নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিআৰ চুক্তি স্বাক্ষৰৰ দুবছৰ পূর্তিৰ পূর্বেই ৰূপায়ণ হ’ব সকলো দফা

নিয়মীয়া বাৰ্তা, ২৬ জুলাইঃ বি টি আৰ চুক্তি সম্পাদনৰ প্রথম বছৰটোতেই চুক্তিখনৰ বহুকেইটা গুৰুত্বপূর্ণ দফা ইতিমধ্যে ৰূপায়ণ কৰা হৈছে৷ চুক্তিখন স্বাক্ষৰৰ দুবছৰ পূর্ণ হোৱাৰ পূর্বেই চুক্তিখনৰ সকলো দফা ৰূপায়ণ কৰা হ’ব৷ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ 

দেওবাৰে সন্ধিয়া গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্রত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত তামুলপুৰ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন আৰু ‘প্রার্থনা’ আঁচনিৰ অধীনত ক’ভিডত মৃত্যুবৰণ কৰা ১০০গৰাকী লোকৰ নিকটাত্মীয়ক এক লাখ টকাকৈ প্রদান কৰা অনুষ্ঠানত ভাষণ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ১৯৬৭ চনৰ পৰাই পি টি চি এৰ নেতৃত্বত অসম বিভাজনৰ আন্দোলন চলি আহিছে৷

বিগত সময়ছোৱাত অসম আন্দোলনৰ দৰে সেই আন্দোলনেও ব্যাপক ৰূপ ধাৰণ কৰে৷ কিন্তু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ মার্গ দর্শনতেই বি টি আৰ চুক্তি সম্পাদন হয়৷ এই চুক্তিয়ে অসম বিভাজনৰ পৰিৱর্তে একত্রিত অসম গঢ়ি তোলাৰ দিশত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি ভাষা–সংস্কৃতি সংৰক্ষণেৰে উন্নয়নৰ এক নতুন বাট মুকলি কৰিছে৷ ইয়াৰ বাবে ৰাজ্যৰ ইতিহাসত প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহৰ নাম সোণালী আখৰেৰে লিখা থাকিব৷

বি টি আৰ চুক্তিৰ অন্যতম দফা তামুলপুৰ মেডিকেল কলেজৰ  আধাৰশিলা স্থাপনৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে ইতিমধ্যে তামুলপুৰক জিলা ঘোষণা কৰা হৈছে৷ মুছলপুৰ আৰু তামুলপুৰৰ মাজত পাগলাদিয়া নৈৰ ওপৰত এখন বিশাল দলং নির্মাণ কৰা হ’ব৷ স্বাস্থ্যখণ্ডৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ২০১৮ চনত গুৱাহাটীৰ ৰাজ্যিক কেঞ্চাৰ ইনষ্টিটিউটৰ কাম আৰম্ভ কৰা হৈছিল৷ আজি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে ইনষ্টিটিউটখনত নতুন ৰেডিয়েচন ব্লক মুকলি কৰাৰ লগতে অত্যাধুনিক তথা বিশ্বমানৰ ট্রু বীম লিনিয়াৰ এক্সেলেটৰ (লিনাক) যন্ত্রৰ সেৱাও শুভাৰম্ভ কৰে৷ ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু টাটা ট্রাষ্টে ৪৮৫ কোটি টকা ব্যয় সাপেক্ষে এই প্রতিষ্ঠানখনৰ কাম কৰি আছে৷ ইতিমধ্যে প্রতিষ্ঠানখনত পেট চিটিৰ ব্যৱস্থা আছে যদিও এমাহৰ ভিতৰত পেট এম আৰ আই ব্যৱস্থাও সংযোজিত হ’ব৷ এনে ব্যৱস্থা দেশৰ তিনিখন হাস্পতালতহে আছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ আশীর্বাদৰ বাবেই এয়া সম্ভৱ হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই ইয়াৰ বাবে মোদী আৰু শ্বাহক ধন্যবাদ জ্ঞাপন কৰে৷ সেইদৰে প্রতিখন জিলাতে একোখনকৈ মেডিকেল কলেজ স্থাপনৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই ভাষণত কয় যে স্বাধীনতাৰ ৬টা দশকৰ ভিতৰত অসমত মাত্র তিনিখন মেডিকেল কলেজ স্থাপন কৰা হৈছিল৷ কিন্তু বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰৰ কার্যকালত কেইবাখনো নতুন মেডিকেল কলেজ মুকলি কৰাৰ লগতে সর্বমুঠ ২৩খন মেডিকেল কলেজ নির্মাণৰ প্রক্রিয়া বিভিন্ন পর্যায়ত চলি আছে৷ লখিমপুৰ মেডিকেল কলেজখন এই বছৰতে মুকলি হ’ব৷ ক’ভিড যুঁজৰ প্রসংগ উনুকিয়াই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আই চি ইউৰ সংখ্যা ৭০ৰ পৰা বৃদ্ধি কৰি বর্তমান ৬০০খন হৈছে৷ সমগ্র অসমত ১,১০০ আই চি ইউ নির্মাণ কৰা হৈছে৷ ক’ভিড মহামাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে যুদ্ধ কৰিছে যদিও এতিয়ালৈ ৫,১১৪গৰাকী লোকে প্রাণ হেৰুৱাইছে৷ ইয়াৰ ভিতৰত ক’ভিডৰ বাবে অনাথ হৈ পৰা শিশুসকলক মুখ্যমন্ত্রীৰ শিশু সেৱা আঁচনিৰ জৰিয়তে ২২ বছৰ বয়সলৈ প্রতিমাহে ৩,৫০০ টকাকৈ বৃত্তি দিয়াৰ লগতে প্রায় ৮ লাখ টকাকৈ ফিক্সড ডিপ’জিট কৰা হৈছে৷ সেইদৰে ক’ভিডত স্বামীহাৰা হোৱা ৮৭৬গৰাকী মহিলাক আর্থিক অনুদান হিচাপে আঢ়ৈ লাখ টকাকৈ প্রদান কৰা হৈছে৷ একেদৰে ক’ভিডত আপোনজনক হেৰুওৱা নিকটাত্মীয় ১০০গৰাকী লোকক এক লাখ টকাকৈ আজি আর্থিক সাহায্য দিয়া হৈছে৷

