শুকুৰবাৰে ক’ভিড আক্রান্ত ১৬২১, মৃত ১৫
নিয়মীয়া বাৰ্তা ২৪ জুলাইঃ ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্রমণ৷ শুকুৰবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ১,৬২১জন লোক৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ১৮৮জন আক্রান্ত কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি গোলাঘাটৰ ১২৮জন, লখিমপুৰৰ ১১০জন আৰু ডিব্রুগড়ৰ ৯৬জন লোক ক’ভিডত আক্রান্ত হৈছে৷ বিগত ২৪ ঘণ্টাত মুঠ ১,৪৭,১৭৫টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ১.১০ শতাংশ৷
ইপিনে শুকুৰবাৰে ক’ভিডৰ পৰা সুস্থ হৈছে ১,৬২১জন লোক৷ সম্প্রতি চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ১৪,৫৯৫জন৷ শুকুৰবাৰে ক’ভিডত মৃত্যু ঘটিছে ১৫জন লোকৰ৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত সর্বাধিক ৩জন লোক গোলাঘাট জিলাৰ৷ তদুপৰি যোৰহাট–শিৱসাগৰৰ্ দুজনকৈ, বাক্সা–চৰাইদেউ–দৰং মহানগৰ–কৰিমগঞ্ এজনকৈ লোকৰ ক’ভিডত মৃত্যু হৈছে৷