নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলদৈত দেহ ব্যৱসায়ৰ ঘাটিত আৰক্ষীৰ অভিযানঃ ধৃত যুৱক–যুৱতী

নিয়মীয়া বাৰ্তা ২৭ জুলাইঃ মঙলদৈ কৰিমচ’কৰ কৰ বিভাগৰ কর্মচাৰীৰ দুমহলীয়া ঘৰত গঢ় লৈ উঠা দেহ ব্যৱসায়ৰ ঘাটিত সোমবাৰে পুৱাতে দৰং আৰক্ষীয়ে চলোৱা অভিযানত এহাল যুৱক–যুৱতী আটক হয়৷ মঙলদৈ থানাৰ নগৰীয়া শাখাৰ উপ–পৰিদর্শক ডাণ্টেজিৎ দেউৰীৰ নেতৃত্বত চলোৱা অভিযানত দুমহলীয়া ঘৰটোৰ ওপৰ মহলাত দুয়ো আটক হয়৷ লক্ষণীয় যে দীর্ঘদিন ধৰি কৰ বিভাগৰ কর্মচাৰীজনৰ গৃহত ভাৰাতীয়া হিচাবে আছিল পাথৰিঘাট বড়িচৌকাৰ জঞ্জিৰ আলী নামৰ যুৱকজনৰ পৰিয়াল৷ যুৱকজনে কোনো ধৰণৰ কর্মত জড়িত নাছিল যদিও পত্নী লেবৰেটৰী বিভাগৰ কর্মচাৰী হোৱাৰ সুবাদতে ঘৰটোত ভাৰা লৈ আছিল৷ কিন্তু বিগত কিছুদিন ধৰি সন্দেহজনক যুৱক–যুৱতীৰ আহ–যাহ প্রত্যক্ষ কৰি আৰক্ষীক স্থানীয় একাংশই অৱগত কৰে৷

সেই সূত্রে দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শর্মাৰ তৎপৰতাত আৰক্ষীয়ে অভিযান চলায়৷ এই অভিযানৰ সময়ত ভাৰাতীয়াৰূপী জঞ্জিৰ আলী উপস্থিত নাছিল যদিও দলগাঁৱৰ ৰহমানপুৰৰ এহাল যুৱক–যুৱতীক আটক কৰে৷ পিছত দুয়োৰে স্বাস্থ্য পৰীক্ষা কৰোৱা হয়৷ ইফালে মঙলদৈ থানাৰ ভাৰপ্রাপ্ত বিষয়া মস্কো শইকীয়াই বিষয়টো তদন্তক্রমেহে বিষয়টো স্পষ্ট কৰিব বুলি প্রকাশ কৰে৷

অৱশ্যে স্থানীয় ৰাইজৰ অভিযোগ যে সত্য সেয়া দলগাঁৱৰ যুৱক–যুৱতীহালে প্রমাণ কৰিছে৷ বিশেষ সূত্রই প্রকাশ কৰা অনুসৰি প্রতি ঘণ্টাত এহেজাৰ টকাৰ বিনিময়ত ভাৰাঘৰটো ভাৰালৈ দি অপকর্মৰ সুযোগ দিছিল জঞ্জিৰে৷ নিজ পত্নী, কন্যা থকাৰ পিছতো এনে অসামাজিক কামত প্রবৃত্ত হোৱাৰ মানসিকতাক সকলোৱে ধিক্কাৰ দিয়াৰ লগতে কৰ বিভাগৰ কর্মচাৰী তথা ঘৰটোৰ গৰাকী নুৰ আলীক এনে অসামাজিক চক্রক প্রশ্রয় দি পৰিৱেশ বিনষ্ট নকৰিবলৈ আহ্বান জনাইছে ৰাইজে৷

You might also like