ক’ভিড ভেকচিনৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই ভাষণত কয় যে সোমবাৰৰ ভিতৰত ৰাজ্যখনত মুঠ এক কোটি লোকক ভেকচিন প্রদান সম্পূর্ণ হৈ উঠিব৷ অহা আগষ্ট আৰু ছেপ্ঢেম্বৰ মাহত ৰাজ্যখনলৈ পর্যাপ্ত পৰিমাণে ভেকচিন আহিব বুলি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে তেওঁক শ্বিলঙত অৱগত কৰাৰ বিষয়েও উল্লেখ কৰে৷

ইপিনে কালিৰ সেই অনুষ্ঠানতে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ভূয়সী প্রশংসা কৰি কয় যে স্বাধীনতাৰ পাছত সুদীর্ঘ ৬০ বছৰত অসমত তিনিখন মেডিকেল কলেজ আছিল৷ কিন্তু ড০ শর্মাই ২০০৬ চনত প্রথমবাৰৰ বাবে ৰাজ্যৰ স্বাস্থ্যমন্ত্রীৰ দায়িত্ব লাভ কৰাৰ পাছতে ৰাজ্যখনত নতুন নতুন মেডিকেল কলেজ স্থাপন আৰম্ভ হয়৷ ৰাজ্যৰ স্বাস্থ্যমন্ত্রীৰ পৰা অসমৰ মুখ্যমন্ত্রীৰ দায়িত্ব লোৱালৈকে ড০ শর্মাৰ দিনতেই অসমত নতুন নতুন মেডিকেল কলেজ স্থাপনৰ প্রস্তাৱ আহে৷ ড০ শর্মাৰ নেতৃত্বত যোৱা ১৫টা বছৰত ৰাজ্যৰ স্বাস্থ্যখণ্ডত যুগান্তকাৰী পৰিৱর্তন আহিছে বুলি স্বাস্থ্যমন্ত্রী মহন্তই ভাষণত উল্লেখ কৰে৷ ক’ভিড যুঁজৰ প্রসংগ উল্লেখ কৰি স্বাস্থ্যমন্ত্রী মহন্তই কয় যে প্রধানমন্ত্রী মোদী, কেন্দ্রীয় গৃহমন্ত্রী শ্বাহৰ মার্গ দর্শনত যোৱা ডেৰ বছৰে অসমে ক’ভিডৰ বিৰুদ্ধে যুঁজি আহিছে৷ এই যুঁজত ড০ শর্মাই সমুখৰ পৰা নেতৃত্ব দিছে৷ যাৰ বাবে ক’ভিড যুঁজত দেশৰ ভিতৰতে অসমে যথেষ্টখিনি পৰিস্থিতি মোকাবিলা কৰিব পাৰিছে৷

You might also like