নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীঘ্রে পূৰণ হ’ব অসম আৰক্ষীৰ ১৫,৩১০টা পদ

নিয়মীয়া বাৰ্তা ২০ জুলাইঃ সম্প্রতি অসম আৰক্ষীৰ ৭ আই পি এছ আৰু ৩০ এ পি এছৰ বিৰুদ্ধে বিভিন্ন গোচৰৰ তদন্ত চলি আছে৷ সোমবাৰে সদনত এই কথা প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সদনত বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসম আৰক্ষীত কর্মৰত মুঠ ৭জন আই পি এছ আৰু ৩০জন এ পি এছ বিষয়াৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ গোচৰ আৰু গোচৰসমূহৰ তদন্ত অব্যাহত আছে৷ গোচৰ থকা ৭ অভিযুক্ত আই পি এছ বিষয়া হৈছে ড০ এন ৰাজা মাৰথাণ্ডাল, ৱাই কে গৌতম, গৌৰৱ উপাধ্যায়, সত্যৰাজ হাজৰিকা, মৃদুল দত্ত, ৰৌনাক আলী হাজৰিকা আৰু বি কে মিশ্র৷

সেইদৰে গোচৰ থকা ৩০ এ পি এছ বিষয়া হৈছে মানৱেন্দ্র গগৈ, নয়নমণি বর্মন, ভাস্কৰ ওজা, নন্দন শর্মা, হেমেন দাস, অঞ্জন বৰা, প্রণৱজ্যোতি গোস্বামী, দীপাংকৰ দত্ত লহকৰ, বলীন দেউৰী, বীৰবিক্রম গগৈ, কুমাৰ সঞ্জীত কৃষ্ণ, যতীন চন্দ্র দাস, হেমন্ত দাস, শিৱ কুমাৰ ৰয়, অমৃত হোজাই, পংকজ কুমাৰ কাকতি, সূর্যকান্ত মৰাণ, সবিতা দাস, ঘনকান্ত হাজৰিকা, অর্ণৱ ডেকা, জতিৰঞ্জন নাথ, তৰুণ চন্দ্র বড়ো, সুৰজিৎ সিং পানেছাৰ, ফকৰুল ইছলাম, আনন্দ তকবি, মুকুত ৰাভা, টি পেগু, কে দাস, পংকজ শর্মা৷

আনহাতে, বর্তমান অসম আৰক্ষীত খালী হৈ থকা ১৫,৩১০টা পদ খুব সোনকালে পূৰণ কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰে৷ তদুপৰি ৰাজ্যত নতুনকৈ ১০টা কমাণ্ড বেটেলিয়ন গঠন কৰা হ’ব৷ ইয়াতো ১২ হাজাৰ লোকে নিযুক্তি লাভ কৰিব৷ অসম আৰক্ষীৰ আধুনিকীকৰণ সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বর্তমান ৰাজ্যখনত ৯খন আৰক্ষী থানা, ১৮খন আউট প’ষ্ট, ৫খন পেট্র’ল প’ষ্ট, এটা পুলিছ চেক প’ষ্ট ভাৰাগৃহত চলি আছে৷ অসম আৰক্ষীয়ে ইতিমধ্যে আৰক্ষী থানাসমূহ মৈত্রী আঁচনিৰ জৰিয়তে আধুনিকীকৰণ কৰি আছে৷ আধুনিকীকৰণ কৰিবলৈ বাকী থকা সকলো আৰক্ষী থানা সেই আঁচনিৰ অধীনত আধুনিকীকৰণ কৰা হ’ব৷ তদুপৰি প্রতিখন আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়াক একোখনকৈ গাড়ী দিয়া হ’ব৷ যিবোৰ অঞ্চলত গাড়ী চলাচলৰ ক্ষেত্রত সুবিধা নাই, সেই অঞ্চলত আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়াক একোখনকৈ মটৰচাইকেল দিয়া হ’ব৷ নদী আৰক্ষীক এতিয়াৰে পৰা জিলা আৰক্ষী অধীক্ষৰ অধীনলৈ অনা হ’ব৷ সেইদৰে প্রতিখন আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়াক বিভিন্ন দুর্ঘটনাত নিহত লোকৰ পোষ্ট মর্টেম কৰা, থানাত কয়দী ৰখাকে ধৰি বিভিন্ন কাম–কাজ সম্পাদন কৰাৰ বাবে বছৰি ৩ লাখ টকাকৈ দিয়া হ’ব৷ আৰক্ষী থানাসমূহত একোটাকৈ কম্পিউটাৰ দিয়া হ’ব৷ সেইদৰে প্রত্যেক আৰক্ষী থানাত জেনেৰেটৰ দিয়াৰ ব্যৱস্থা কৰা হ’ব৷ তদুপৰি দুর্ঘটনাত কোনো লোকৰ মৃত্যু হোৱাৰ পাছত পোষ্ট মর্টেম ৰিপ’ট, পুলিচ ভেৰিফিকেচন ৰিপ’ট, চাকৰি প্রার্থীৰ পুলিচ ভেৰিফিকেচন ৰিপ’ট আদি এটা নির্দিষ্ট দিনৰ ভিতৰত সংশ্লিষ্ট ব্যক্তিক প্রদান কৰাৰ বাবে ইতিমধ্যে ব্যৱস্থা কৰা হৈছে৷

