নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুলীবিদ্ধ চুপাৰি মাফিয়াঃ চিকিৎসালয়ত বাবলুৰ সমর্থকৰ উদ্ভণ্ডালি

নিয়মীয়া বাৰ্তা ২২ জুলাইঃ চুপাৰি মাফিয়া আব্দুল হান্নান আলী ওৰফে বাবলু গুলীবিদ্ধ হোৱাৰ পাছত নিশা বঙাইগাঁও অসামৰিক চিকিৎসালয়ত একাংশ সমর্থকে উত্তেজনাপূর্ণ পৰিৱেশ সৃষ্টি কৰে৷ আহত আব্দুল হান্নান আলীক নির্দোষী বুলি দাবী কৰি আৰক্ষীয়ে ভুৱা সংঘর্ষৰ সূত্রপাত কৰা বুলি এইসকল লোকে হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰে৷ বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ জি এম চি এইচলৈ স্থানান্তৰ কৰাৰ বাবে এম্বুলেঞ্চত উঠোৱাৰ সময়তে আহত আব্দুল হান্নানৰ প্রায় ১৫জনীয়া সমর্থকৰ দল এটা উপস্থিত হৈ হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰে৷ জিলাখনৰ বাহিৰৰ এইসকল লোকে আৰক্ষীৰ বিৰুদ্ধে হুংকাৰ দি গোলাঘাটৰ লগতে অসম জ্বলাই দিয়াৰ হুংকাৰ দিয়ে৷ আব্দুল হান্নান আলী ওৰফে বাবলু চুপাৰি মাফিয়াৰ সলনি সমাজকর্মী বুলি দাবী কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে এইসকল লোকে৷ চিকিৎসালয় চৌহদত সৃষ্টি কৰা এনে হুলস্থূলীয়া পৰিৱেশৰ বাবে স্বাস্থ্যকর্মীসকলে আহত আব্দুল হান্নান আলীক এম্বুলেঞ্চত উঠাবলৈ অপাৰগতা প্রকাশ কৰে৷ পৰৱর্তী সময়ত উত্তেজিত সমর্থকসকলে স্বাস্থ্যকর্মীসকলক বাট এৰি দিয়াতহে আহত আব্দুল হান্নান আলীক এম্বুলেঞ্চত উঠাবলৈ সক্ষম হয়৷

ইফালে, চিকিৎসালয় চৌহদত সৃষ্টি হোৱা এনে অনাকাংক্ষিত পৰিৱেশৰ প্রতি লক্ষ্য ৰাখি জিলা আৰক্ষী অধীক্ষক স্বপ্ণনীল ডেকাই তাৎক্ষণিকভাৱে এম্বুলেঞ্চখন উলিয়াই নিয়াৰ নির্দেশ দিয়ে৷ বঙাইগাঁও থানাত ৰুজু ৪৬০/২১নং গোচৰৰ ভিত্তিত গোলাঘাটৰ পৰা গ্রেপ্তাৰ কৰা আব্দুল হান্নান আলীক কালি সন্ধিয়া আৰক্ষীয়ে চৌৰাগুৰিলৈ নিয়া হৈছিল৷ কিছুদিন পূর্বে চৌৰাগুৰিত স্বপন সৰকাৰৰ ঘৰত বার্মিজ চুপাৰি উদ্ধাৰ হোৱা ঘটনাৰ তদন্ত কৰি উভতি অহাৰ সময়ত চাপৰাকাটাত থকা ধাবা এখনত আব্দুল হান্নান আলীসহ আৰক্ষীৰ দলটো ৰখাৰ সময়তে গুলীচালনাৰ ঘটনা সংঘটিত হয়৷

বঙাইগাঁও আৰক্ষী অধীক্ষক স্বপ্ণনীল ডেকাই এই সন্দর্ভত জানিবলৈ দিয়া মতে, আব্দুল হান্নান আলীসহ তদন্তকাৰী আৰক্ষী দলে চৌৰাগুৰিৰ পৰা ওভতাৰ সময়ত চাপৰাকাটাৰ পাঞ্জাবী ধাবাত প্রস্রাৱ কৰাৰ লগতে চাহ–পানী খোৱাৰ বাবে নিশা ৯মান বজাত কিছু সময় ৰাখিছিল৷ এই সময়ছোৱাত আব্দুল হান্নান আলীয়ে কনিষ্টবল এজনৰ মাৰণাস্ত্র কাঢ়ি পলায়নৰ চেষ্টা চলায়৷ আৰক্ষীক আক্রমণ কৰি পলায়নৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীয়ে শূন্যলৈ গুলীচালনাৰ লগতে ভৰিলৈ লক্ষ্য কৰি গুলীচালনা কৰে৷ ইয়াৰ ফলত আব্দুল হান্নান আলী বাঁও ভৰিত গুলীবিদ্ধ হয়৷ আনহাতে, আব্দুল হান্নানৰ আক্রমণত সহকাৰী পৰিদর্শক কৃষ্ণাণু পাঠক আৰু কনিষ্টবল নাজিমুদ্দিন খান আহত হয়৷ আহত তিনিওকে ততাতৈয়াকৈ বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও আব্দুল হান্নান আলীক জি এম চি এইচলৈ স্থানান্তৰ কৰা হয়৷

You might also like