ক’ভিডৰ তৃতীয় ঢৌঃ জিলা–মহকুমা হাস্পতালত ২৯৫ আইচিইউ–৯২১ অক্সিজেনযুক্ত বেড
নিয়মীয়া বাৰ্তা, ১৮ জুলাই: ক’ভিডৰ দ্বিতীয় ঢৌৰ লগতে সম্ভাব্য তৃতীয় ঢ়ৌৰে যুঁজাৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে প্রয়োজনীয় আন্তঃগাঁথনি সাজু কৰি তুলিছে৷ চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহত আইচিইউ– অক্সিজেন সংলগ্ণ বিছনাৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে জিলা আৰু মহকুমা হাস্পতালতো আইচিইউ, অক্সিজেনযুক্ত বিছনাৰ ব্যৱস্থা কৰিছে৷ এতিয়ালৈ স্বাস্থ্য বিভাগে জিলা আৰু মহকুমা হাস্পতালত ২৯৫খন আইচিইউ আৰু ৯২১খন অক্সিজেনযুক্ত বিছনাৰ ব্যৱস্থা কৰিছে৷ বিধানসভাৰ চলিত বাজেট অধিৱেশনত যোৱা ১৬ জুলাইত বিধায়ক নুৰুল হুদাৰ এক লিখিত প্রশ্ণৰ উত্তৰত (নং ২৪০) স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই সদৰী কৰা অনুসৰি বাক্সাৰ ১২৩খন বিছনাযুক্ত ডাঃ ৰবি বড়ো চিভিল হাস্পতালত ১৭খন আইচিইউ নির্মাণৰ কাম চলি আছে৷ ২০০খন বিছনাযুক্ত বঙাইগাঁও চিভিল হাস্পতালত ২৫খন অক্সিজেন সংলগ্ন বিছনা আছে৷
তদুপৰি অতিৰিক্তভাৱে ৪৫খন অক্সিজেন সংলগ্ন বিছনাৰ লগতে প্রাপ্তবয়স্কৰ বাবে ২০খন আইচিইউ, ৫খন শিশুৰ বাবে আইচিইউ বিছনা নির্মাণৰ কাম চলি আছে৷ ১০০খন বিছনাযুক্ত চিৰাঙৰ জেএছবি চিভিল হাস্পতালত ২৩খন আইচিইউ আৰু ২৩খন অক্সিজেন সংলগ্ণ বিছনাৰ ব্যৱস্থা কৰা হৈছে৷ ৩২২খন বিছনাযুক্ত মঙলদৈ চিভিল হাস্পতালত ২০খন আইচিইউ, ১০৫খন অক্সিজেন সংলগ্ন বিছনা আছে৷ ২০০খন বিছনাযুক্ত ধেমাজি চিভিল হাস্পতালত ৫০খন অক্সিজেন সংলগ্ণ বিছনা আছে৷ ২০খন আইচিইউ বিছনাৰ নির্মাণকার্য চলি আছে৷ ২০০খন বিছনাযুক্ত ধুবুৰী চিভিল হাস্পতালত ১৬৪ অক্সিজেন চিলিণ্ডাৰৰ ব্যৱস্থা আছে৷ ২৭৭খন বিছনাযুক্ত হাফলং চিভিল হাস্পতালত ৪৫খন অক্সিজেন সংলগ্ণ বিছনা স্থাপন কৰা হৈছে৷ ২০৫খন বিছনাযুক্ত গোৱালপাৰা চিভিল হাস্পতালত ৬খন আইচিইউ, ৩৮খন অক্সিজেন সংলগ্ন বিছনা স্থাপন কৰা হৈছে৷ ৩০০খন বিছনাযুক্ত গোলাঘাটৰ কুশল কোঁৱৰ হাস্পতালত ৪২খন আইচিইউ, ৬৫খন অক্সিজেন সংলগ্ণ বিছনা স্থাপন কৰা হৈছে৷ ১২৯খন বিছনাযুক্ত হাইলাকান্দিৰ এছ কে ৰয় চিভিল হাস্পতালত ৩৭খন অক্সিজেন সংলগ্ন বিছনা আছে আৰু ১৫খন আইচিইউ বিছনা নির্মাণৰ কাম চলি আছে৷ কামৰূপ (মেট্র’)ৰ ২০০ বিছনাযুক্ত সোণাপুৰ জিলা হাস্পতালত ১৫খন আইচিইউ, ৮৭খন অক্সিজেন সংলগ্ন বিছনা আছে৷ ৪০ বিছনাযুক্ত কামৰূপৰ টিআৰবি চিভিল হাস্পতালত ৩খন অক্সিজেন সংলগ্ন বিছনা আছে৷ ২৩৭খন বিছনাযুক্ত কৰিমগঞ্জ চিভিল হাস্পতালত ৪৪খন অক্সিজেন সংলগ্ন বিছনা আছে৷ হাস্পতালখনত ২০খন আইচিইউ বিছনা