নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ৩১ শতাংশ প্রাপ্তবয়স্কইহে পাইছে ক’ভিড ভেকচিনঃ মাহে ৩০ লাখক ভেকচিন দিলে টিকাকৰণ সম্পূর্ণ হ’ব ৫ মাহত

নিয়মীয়া বাৰ্তা, ১৯ জুলাই:  ক’ভিডৰ তৃতীয় লহৰৰ প্রাথমিক অৱস্থাত ইতিমধ্যে বিশ্ব সোমাই পৰিছে বুলি বিশ্ব স্বাস্থ্য সংস্থাই প্রকাশ কৰাৰ সময়তে অসমত পোহৰলৈ আহিছে আন এক উদ্বেকজনক তথ্য৷ ক’ভিড প্রতিৰোধৰ বাবে মূল অস্ত্র হিাচাপে ভেকচিন প্রদান অত্যন্ত জৰুৰী বুলি বিশ্ব স্বাস্থ্য সংস্থাই প্রকাশ কৰি অহাৰ বিপৰীতে ৰাজ্যত এতিয়াও ভেকচিন প্রদান প্রক্রিয়াই সামৰি ল’ব পৰা নাই গৰিষ্ঠসংখ্যক নাগৰিকক৷ ৰাজ্যত প্রাপ্তবয়স্ক লোকসকলৰ ভিতৰত মাত্র ৩১ শতাংশ লোকেহে লাভ কৰিছে প্রথম পালি ভেকচিন৷

ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য অনুসৰি কালি পর্যন্ত অসমত ক’ভিড ভেকচিনৰ প্রথম পালি লাভ কৰা লোকৰ সংখ্যা হৈছে ৭২.৩২ লাখ৷ সম্প্রতি ৰাজ্যত ১৮ বছৰ ঊর্ধ্বৰ জনসংখ্যা হৈছে ২.৭৩ কোটি৷ অর্থাৎ মুঠ প্রাপ্তবয়স্ক জনসংখ্যাৰ ৩১ শতাংশইহে ভেকচিন লাভ কৰিছে৷ আনহাতে, ৰাজ্যখনত মুঠ ১৫.২৬ লাখ লোকেহে লাভ কৰিছে ভেকচিনৰ দুয়োটা পালি৷

উল্লেখ্য যে ভেকচিনৰ যোগান প্রয়োজন অনুসাৰে লাভ নকৰা বাবেই ৰাজ্যত হ্রাস পাইছে ভেকচিন প্রদানৰ সংখ্যাও৷ যোৱা ২১ জুনৰ পৰা ৰাজ্যত আৰম্ভ কৰা হৈছিল বর্ধিত টিকাকৰণ অভিযান৷ এই অভিযানৰ অধীনত কেইবাদিনো দৈনিক তিনি লাখকৈ ভেকচিন প্রদান কৰা হৈছিল৷ অৱশ্যে পৰৱর্তী সময়ত ইয়াৰ যোগান হ্রাস পোৱাৰ ফলত দৈনিক প্রদান কৰা ভেকচিনৰ সংখ্যা কম হ’বলৈ আৰম্ভ কৰে৷ এই বর্ধিত টিকাকৰণ অভিযানৰ সময়ত ৰাজ্যৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই প্রকাশ কৰিছিল যে দৈনিক তিনি লাখকৈ ভেকচিন প্রদান প্রক্রিয়া অব্যাহত থাকিলে ১৫ আগষ্টৰ ভিতৰত ৰাজ্যত ভেকচিন প্রদান প্রক্রিয়া এক সুস্থিৰ অৱস্থাত উপনীত হ’ব৷ কিন্তু পৰৱর্তী সময়ত ক্রমাৎ ভেকচিন প্রদান হ্রাস পোৱাত স্বাস্থ্যমন্ত্রীগৰাকীয়ে প্রকাশ কৰা ধৰণে ৰাজ্যত ভেকচিন প্রদান সম্পন্ন নোহোৱাটো একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷ প্রাথমিক অৱস্থাত স্বাস্থ্যমন্ত্রীগৰাকীৰ এই মন্তব্যই ৰাইজৰ মাজত যথেষ্ট আশাৰ সঞ্চাৰ কৰিছিল৷ কিয়নো ক’ভিডৰ তৃতীয় জোৱাৰৰ আগমনৰ সময়ত ৰাজ্যৰ অধিকাংশ লোকেই ভেকচিন লাভ কৰিব বুলি সকলোৱে আশা কৰিছিল৷ কিন্তু বর্তমানৰ পর্যায়ত ভেকচিন প্রদান প্রক্রিয়া অব্যাহত থাকিলে আগষ্টৰ ভিতৰত ১৮ বছৰৰ ঊর্ধ্বৰ মুঠ জনসংখ্যাৰ ৫০ শতাংশকো সামৰি ল’ব পৰা নাযাব ভেকচিন প্রদান প্রক্রিয়াত৷

স্বাস্থ্য বিভাগৰ এক উচ্চস্তৰীয় সূত্রই সদৰী কৰা অনুসৰি প্রতি মাহত ৩০ লাখ লোকক ভেকচিন প্রদান কৰিলেও যোগ্য ২.৩৭ কোটি জনসংখ্যা প্রথম ড’জ ভেকচিন প্রদান কৰাৰ বাবে ৫ মাহতকৈও অধিক সময়ৰ প্রয়োজন হ’ব৷ বিষয়াগৰাকীৰ মতে, ক’ভিডৰ বর্তমানৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি ৫ মাহ সময় যথেষ্ট দীঘলীয়া৷ অৱশ্যে যোৱা সপ্তাহত অসমত ভেকচিন প্রদান প্রক্রিয়াই কিছু গতি লাভ কৰিছে৷ বিগত ৭ দিনত ৮.৭৭ লাখ লোকক ভেকচিন প্রদান কৰা হৈছে৷ চলিত মাহতে অসমে এইধৰণে ভেকচিন প্রদান অব্যাহত ৰাখিলে এক কোটিৰ ঘৰ অতিক্রম কৰাৰ সম্ভাৱনা আছে৷

লক্ষণীয় যে উত্তৰ–পূর্বাঞ্চলৰ ভিতৰত এতিয়ালৈকে ত্রিপুৰাত সর্বাধিক ভেকচিন প্রদান কৰা হৈছে৷ আনহাতে, অসমৰ কেইবাখনো জিলাত কঠোৰ নীতি–নির্দেশনা প্রদান কৰাৰ পাছত শেহতীয়াকৈ কিছু পৰিমাণে হ্রাস পাবলৈ আৰম্ভ কৰিছে ক’ভিডৰ সংক্রমণ৷ কালি ক’ভিডৰ সংক্রমণ ১.২৯ শতাংশলৈ হ্রাস পাইছে৷ অৱশ্যে এতিয়াও চিকিৎসাধীন হৈ আছে ১৭,৪৩১জন লোক৷ দেওবাৰে সন্ধিয়া ৬.৩০ বজালৈ মুঠ ১৪,৮০৮জন লোকক ভেকচিন প্রদান কৰা হৈছে৷ কো–উইন এপত এই তথ্য উল্লেখ কৰা হৈছে৷

You might also like