নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিৰ দিচৈ ভেলীৰ অসমৰ গাঁৱত নগা দুর্বৃত্তৰ গুলীচালনা

নিয়মীয়া বাৰ্তা, ২৭ জুলাইঃ অসমৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত অব্যাহত আছে নগা দুষ্কৃতিকাৰীৰ সন্ত্রাস৷ ইখনৰ পিছত সিখন পাহাৰ দখল কৰাৰ পিছত এইবাৰ অসমৰ পশুধনলৈ চকু দিছে নগা দুর্বৃত্তই৷ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত অসম আৰক্ষীয়ে টহল দি থকাৰ সময়তে সোমবাৰে দুপৰীয়া অসমৰ গাঁৱৰ পৰা নগা দুর্বৃত্তই গোধন গুলীয়াই হত্যা কৰি লৈ যোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

সমগ্র ঘটনাটোৱে ৰহস্যৰো সৃষ্টি কৰিছে৷ মৰিয়নি থানাৰ অন্তর্গত অসম–নাগালেণ্ড সীমান্তৱর্তী নিউ সোণোৱাল বনগাঁৱত সোমবাৰে এই ঘটনা সংঘটিত হয়৷ ঘটনাস্থলীৰ পৰা এটা গুলীৰ খোলা উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷ ঘটনা

সন্দর্ভত জানিব পৰা মতে, নিউ সোণোৱাল বনগাঁৱৰ চন্দ্র ছেত্রী নামৰ লোকজনৰ এটা প্রায় সাতমহীয়া গৰু পোৱালি ঘৰৰ পাছফালে চৰি থকা অৱস্থাত নগা দুর্বৃত্তই গুলীয়াই বধ কৰি লৈ যায়৷ গৰু পোৱালিটোৰ গৰাকীয়ে একেলগে চৰি থকা গাইগৰুটোৰ সন্ধান পায় যদিও পোৱালিটোৰ সন্ধান নাপালে৷ এগৰাকী প্রত্যক্ষদর্শীয়ে দুজন লোকে গৰু পোৱালিটো দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ মাজেৰে লৈ যোৱা দেখা পায় বুলি জানিব পৰা গৈছে৷

আনকি প্রত্যক্ষদর্শীজনে গৰু পোৱালিটো নিয়া দুজনীয়া দলটোত নগা চেহেৰাৰ এজন লোকৰ লগতে এজন আদিবাসী সম্প্রদায়ৰ লোক থকা বুলিও জানিবলৈ দিছে৷ ঘটনাক লৈ ভিন্ন প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ স্থানীয় একাংশ লোকৰ মতে, নগা দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰি গৰু পোৱালিটো লৈ গৈছে৷

ঘটনা সংঘটিত হোৱা স্থানৰ পৰা কিছু নিলগতে নিউ সোণোৱাল বি’পি অৱস্থিত৷ এফালে, বালিজান পাহাৰত অসম আৰক্ষীৰ শিবিৰো আছে৷ তেনেস্থলত দিন–দুপৰতে গুলী ফুটাই নগা দুষ্কৃতিকাৰীয়ে অসমৰ গৰু বধ কৰি লৈ যাবলৈ পালে কেনেকৈ? ইয়াৰ মাজতে ঘটনাস্থলীৰ পৰা কিছু আঁতৰত থকা এজন লোকে গুলীৰ শব্দ শুনা বুলিও জানিবলৈ দিয়ে৷ আৰক্ষীয়ে গুলীৰ শব্দ শুনা বুলি অৱগত কৰা লোকজনৰ সন্ধান অব্যাহত ৰাখিছে৷

আনহাতে, আন একাংশ স্থানীয় লোকৰ মতে, নগা দুষৃকতিকাৰীয়ে গৰু পোৱালিটো চুৰ কৰিহে লৈ গৈছে৷ গৰু চুৰিৰ ঘটনাক অন্য দিশে নিয়াৰ বাবে ইচ্ছাকৃতভাৱে গুলীৰ খোলাটো পেলাই থৈ যোৱাৰো সন্দেহ প্রকাশ কৰিছে৷ স্থানীয় ৰাইজে গুলীৰ শব্দ শুনাৰ কথা অস্বীকাৰ কৰিছে৷ এনে পৰিস্থিতিত সমগ্র ঘটনা অধিক ৰহস্যময় হৈ পৰিছে৷ মৰিয়নিৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে৷ আৰক্ষীৰ অনুসন্ধানৰ অন্ততহে সমগ্র ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷

মৰিয়নি থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া বিদ্যুৎ দত্তৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গৰু পোৱালিটো চুৰি কৰি নিয়া বুলি সন্দেহ কৰা পথেৰে দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ মাজেৰে কিছুদূৰ আগুৱাই সন্ধান কৰে যদিও কোনো তথ্য লাভ কৰা নাই৷ নগা দুষৃকতিকাৰীৰ এনে কার্যই স্বাভাৱিকতে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মৰিয়নি আৰক্ষীৰ সূত্রই সমগ্র ঘটনা সম্পর্কত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে৷ অসম–মিজোৰাম সীমামূৰীয়া অঞ্চলত মিজো দুর্বৃত্তৰ তাণ্ডৱৰ সময়তে শেহতীয়াকৈ মৰিয়নিৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ কাষৰ অসমৰ গাঁৱত নগা দুর্বৃত্তৰ সন্ত্রাসে সমগ্র অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

You might also like