নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একেদিনাই ৪৮ ডিএফঅ’ক বদলি

নিয়মীয়া বাৰ্তা ২২ জুলাইঃ বন বিভাগৰ কাম–কাজক লৈ কেইদিনমান পূর্বে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুকলিকৈ অসন্তুষ্টি ব্যক্ত কৰাৰ পিছত বিভাগটোক লৈ তৎপৰ হৈ পৰিছিল বনমন্ত্রী পৰিমল শুক্লবৈদ্য৷ ইয়াৰ অংশ হিচাপে একেদিনাই বদলি কৰা হৈছে বিভাগটোৰ ৪৮গৰাকীকৈ ডিএফ’ক৷ কালি বদলিৰ নির্দেশ দিয়া বন বিষয়াসকলক অহা ২৩ জুলাইৰ ভিতৰত নতুন কর্মথলীত যোগদানৰ নির্দেশ দিয়া হৈছে৷

সেই অনুসৰি ডুমডুমাৰ ডিএফ’ ৰাজীৱ কুমাৰ দাসক গুৱাহাটীৰ ফ’ৰেষ্ট ইউটিলাইজেচন অফিচাৰ, চিচিএফ (এলএজেড)ৰ সংলগ্ণ হৈ থকা ডিচিএফ প্রশান্ত ধানধাক গুৱাহাটীৰ পিচিচিএফৰ পৰিকল্পনা বিষয়া–২, চিচিএফ (চিএচি)ত সংলগ্ণ হৈ থকা ডিচিএফ জিতেন্দ্র কুমাৰক গোৱালপাৰাৰ ডিএফ’, কাছাৰৰ ডিএফঅ’ ছানিডে’ ইন্দ্রডে’ চৌধুৰীক উত্তৰ কামৰূপৰ ডিএফঅ’, গুৱাহাটীৰ সামাজিক বনানীকৰণৰ ডিএফঅ’ ডিম্পী বৰাক কামৰূপ (পশ্চিম)ৰ ডিএফঅ’, চিচিএফ (আৰইএণ্ডডব্লিউপি)ৰ ডিচিএফ ৰোহিণী বল্লভ শইকীয়াক কামৰূপ (পূব)ৰ ডিএফঅ’, তিনিচুকীয়া বন্যপ্রাণীৰ ডিএফঅ’ ৰাজেন্দ্র সিং ভাৰতীক ডুমডুমাৰ ডিএফঅ’, বিশ্বনাথ বন্যপ্রাণীৰ ডিএফঅ’ অশ্বিনী কুমাৰক ৰাজ্যিক চিৰিয়াখানাৰ ডিএফঅ’ হিচাপে বদলি কৰা হৈছে৷

সেইদৰে শোণিতপুৰ পূবৰ ডিএফঅ’ জয়শ্রী নাইডিঙক গুৱাহাটী বন্যপ্রাণীৰ ডিএফঅ’, শিৱসাগৰৰ ডিএফ’ কদম সুভাষ তাৰাচান্দক হণ্টুগাঁৱৰ ডিএফ’, মঙলদৈ বন্যপ্রাণীৰ ডিএফ’ বি ভি সন্দীপক ডিব্রুগড়ৰ ডিএফঅ’, ধুবুৰীৰ ডিএফঅ’ পল্লৱী বিজয় ত্রিমবাকক নামনি অসম চার্কোলৰ কার্যকৰী পৰিকল্পনা বিষয়া, নগাঁও বন্যপ্রাণীৰ ডিএফঅ’ অৰুণ ভিগনেশক শোণিতপুৰ পূবৰ ডিএফ’, ৰাজ্যিক চিৰিয়াখানাৰ ডিএফ’ তেজাছ মাৰিস্বামীক কাছাৰৰ ডিএফ’, এফ ইউ অ’ এ এম গোস্বামীক সামাজিক বনানীকৰণৰ চিচিএফৰ সৈতে চিচিএফ হিচাপে সংলগ্ণ কৰা হৈছে৷ পিচিচিএফৰ পৰিকল্পনা বিষয়া–২ আণ্টামাছ বাইগক ফ’ৰেষ্ট স্কুলৰ সঞ্চালক হিচাপে বদলি কৰি অতিৰিক্তভাৱে চিএছএএছএফৰ চার্কোলৰ চিএফৰ সৈতে ডিচিএফ হিচাপে সংলগ্ণ কৰা হৈছে৷

একেদৰে ডিব্রুগড়ৰ সামাজিক বনানীকৰণৰ ডিএফঅ’ ছাইদুল ইছলামক পিচিচিএফ (বন্যপ্রাণী)ৰ ডিচিএফ, চিএছএএছএফ চার্কোলৰ ডিচিএফ বিনোদ পায়েঙক গুৱাহাটীৰ সামাজিক বনাননীকৰণৰ ডিচিএফ, বঙাইগাঁৱৰ আই ভেলীৰ ডি এফ অ’ এ এছ আৰিফক পিচিচিএফৰ কার্যালয়ত ডিচিএফ (এমএণ্ডই), বিশ্বনাথৰ সামাজিক বনানীকৰণৰ ডিএফ’ পল্লৱ ডেকাক নগাঁও বন্যপ্রাণীৰ ডিএফঅ’, কামৰূপ পশ্চিমৰ ডিএফঅ’ ৰঞ্জিত কোঁৱৰক যোৰহাটৰ উজনি অসম চার্কোলৰ কার্যকৰী পৰিকল্পনা বিষয়া, শোণিতপুৰ পশ্চিমৰ ডিএফঅ’ ছফিকুৰ ৰহমানক পিচিচিএফ (বন্যপ্রাণী)ৰ ডিচিএফ (বলৱৎকাৰী), চি এফ (ই এ চি)ৰ ডিচিএফ সমীৰ শুক্লবৈদ্যক চিচিএফ (আৰ ই ডব্লিউ পি)ৰ ডিচিএফ, হাইলাকান্দিৰ ডিএফঅ’ মনতাজ আলীক চিচিএফ (ইউ এ জেড)ৰ ডিচিএফ, ডিব্রুগড়ৰ ডিএফঅ’ প্রদীপ্ত বৰুৱাক মঙলদৈ বন্যপ্রাণীৰ ডিএফ’ হিচাপে বদলি কৰা হৈছে৷