ইতিমধ্যে হৈ যোৱা অ’চি কনফাৰেঞ্চত নির্ধাৰণ কৰা নিয়মসমূহৰ কালি মাইনিউটছ হৈছে৷ সেইদৰে অসম আৰক্ষীক গতিশীল কৰাৰ বাবে তদন্ত আৰু আইন–শৃংখলা শাখা দুটা পৃথক কৰা হৈছে৷ তদন্ত শাখাত উপ–পৰিদর্শকৰ বাবে বেলেগ পদ সৃষ্টি কৰা হ’ব৷ একেদৰে অহা ৩ মাহৰ ভিতৰত ইতিমধ্যে চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰা একাংশ আৰক্ষী উপ–পৰিদর্শক আৰু সহকাৰী পৰিদর্শকক আৰক্ষী বিভাগত পুনৰ নিয়োজিত কৰিব৷ তেওঁলোকৰ দ্বাৰা বর্তমান ৰাজ্যখনত নিষ্পত্তি নোহোৱাকৈ থকা ১ লাখৰো অধিক গোচৰ নিষ্পত্তিৰ ব্যৱস্থা কৰা হ’ব৷ সদনত মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা অনুসৰি বর্তমান ৰাজ্যখনত যোৱা ৩১ মে’ পর্যন্ত ১,০৬,৯৯৯টা গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে৷ ইয়াৰে ৪,৭০৪টা গোচৰ ১০ বছৰতকৈও অধিক কাল নিষ্পত্তি নোহোৱাকৈ আছে৷ অসম আৰক্ষীক আধুনিকীকৰণৰ অন্যতম অংশ হিচাপে চাইবাৰ ড’ম’ৰ কামো পূর্ণগতিত চলি আছে৷

উগ্রপন্থীৰ গতি–বিধিকে ধৰি সীমান্তত কেনেদৰে ড্র’নৰ ব্যৱহাৰ কৰিব, সেই সম্পর্কত আৰক্ষীৰ এটা দল অচিৰে প্রশিক্ষণৰ বাবে দিল্লীলৈ লৈ যাব৷ অসম আৰক্ষীৰ হাউছিং ব্যৱস্থাও সন্তোষজনক নহয় বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসম আৰক্ষীত হাউছিং ব্যৱস্থা ১৫ৰ পৰা ১৬ শতাংশ৷ কিন্তু ৰাষ্ট্রীয় পর্যায়ত এই হাৰ ৩৫ৰ পৰা ৪০ শতাংশ৷ এই হাউছিং ব্যৱস্থা ৰাষ্ট্রীয় হাৰৰ পর্যায়লৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হ’ব৷ প্রতিখন জিলাতে চি আৰ পিৰ জোৱানসকলৰ থকাৰ বাবেও একোটাকৈ কেন্দ্র স্থাপন কৰা হ’ব৷ সদনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সকলো মহকুমা সদৰত একোখনকৈ আৰক্ষী থানা দুমাহৰ ভিতৰত স্থাপন কৰিব বুলি প্রকাশ কৰে৷

ইপিনে বিধায়ক আমিনুল ইছলাম (জ্যেষ্ঠ)ৰ এক প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ২০১০ চনৰ ১ জানুৱাৰীৰ পৰা চলিত বর্ষৰ ৩০ জুনলৈকে অসমত মুঠ ২০,২৪৫টা ধর্ষণ, ১৪,৩২১টা হত্যাকাণ্ড, ৫৭,৮৪২টা অপহৰণ, ২৮৩টা দলবদ্ধ নিগ্রহ, ১,১২,৪৭৮টা নাৰী নির্যাতন, ১১১টা ডাইনী সন্দেহত হত্যা, ৫,৮৫৩টা ড্রাগ্ছ সৰবৰাহ, ২,৯২০টা ডকাইতি আৰু ৩৫৩টা দুর্নীতিৰ গোচৰ ৰুজু হয়৷ যোৱা ১০ বছৰত নিজৰ পৰিয়ালৰ লোকৰ দ্বাৰা মুঠ ১৯টা ধর্ষণ আৰু ধর্মগুৰুৰ দ্বাৰা ৪টা ধর্ষণৰ গোচৰ ৰুজু হৈছে৷ এই সময়ছোৱাত দুর্নীতিৰ গোচৰত ৫,৭৮জন লোক গ্রেপ্তাৰ হয়৷ সেইদৰে বিধায়ক নজৰুল হকৰ এক লিখিত প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই সদনত প্রকাশ কৰা অনুসৰি যোৱা ৩০ জুন পর্যন্ত বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা বিদেশী বুলি ঘোষিত ২,৫৫১জন বিদেশীক ডিটেনচন কেম্পত ৰখা হৈছে৷ বর্তমানলৈকে ডিটেনচন কেম্পত থকা ২৯জন ঘোষিত বিদেশী বিভিন্ন ৰোগজনিত কাৰণত মৃত্যু হৈছে৷ আনহাতে উচ্চতম ন্যায়ালয়ে ২০১৯ৰ ১০ মে’ত দিয়া এক নির্দেশ অনুসৰি ৩ বছৰৰ অধিক কাল ডিটেনচন কেম্পত থকা ২৭৩জন বিদেশী ঘোষিত লোকক জামিনত মুক্তি দিয়া হৈছে৷ সেইদৰে উচ্চতম ন্যায়ালয় আৰু গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ নির্দেশমর্মে দুই বছৰ বা তাতোতকৈ অধিক কাল ডিটেনচন কেম্পত থকা ৪৮১জন বিদেশী ঘোষিত লোকক জামিনত মুক্তি দিয়া হৈছে৷

You might also like