নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম আৰক্ষীলৈ লাইট মেচিনগানেৰে গুলী মিজোৰ

নিয়মীয়া বাৰ্তা, ২৭ জুলাইঃ আগ্রাসী মিজো আৰক্ষী–দুর্বৃত্তই সোমবাৰে কাছাৰ জিলাৰ লাইলাপুৰ সংলগ্ণ সীমান্তত সংঘটিত কৰা আক্রমণৰ ঘটনাক লৈ উদ্বিগ্ন হৈ পৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ দিনৰ ভাগত মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগাই এটা ভিডিঅ’ সংলগ্ন কৰি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ হস্তক্ষেপ বিচৰাৰ পাছতে তাৎক্ষণিকভাৱে মুখ্যমন্ত্রী ড০ শর্মাই প্রতিক্রিয়া ব্যক্ত কৰে৷

টুইটাৰযোগে মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগাক উদ্দেশ্যি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মিজোৰামৰ সাধাৰণ নাগৰিকসকলে হাতত কিয় লাঠী লৈছে আৰু হিংসাৰ সৃষ্টি কৰিব বিচাৰিছে, অনুগ্রহ কৰি আপুনি অনুসন্ধান কৰিবনে? আমি সাধাৰণ নাগৰিকসকলক আইন–শৃংখলা নিজৰ হাতত তুলি নল’বলৈ আৰু চৰকাৰৰ মাজত শান্তিপূর্ণভাৱে আলোচনা অনুষ্ঠিত কৰাৰ পৰিৱেশ গঢ়িবলৈ আহ্বান জনাইছোঁ৷ ইয়াৰ পৰৱর্তী সময়ত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীদ্বয়ৰ মাজত টুইটাৰযোগে বিষয়টোক লৈ প্রতিক্রিয়া অব্যাহত থাকে৷

মুখ্যমন্ত্রী ড০ শর্মাই মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগাক উদ্দেশ্যি আন এটা টুইটত কয় যে ক’লাছিব (মিজোৰাম)ৰ আৰক্ষী অধীক্ষকে আমাক আমাৰ তালাচী চকী উঠাই নিবলৈ কৈছে৷ উঠাই নিনিয়ালৈকে মিজোৰামৰ সাধাৰণ নাগৰিকসকলে কোনো কথাও নুশুনে, হিংসাত্মক কার্যকলাপো বন্ধ নকৰে৷ এনে পৰিস্থিতিত আমি কিদৰে চৰকাৰ চলাব পাৰোঁ৷ আশা কৰিছোঁ, এইক্ষেত্রত আপুনি শীঘ্রে হস্তক্ষেপ কৰিব৷

মন কৰিবলগীয়া যে মুখ্যমন্ত্রী ড০ শর্মাই এই দুয়োটা টুইটে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু প্রধানমন্ত্রীৰ কার্যালয়ৰ নামত টেগ কৰিছিল৷ পৰৱর্তী সময়ত মুখ্যমন্ত্রী ড০ শর্মাই মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগাৰে বার্তালাপ কৰা বুলি জানিবলৈ দিয়ে৷ এই সম্পর্কত এক টুইটযোগে তেওঁ কয় যে অসমে ৰাজ্যৰ সীমান্তত স্থিতাৱস্থা আৰু শান্তি বর্তাই ৰাখিব৷ মই আইজল ভ্রমণ কৰাৰ বাবে আগ্রহ প্রকাশ কৰিছোঁ আৰু প্রয়োজন সাপেক্ষে এই বিষয়ত আলোচনাত বহিম৷ সোমবাৰে মিজোৰাম সীমান্তত অসম আৰক্ষীৰ ৬জনকৈ জোৱান নিহত হোৱা বুলিও টুইটযোগে মুখ্যমন্ত্রী ড০ শর্মাই সদৰী কৰে৷

নিশাৰ ভাগত টুইটাৰযোগে মুখ্যমন্ত্রী ড০ শর্মাই এক গুৰুত্বপূর্ণ তথ্য সদৰী কৰে৷ তেওঁ প্রকাশ কৰা অনুসৰি অসম আৰক্ষীৰ বিৰুদ্ধে মিজোৰাম আৰক্ষীয়ে লাইট মেচিনগান ব্যৱহাৰ কৰাৰ স্পষ্ট প্রমাণ পোৱা গৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাই ইয়াক দুখজনক আৰু দুর্ভাগ্যজনক আখ্যা দিয়ে৷

ইফালে, লক্ষীপুৰৰ বিধায়ক কৌশিক ৰয়ে সোমবাৰে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংবাদ মাধ্যমৰ আগত কয় যে অসমৰ মাটি ৰক্ষা কৰিবলৈ মুখ্যমন্ত্রীয়ে ইতিমধ্যে পুলিচ প্রশাসনক নির্দেশ দিছে৷ মুখ্যমন্ত্রীৰ স্পষ্ট নির্দেশ এইক্ষেত্রত অসম আৰক্ষীয়ে কঠোৰ সিদ্ধান্ত ল’ব পাৰিব৷ সেইদৰে মন্ত্রী পৰিমল শুক্লবৈদ্যয়ো সংবাদ মাধ্যমৰ আগত কেতবোৰ গুৰুত্বপূর্ণ মন্তব্য কৰিছে৷ যোৱা বছৰো মিজোৰাম সংলগ্ণ আন্তঃৰাজ্যিক সীমান্তত অনুৰূপ ঘটনা সংঘটিত হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এয়া মিজোৰামৰ বছৰেকীয়া উৎসৱৰ নিচিনা হৈছে৷ লাইলাপুৰত সকলোৱে গৈ ভালকৈয়ে আলোচনা কৰি আছিল৷ অসম পুলিচে শান্তিৰ বার্তা দিছিল৷ কিন্তু তেওঁলোকে আজি যি কাম কৰিলে সেয়া পৈশাচিক৷ আজি মিজোৰামে চূড়ান্ত সীমা অতিক্রম কৰিলে৷ ইয়াৰ পাছতো তেওঁলোকে ভুল কাম কৰা বুলি নকয়৷ অসম পুলিচৰ ভুলটো ক’ত সেয়া তেওঁলোকে কওক৷ আমি তেওঁলোকক মর্যাদা দিওঁ৷ আমি তেওঁলোকৰ মাটি দখল কৰিবলৈ যোৱা নাই৷ তেওঁলোকক যদি কিবা অন্যায় কৰা হৈছে, তেন্তে সেয়া মুখ্যমন্ত্রীক জনাব লাগিছিল৷

You might also like