱাৰ সময়তে দুই সৰবৰাহকাৰীৰ ম’বাইল ট্রেচ কৰাত তেওঁলোকৰ উপস্থিতি থিৰুৱনন্তপুৰমত ধৰা পৰে৷ তাৰ পাছতেই হোজাইৰ আৰক্ষীৰ এটা দল কেৰালাত উপস্থিত হৈ স্থানীয় আৰক্ষীৰ সহায়ত এই মহিলাকেইগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ অচিৰেই আৰক্ষীৰ দলটোৱে আইনী প্রক্রিয়া সম্পূর্ণ কৰি মহিলাকেইগৰাকীক অসমলৈ ঘূৰাই আনিব বুলি আজি হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই জানিবলৈ দিছে৷

You might also like