আনহাতে, জেনেটক চেলৰ ডিএফঅ’ বিশ্বজিৎ ৰয়ক চিচিএফ (চিএচি)ৰ ডিচিএফ, গুৱাহাটী বন্যপ্রাণীৰ ডিএফ’ জয়ন্ত ডেকাক হাইলাকান্দিৰ ডিএফ’, লখিমপুৰৰ ডিএফ’ বাবুল চন্দ্র দাসক শিলচৰৰ চিচিএফ (এছএচি)ৰ ডিচিএফ, কামৰূপ পূবৰ ডিএফঅ’ ভাস্কৰ ডেকাক নগাঁৱৰ ডিএফঅ’, কৰিমগঞ্জৰ সামাজিক বনানীকৰণৰ ডিএফঅ’ ভানু সিন্হাক কচুগাঁৱৰ ডিএফঅ’, গোৱালপাৰাৰ ডিএফ’ খনীন্দ্র নাথ দাসক পিচিচিএফ (বন্যপ্রাণী)ৰ জ্যেষ্ঠ বন্যপ্রাণী ৱার্ডেন, উত্তৰ কামৰূপৰ ডিএফঅ’ দীপক চন্দ্র ডেকাক ধুবুৰীৰ ডিএফঅ’, চিভিকান টুৰিষ্ট শৈলেন দাসক জেনেটিক চেলৰ ডিএফঅ’, চিচিএফ (এনএজেড)ৰ ডিচিএফ পি চি সাউদক ডিব্রুগড় সামাজিক বনানীকৰণৰ ডিএফঅ’, মাজুলীৰ ডিএফঅ’ কে কে দেউৰীক তিনিচুকীয়া বন্যপ্রাণীৰ ডিএফঅ’, চিচিএফ (ইএচি)ৰ জয়ৰাম বৰুৱাক মাজুলীৰ ডিএফঅ’, ইউএএছএফচি নগাঁৱৰ চি এফ কার্যালয়ৰ ডিচিএফ দেৱেন চন্দ্র কলিতাক শিৱসাগৰৰ ডিএফঅ’, চিচিএফ (ইউ এ জেড)ৰ ডিচিএফ ৰোহিণী কুমাৰ দাসক ধেমাজিৰ ডিএফঅ’, চিএফ (এনএচি)ৰ ডিচিএফ ৰুবুল পাঠকক চিচিএফ (এনএচি)ৰ ডিচিএফ, গুৱাহাটীৰ সামাজিক বনানীকৰণৰ চিচিএফ কার্যালয়ৰ ডিচিএফ (পৰিকল্পনা) সুবোধ তালুকদাৰক বঙাইগাঁও আই ভেলীৰ ডিএফ’ হিচাপে বদলি কৰা হৈছে৷

সেইদৰে গুৱাহাটীৰ সামাজিক বনানীকৰণৰ চিচিএফ কার্যালয়ৰ ডিচিএফ (মনিটৰিং) নৃপেন নাৰায়ণ কলিতাক শোণিতপুৰ পশ্চিমৰ ডিএফঅ’, পিচিচিএফ বন্যপ্রাণী কার্যালয়ৰ ডিচিএফ (বলৱৎকাৰী) অশোক দেৱ চৌধুৰীক লখিমপুৰৰ ডিএফ’ চিচিএফ (এন এ জেড)ৰ ডিচিএফ, কনক বৈশ্যক বিশ্বনাথ বন্যপ্রাণীৰ ডিএফঅ’, চিচিএফ (এছএচি)ৰ ডিচিএফ অখিল দত্তক চিচিএফ (এনএজেড)ৰ ডিচিএফ, অখিল দত্তক চিচিএফ (এনএজেড)ৰ ডিচিএফ, বঙাইগাঁৱৰ এনএএছএফচিৰ চিএফৰ কার্যালয়ৰ ডিচিএফ ইউনুব চালিমক গোৱালপাৰাৰ সামাজিক বনানীকৰণৰ ডিএফঅ’, ধেমাজিৰ ডিএফঅ’ মতিউৰ ৰহমানক চিচিএফ (এনএজেড)ৰ কার্যালয়ৰ ডিচিএফ, নগাঁৱৰ ডিএফঅ’ বসন্তন বিক কৰিমগঞ্জৰ ডিএফঅ’ হিচাপে বদলি কৰা হৈছে৷ অনুৰূপ ধৰণে দিবাকৰ দেৱক চিলভিকানচাৰিষ্ট পদত নিযুক্তি দিয়াৰ লগতে অতিৰিক্তভাৱে চিচিএফ (আৰইডব্লিউপি)ৰ কার্যালয়ত ডিচিএফ (জিআইএছ)ৰ দায়িত্ব দিয়া হৈছে৷

You might also like