নির্মাণৰ কাম চলি আছে৷ ২০০খন বিছনাযুক্ত কোকৰাঝাৰৰ ৰূপনাথ ব্রহ্ম চিভিল হাস্পতালত ১৬খন আইচিইউ আৰু ২০খন অক্সিজেন সংলগ্ন বিছনা আছে৷ ১০০খন বিছনাযুক্ত মাজুলীৰ গড়মূৰ জিলা হাস্পতালত ৩০খন অক্সিজেন সংলগ্ন বিছনা আছে৷ ১০০খন বিছনাযুক্ত মৰিগাঁও চিভিল হাস্পতালত ১০খন অক্সিজেন সংলগ্ণ বিছনা আছে৷ হাস্পতালখনত আইচিইউ বিছনা নির্মাণৰ কাম চলি আছে৷ ৩৬৯ বিছনাযুক্ত ভোগেশ্বৰী ফুকননী চিভিল হাস্পতালত ২০খন আইচিইউ আৰু ৬৮খন অক্সিজেন সংলগ্ন বিছনা আছে৷ ২৩৫ বিছনাযুক্ত নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি চিভিল হাস্পতালত ৫খন আইচিইউ আৰু ৪০খন অক্সিজেন সংলগ্ণ বিছনা আছে৷ ২৬৯ বিছনাযুক্ত শিৱসাগৰ চিভিল হাস্পতালত ১৬খন আইচিইউ আৰু ৩৪খন অক্সিজেন সংলগ্ন বিছনা আছে৷ ২৬২ বিছনাযুক্ত শোণিতপুৰৰ কনকলতা চিভিল হাস্পতালত ২৫খন অক্সিজেন সংলগ্ণ বিছনা আছে আৰু ১৫খন আইচিইউ বিছনা নির্মাণৰ কাম চলি আছে৷ ৩৩৯ বিছনাযুক্ত তিনিচুকীয়াৰ এনজিবি চিভিল হাস্পতালত ১৫খন আইচিইউ আৰু ৫০খন অক্সিজেন সংলগ্ণ বিছনা আছে৷ ১৪৭ বিছনাযুক্ত ওদালগুৰি চিভিল হাস্পতালত ৫খন ছেমি আইচিইউ আৰু ১০খন অক্সিজেন সংলগ্ন বিছনা আছে৷
আনহাতে বিশ্বনাথ চাৰিআলি মহকুমা চিভিল হাস্পতালত ১০খন অক্সিজেন সংলগ্ণ বিছনা, গহপুৰ মহকুমা চিভিল হাস্পতালত ১খন অক্সিজেন সংলগ্ন বিছনা, সোণাৰি মহকুমা চিভিল হাস্পতালত ১৫খন অক্সিজেন সংলগ্ণ বিছনা আছে৷ বিলাসীপাৰা মহকুমা চিভিল হাস্পতালত ১০টা অক্সিজেন চিলিণ্ডাৰৰ ব্যৱস্থা আছে৷ তিতাবৰ মহকুমা চিভিল হাস্পতালত ৮খন, ৰঙিয়া মহকুমা চিভিল হাস্পতালত ৫খন, ঢকুৱাখনা মহকুমা চিভিল হাস্পতালত ২খন, লিগিৰীপুখুৰী চিভিল হাস্পতালত ১৫খন, শদিয়া মহকুমা চিভিল হাস্পতালত ৭খন অক্সিজেনযুক্ত বিছনা আছে৷
সদনত স্বাস্থ্যমন্ত্রী মহন্তই আৰু কয় যে যোৱা ১২ জুলাই পর্যন্ত ৰাজ্যৰ গোৱালপাৰা চিভিল হাস্পতাল, গোলাঘাট চিভিল হাস্পতাল, বোকাখাত চিভিল হাস্পতাল, শিঙিমাৰী মডেল হাস্পতাল, কোকৰাঝাৰ চিভিল হাস্পতাল, নগাঁও চিভিল হাস্পতাল, শিৱসাগৰ চিভিল হাস্পতাল, তেজপুৰ মেডিকেল কলেজ আৰু তিনিচুকীয়া চিভিল হাস্পতালত স্থাপন কৰা অক্সিজেন প্লাণ্টৰ পৰা অক্সিজেন উৎপাদন আৰম্ভ হৈছে৷ আন ৩১ স্থানত অক্সিজেন প্লাণ্টৰ কাম পূর্ণগতিত চলি আছে৷ সেইদৰে গুৱাহাটী মেডিকেল কলেজ, ডিব্রুগড় মেডিকেল কলেজ, শিলচৰ মেডিকেল কলেজ, যোৰহাট মেডিকেল কলেজ, তেজপুৰ মেডিকেল কলেজ, বৰপেটা মেডিকেল কলেজ, লখিমপুৰ মেডিকেল কলেজ, গুৱাহাটীৰ মইনাখুৰুং মডেল হাস্পতাল আৰু মাৰোৱাৰী মেটাৰনিটী হাস্পতালৰ পৰা অক্সিজেন প্লান্তৰ পৰা দৈনিক ৭,০০০ এল পি এম অক্সিজেন উৎপাদন হয়৷