বৰঝাৰত উচ্ছেদ অভিযান, চলিল বুলডজাৰ
জাপানৰ প্ৰধানমন্ত্ৰীৰ সম্ভাৱ্য অসম ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ সন্মুখত বৃহৎ উচ্ছেদ অভিযান চলায় প্ৰশাসনে। আজাৰাৰ মিৰ্জাপুৰ অঞ্চলত কৃষিভূমিত গঢ়ি উঠা একাধিক ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি চৰকাৰী বুলডজাৰে প্ৰায় ১০খন দোকান উচ্ছেদ কৰে।
প্ৰশাসনৰ মতে, কৃষিভূমিত অবৈধভাৱে ব্যৱসায়িক প্ৰতিষ্ঠান স্থাপন কৰাৰ অভিযোগৰ ভিত্তিত এই অভিযান চলোৱা হৈছে। বিমানবন্দৰ অভিমুখে যোৱা পথৰ কাষত জধে-মধেভাৱে গঢ়ি উঠা দোকান-পোহাৰে এলেকাটোৰ সৌন্দৰ্য হ্ৰাস কৰাৰ লগতে যান-বাহন চলাচলতো সমস্যাৰ সৃষ্টি কৰিছিল।
আনহাতে, উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি ক্ষোভ প্ৰকাশ কৰিছে ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলে। তেওঁলোকৰ অভিযোগ, কোনো ধৰণৰ পূৰ্ব জাননী বা বিকল্প ব্যৱস্থাৰ সুযোগ নিদিয়াকৈ হঠাতে বুলডোজাৰ চলোৱা হৈছে। ফলত বহু পৰিয়ালৰ জীৱিকা বিপদত পৰিছে বুলি দাবী কৰে ব্যৱসায়ীসকলে।
ইফালে, প্ৰশাসনে স্পষ্ট কৰি দিছে যে চৰকাৰী ভূমি আৰু কৃষিভূমিত অবৈধ দখল আৰু নিৰ্মাণৰ বিৰুদ্ধে আগন্তুক দিনতো এনে অভিযান অব্যাহত থাকিব। বিমানবন্দৰৰ সন্মুখৰ এলেকাটোক অধিক পৰিষ্কাৰ, সুন্দৰ আৰু সুশৃংখল ৰূপ দিয়াৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে প্ৰশাসনে।
উচ্ছেদ অভিযানৰ পিছত সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে স্থানীয় লোকসকলৰ মাজতো বিষয়টো লৈ ব্যাপক আলোচনা চলিছে।
ডিজিটেল ডেস্ক, ১৬ জুন