নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমা বিবাদৰ শান্তিপূর্ণ সমাধানৰ নির্দেশ গৃহমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ২৭ জুলাইঃ কাছাৰ জিলাৰ ধলাই বিধানসভা সমষ্টিৰ অন্তর্গত লাইলাপুৰ সংলগ্ন আন্তঃৰাজ্যিক সীমান্তত সোমবাৰে উদ্ভৱ হোৱা অগ্নিগর্ভ পৰিস্থিতি সন্দর্ভত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগাৰ সৈতে টেলিফোনযোগে বার্তালাপ কৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ পৃথকে পৃথকে টেলিফোনযোগে বার্তালাপ কৰাৰ সময়ত কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে আন্তঃৰাজ্যিক সীমা বিবাদ শান্তিপূর্ণভাৱে সমাধান নিশ্চিতকৰণৰ বাবে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীদ্বয়ক নির্দেশ দিয়ে৷ সংবাদ প্রতিষ্ঠান পিটিআইৰ বাতৰি অনুসৰি সীমা সমস্যাৰ বিষয়টো বুজাবুজিৰে নিষ্পত্তি কৰাৰ কথা উল্লেখ কৰি অশান্তিৰ সৃষ্টি হোৱা সীমান্তত শান্তি বজাই ৰখাৰ পদক্ষেপ গ্রহণ কৰিবলৈ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগাক কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে আহ্বান জনায়৷

সীমা বিবাদ সৌহার্দ্যপূর্ণভাৱে সমাধান কৰাৰ লগতে শান্তি অক্ষুণ্ণ ৰখাৰ ক্ষেত্রত প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি কেন্দ্রীয় গৃহমন্ত্রী শ্বাহক দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে আশ্বাস দিয়ে৷ উল্লেখ্য যে  লাইলাপুৰ সীমান্তত উত্তেজনাৰ সূত্রপাত ঘটাৰ পাছতে টুইটাৰত এক ভিডিঅ’ সংলগ্ন কৰি এই বিষয়ত কেন্দ্রীয় গৃহমন্ত্রী শ্বাহৰ হস্তক্ষেপ বিচাৰিছিল মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগাই৷

ইয়াৰ প্রত্যুত্তৰত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগাক উদ্দেশ্যি কয় যে মিজোৰামৰ সাধাৰণ নাগৰিকসকলে হাতত কিয় লাঠী লৈছে আৰু হিংসাৰ সৃষ্টি কৰিব বিচাৰিছে, অনুগ্রহ কৰি আপুনি অনুসন্ধান কৰিবনে? আমি সাধাৰণ নাগৰিকসকলক আইন–শৃংখলা নিজৰ হাতত তুলি নল’বলৈ আৰু চৰকাৰৰ মাজত শান্তিপূর্ণভাৱে আলোচনা অনুষ্ঠিত কৰাৰ পৰিৱেশ গঢ়িবলৈ আহ্বান জনাইছো৷

ইয়াৰ পাছত মুখ্যমন্ত্রী ড০ শর্মাই এক ভিডিঅ’ সংলগ্ন কৰি পুনৰ টুইটাৰযোগে মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগাক উদ্দেশ্যি কয় যে ক’লাছিবৰ (মিজোৰাম) আৰক্ষী অধীক্ষকে আমাক আমাৰ তালাচী চকী উঠাই নিবলৈ কৈছে৷ উঠাই নিনিয়ালৈকে তেওঁলোকৰ সাধাৰণ নাগৰিকে কোনো কথাও নুশুনে, হিংসাও বন্ধ নকৰে৷ এনে পৰিস্থিতিত আমি কিদৰে চৰকাৰ চলাম? আশা ৰাখিছোঁ শীঘ্রে এইক্ষেত্রত আপুনি হস্তক্ষেপ কৰিব৷

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই দুয়োটা টুইট কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু প্রধানমন্ত্রীৰ কার্যালয়ৰ নামতো টেগ কৰিছিল৷ ইয়াৰ পৰৱর্তী সময়ত দুয়োজন মুখ্যমন্ত্রীয়ে কেইবাটাও টুইট কৰে৷ আনকি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগাৰ সৈতে কথা পতা বুলি সদৰী কৰি যদি প্রয়োজন হয় আলোচনাৰ বাবে আইজললৈ যোৱাৰো আগ্রহ ব্যক্ত কৰে৷

মন কৰিবলগীয়া যে সোমবাৰে বিয়লিৰ ভাগত লাইলাপুৰ সীমান্তত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে৷ দীর্ঘদিন ধৰি অসমৰ মাটিত আগ্রাসন অব্যাহত ৰখা মিজোৰামৰ আৰক্ষী আৰু মিজো দুর্বৃত্তৰ নির্বিচাৰ গুলীচালনাত সাধাৰণ লোকসহ অসম আৰক্ষীৰ কেইবাজনো জোৱান নিহত হোৱাৰ বিপৰীতে আহত হয় আন অর্ধশতাধিক৷ ইয়াক কেন্দ্র কৰি আন্তঃৰাজ্যিক সীমান্তত উত্তেজনা অব্যাহত থকাৰ সময়তে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে দিয়া উক্ত নির্দেশ যথেষ্ট গুৰুত্বপূর্ণ ৰূপে বিবেচিত হৈছে৷

You might also like