নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যিক কর্কট প্রতিষ্ঠানত ৰেডিয়েচন থেৰাপী ব্লক মুকলি

নিয়মীয়া বাৰ্তা, ২৬ জুলাইঃ দুদিনীয়া ভ্রমণসূচীৰে উত্তৰ–পূর্বাঞ্চললৈ অহা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ দেওবাৰে উপস্থিত হয় গুৱাহাটীত৷ শনিবাৰে নিশা শ্বিলঙত কটোৱাৰ পাছত দেওবাৰে বিয়লি এক বিশেষ বিমানযোগে গুৱাহাটীত অৱতৰণ কৰে কেন্দ্রীয় গৃহমন্ত্রীগৰাকী৷

লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰত উপস্থিত হোৱাৰ সময়ত তেওঁক আদৰণি জনায় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই৷ ইয়াৰ পাছতে বিমানবন্দৰৰ পৰা তেওঁ পোনে পোনে আহি উপস্থিত হয় কামাখ্যা দেৱালয়ত৷ ইয়াতে মা কামাখ্যাৰ আশিস গ্রহণ কৰে শ্বাহে৷ কামাখ্যা দর্শনৰ সময়ত গৃহমন্ত্রীগৰাকীক সংগ দিয়ে মুখ্যমন্ত্রী ড০ শর্মাই৷

কামাখ্যা দর্শনৰ পাছতে গৃহমন্ত্রীগৰাকী পোনে পোনে আহি উপস্থিত হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জি এম চি এইচ)ৰ ৰাজ্যিক কর্কট প্রতিষ্ঠানত৷ ইয়াতে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে প্রতিষ্ঠানখনৰ নতুনকৈ নির্মাণ কৰা ৰেডিয়েচন থেৰাপী ব্লক উদ্বোধন কৰে৷ তদুপৰি হাস্পতালখনৰ লিনিয়াৰ এক্সেলেটৰ মেচিনৰো উদ্বোধন কৰে গৃহমন্ত্রীগৰাকীয়ে৷ এই উদ্বোধনী অনুষ্ঠানত শ্বাহৰ লগতে উপস্থিত থাকে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত৷

উদ্বোধনী অনুষ্ঠানৰ অন্তত কর্কট প্রতিষ্ঠানখনৰ চিকিৎসকৰ সৈতে এক চমু বার্তালাপতো মিলিত হয় কেন্দ্রীয় গৃহমন্ত্রীগৰাকী৷ এই অনুষ্ঠানৰ অন্তত তেওঁ ৰাওনা হয় শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহলৈ৷ য’ত ক’ভিডত মৃত্যু হোৱা লোকসকলৰ আত্মীয়ক আর্থিক সাহায্য প্রদান কৰাৰ লগতে কেইবাখনো গুৰুত্বপূর্ণ আঁচনিৰ শুভাৰম্ভণি কৰে গৃহমন্ত্রী শ্বাহে৷

You might also like