অসমে ১ ইঞ্চি মাটিও এৰি নিদিয়েঃ মুখ্যমন্ত্ৰী ড০ শৰ্মা
নিয়মীয়া বাৰ্তা, ২৭ জুলাইঃ “মিজোৰামে অসমৰ মাটিত পথ নিৰ্মাণ কৰিছে। আগ্ৰাসনৰ দৃশ্য ছেটেলাইট ইমেজত ধৰা পৰিছে। এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব অসম চৰকাৰ। সীমা বিবাদক লৈ দাখিল কৰিব পিআইএল (PIL)। অসম প্ৰতিশোধ পৰায়ণ নহয়। অসমে মিজোৰামৰ বিৰুদ্ধে নকৰে কোনো ধৰণৰ অৰ্থনৈতিক অৱৰোধ। কিন্তু ১ ইঞ্চি মাটিও এৰি নিদিয়ে অসমে।”- লাইলাপুৰ সংলগ্ন আন্তঃৰাজ্যিক সীমান্তত সোমবাৰে উদ্ভৱ হোৱা অগ্নিগর্ভ পৰিস্থিতি সন্দর্ভত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সংবাদমেলযোগে এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
ইয়াৰোপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে-“কালিৰ ঘটনাটো অতি দুৰ্ভাগ্যজনক। কিন্তু এটা কথা অসমৰ ৰাইজক জনাও যে নতুনকৈ ১ ইঞ্চি মাটিও কোনেও ল’ব পৰা নাই। আমি সম্পূৰ্ণভাৱে সুৰক্ষিত হৈ আছো। এটা কথা স্পষ্ট যে অসমে যিকোনো মূল্যৰ বিনিময়ত অসমৰ মাটি সুৰক্ষিত কৰিব।”
আনহাতে এই সংবাদমেলতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই অসম-মিজোৰাম সীমান্তত যিমান অসম আৰক্ষীৰ জোৱানে কৰ্তব্যত নিয়োজিত হৈ আছে, তেওঁলোকক এমাহৰ অতিৰিক্ত দৰমহা প্ৰদান কৰাৰ কথা ঘোষণা কৰে। লগতে নতুনকৈ চৰকাৰে যি বেটেলিয়ন নিযুক্ত কৰিব তাৰে ৩ টা কামাণ্ডো বেটেলিয়ন- এটা কৰিমগঞ্জ, হাইলাকান্দি আৰু শিলচৰত অসম-মিজো সীমান্তত মোতায়েন কৰা হ’ব বুলিও স্পষ্টকৈ উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।